ETV Bharat / international

US President Joe Biden : বাইডেনৰ কুকুৰে কামুৰিলে ছিক্ৰেট ছাৰ্ভিচ এজেণ্টক

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 2:00 PM IST

ৰাষ্ট্ৰপতি বাইডেনৰ দুবছৰীয়া জাৰ্মান শ্বেফৰ্ড কমাণ্ডাৰে হোৱাইট হাউছত উপস্থিত হৈ আন এজন ছিক্ৰেট ছাৰ্ভিচ এজেণ্টক কামোৰে । ইয়াকে লৈ বাইডেনৰ পোহনীয়া কুকুৰটোৱে এতিয়ালৈকে ১১ জন লোকক কামোৰা বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ ।

বাইডেনৰ কুকুৰে কামুৰিলে ছিক্ৰেট ছাৰ্ভিচ এজেণ্টক
US President Joe Biden

ইণ্টাৰনেচনেল ডেস্ক, ২৭ ছেপ্টেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দুবছৰীয়া জাৰ্মান শ্বেফৰ্ড কমাণ্ডাৰে হোৱাইট হাউছত আন এজন ছিক্ৰেট ছাৰ্ভিচ এজেণ্টক কামোৰে । এইটো হৈছে বাইডেনৰ পোহনীয়া কুকুৰটোৱে কামোৰা ১১ নম্বৰ জ্ঞাত ঘটনা । সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্ৰকাশ ।

"সোমবাৰে নিশা প্ৰায় ৮ বজাত এজন ছিক্ৰেট ছাৰ্ভিচ ইউনিফৰ্মড ডিভিজন আৰক্ষী বিষয়া এজন আমেৰিকাৰ প্ৰথম পৰিয়ালটোৰ পোহনীয়া কুকৰটোৰ সংস্পৰ্শলৈ আহে আৰু কুকুৰটোৱে তেওঁক কামোৰে । বিষয়াজনক চিকিৎসা কৰ্মীসকলে কমপ্লেক্সতে চিকিৎসা প্ৰদান কৰে ।" আমেৰিকাৰ যোগাযোগ প্ৰধান এণ্টনি গুগ্লিয়েলমীয়ে মঙলবাৰে চিএনএনৰ আগত কয় ।

আনহাতে, আঘাতপ্ৰাপ্ত বিষয়াজনে মঙলবাৰে ছিক্ৰেট ছাৰ্ভিচ ইউনিফৰ্মড ডিভিজনৰ মুৰব্বী আলফনছ' এম ডাইচন ছিনিয়ৰৰ সৈতে এই বিষয়ে কথা পাতে আৰু তেওঁ ঠিকে থকা বুলি কয় । গুগ্লিএলমীয়ে লগতে এই কথা জনাইছে । চিএনএনৰ মতে, কমাণ্ডাৰ হোৱাইট হাউছ আৰু ডেলাৱেৰত কমেও ১১ টা কামোৰাৰ ঘটনাত জড়িত হৈ আছে । ইয়াৰে ভিতৰত ২০২২ চনৰ নৱেম্বৰ মাহৰ এটা ঘটনাত ৰাষ্ট্ৰপতিৰ নুমলীয়া কুকুৰটোৱে এজন বিষয়াৰ বাহু আৰু উৰুত কামোৰাৰ ফলত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

আনহাতে, বিগত জুলাই মাহত হোৱাইট হাউছৰ বিষয়াসকলে কৈছিল যে এই ঘটনাবোৰৰ পিছত বাইডেন পৰিয়ালে তেওঁলোকৰ পোহনীয়া কুকুৰৰ বাবে নতুন প্ৰশিক্ষণ আৰু ৰক্ষণাবেক্ষণ প্ৰটোকলৰ কাম কৰি আছে । আমেৰিকান ফাৰ্ষ্ট লেডীৰ যোগাযোগ সঞ্চালক এলিজাবেথ আলেকজেণ্ডাৰে চিএনএনক নতুন প্ৰশিক্ষণ লোৱা হৈছে নে পৰৱৰ্তী কোনো পদক্ষেপ গ্ৰহণ কৰা হ'ব নেকি বুলি সোধাত কয়, "দেশৰ প্ৰথম পৰিয়ালটোৱে কমাণ্ডাৰক হোৱাইট হাউছৰ খেলপথাৰত প্ৰায়ে প্ৰদৰ্শন কৰা অপ্ৰত্যাশিত প্ৰকৃতিৰ পৰা ৰক্ষা কৰাত সহায় কৰাৰ বাবে উপায় উদ্ভাৱনৰ ওপৰত কাম কৰি আছে ।"

উল্লেখ্য যে বাইডেনৰ আন এটা কুকুৰ মেজৰো হোৱাইট হাউছত কামোৰাৰ ঘটনাত জড়িত আছিল । পিছত জাৰ্মান শ্বেফৰ্ডক হোৱাইট হাউছৰ পৰা আঁতৰাই নিয়া হয় আৰু ২০২১ চনত তাৰ ঠাইত কমাণ্ডাৰ উপস্থিত হয় ।

লগতে পঢ়ক :EAM Jaishankar on Nijjar’s killing: মই দ্য ফাইভ আইজৰ অংশ নহয়; এছ জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.