ETV Bharat / international

US-China relationship : ভৱিষ্যতৰ দিক নিৰ্ণায়ক হ'ব ছান ফ্ৰান্সিস্কোৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:04 PM IST

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানৰ মতে আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্কক জটিল আৰু প্ৰতিযোগিতামূলক । যি ভালদৰে পৰিচালনা নহ'লে সহজে সংঘৰ্ষৰ ৰূপ ল'ব পাৰে । বুধবাৰে ছান ফ্ৰান্সিস্কোত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু চীনা ৰাষ্ট্ৰপতিৰ বহু প্ৰত্যাশিত বৈঠক ।

US-China relationship
ভৱিষ্যতৰ দিক নিৰ্ণায়ক হ'ব ছান ফ্ৰান্সিস্কোৰ বৈঠক

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ নৱেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত বহু প্ৰত্যাশিত বৈঠক বুধবাৰে অনুষ্ঠিত হ'ব । হোৱাইট হাউচে জনোৱা মতে দুয়োগৰাকী নেতা ছান ফ্ৰান্সিস্কোত মিলিত হোৱাৰ কথা আছে । তাৰ প্ৰাকক্ষণত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে অনুমান কৰিছে যে এই বৈঠক সুচাৰুৰূপে অনুষ্ঠিত নহ'লে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা থাকিব ।

ছুলিভানে সোমবাৰে কয় যে এই বৈঠকৰ সময়ত টাইৱানৰ যুদ্ধৰ শান্তি আৰু স্থিৰতা স্থাপনৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হাতত পৰ্যাপ্ত সুযোগ থাকিব । তীব্ৰ কূটনীতিৰ জৰিয়তে আমেৰিকাই সেইবোৰ পৰিচালনা কৰিব বুলিও উপদেষ্টাগৰাকীয়ে উল্লেখ কৰে ।

উপদেষ্টাগৰাকীৰ মতে আমেৰিকানসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশাসন দায়ৱদ্ধ । সেয়ে আমেৰিকা প্ৰশাসনে এই বৈঠকখনক লৈ ইতিবাচক ফলাফলৰ আশা কৰিছে । ছুলিভানে আশা কৰা মতে আন বিষয়বোৰৰ ক্ষেত্ৰতো অধিক সহযোগিতাৰ দুৱাৰ মুকলি হ'ব পাৰে ।

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে কয় যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এয়া এটা জটিল আৰু প্ৰতিযোগিতামূলক সম্পৰ্ক যি ভালদৰে পৰিচালনা নকৰিলে সহজে সংঘৰ্ষত পৰিণত হ'ব পাৰে । সেয়ে দুয়োখন দেশৰ সম্পৰ্কটো কাৰ্যকৰীভাৱে পৰিচালনা কৰাটো ৰাষ্ট্ৰপতি আৰু তেওঁৰ হৈ কাম কৰা সকলোৰে একমাত্ৰ গুৰুত্বপূৰ্ণ দায়িত্ব ।

তেওঁ কয় যে আমেৰিকা আৰু চীনে দুয়োখন দেশে সন্মুখীন হোৱা সকলো গুৰুত্বপূৰ্ণ বিষয়ত পোনপটীয়াকৈ কথা পাতিবলৈ সক্ষম হ'ব লাগিব । তাৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইন সংকটৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ো অন্তৰ্ভুক্ত আছে । ইতিমধ্যে ৰাষ্ট্ৰপতি বিডেনে ৰাষ্ট্ৰপতি ঝিৰ সৈতে ইউক্ৰেইনৰ যুদ্ধত ৰাছিয়াক সামৰিক সমৰ্থনৰ প্ৰশ্নটোৰ বিষয়েও কেইবাটাও পৰ্যায়ত বাৰ্তালাপ কৰিছে । ছান ফ্ৰান্সিস্কো বৈঠকখনত দুয়োপক্ষই আমেৰিকা-চীন দ্বিপাক্ষিক সম্পৰ্কৰ কিছুমান মৌলিক উপাদানৰ বিষয়ে আলোচনা কৰিব । তাৰ ভিতৰত আছে যোগাযোগ ব্যৱস্থা ।

ছুলিভানে উল্লেখ কৰা মতে শেহতীয়া মাহবোৰত তেওঁ চীনৰ বৈদেশিক মন্ত্ৰী আৰু চিচিপি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আয়োগৰ পিআৰচি সঞ্চালক ৱাং য়িক ৩ বাৰ সাক্ষাৎ কৰিছে আৰু আমেৰিকাৰ ৰাজ্যিক, কোষাগাৰ আৰু বাণিজ্যৰ শীৰ্ষ সচিবসকলো বেইজিঙলৈ গৈছে ।

লগতে পঢ়ক :India UK FTA: ব্ৰিটেইন ভ্ৰমণক লৈ আশাবাদী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.