ETV Bharat / bharat

India UK FTA: ব্ৰিটেইন ভ্ৰমণক লৈ আশাবাদী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 8:13 AM IST

ব্ৰিটেইন ভ্ৰমণলৈ অহা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ব্ৰিটেইনত থকা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক নতুন ভাৰতৰ কাহিনী প্ৰচাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে মুক্ত বাণিজ্য চুক্তিৰ বাবে ব্ৰিটেইনৰ সৈতে হোৱা আলোচনাত নতুন দিল্লীয়ে “লেণ্ডিং পইণ্ট” বিচাৰি উলিয়াবলৈ আশাবাদী ৷

India UK FTA
ব্ৰিটেইন ভ্ৰমণক লৈ আশাবাদী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 নৱেম্বৰ: বৰ্তমান ব্ৰিটেইন ভ্ৰমণত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কৰ কেন্দ্ৰবিন্দু হৈছে মুক্ত বাণিজ্য চুক্তি (FTA) আৰু নতুন দিল্লীয়ে দুয়োপক্ষৰ বাবে কাম কৰা আলোচনাত “লেণ্ডিং পইণ্ট” বিচাৰি পোৱাৰ বাবে আশাবাদী । সোমবাৰে লণ্ডনৰ সংসদ সদনৰ সমীপৰ ৱেষ্টমিনিষ্টাৰ হলত ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত আয়োজিত বিশেষ দীপাৱলী অভ্যৰ্থনা অনুষ্ঠানত ভাষণ দি তেওঁ দ্বিপাক্ষিক সম্পৰ্কক বিশ্বৰ বাবে এক ‘ইতিবাচক শক্তি’ বুলি অভিহিত কৰে ।

  • Addressed the Indian Community at the Diwali reception in London.

    Spoke about the new momentum in India-UK relations. The living bridge makes a powerful contribution in this regard.

    Also shared the transformation underway in our country. Explained how a New India is coming… pic.twitter.com/r9bBm1dwfJ

    — Dr. S. Jaishankar (@DrSJaishankar) November 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

জয়শংকৰে ভাৰতত চলি থকা প্ৰযুক্তিগত উন্নতি আৰু আৰ্থ-সামাজিক বিকাশৰ দ্ৰুত গতি সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি ব্ৰিটেইনস্থিত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক নতুন ভাৰতৰ কাহিনী বিয়পাবলৈ আহ্বান জনায় । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, "আজি এজেণ্ডা 2030 বাস্তৱায়িত কৰিবলৈ আমি যিটোক আনুষ্ঠানিকভাৱে এনহান্সড ট্ৰেড পাৰ্টনাৰশ্বিপ বুলি উল্লেখ কৰিছো সাধাৰণ ভাষাত ইয়াক এফ টি এ বা মুক্ত বাণিজ্য চুক্তি বুলি কোৱা হয় । ভাৰতীয় আৰু ব্ৰিটিছ ব্যৱস্থাই এই সন্দৰ্ভত কি আলোচনা কৰি আছে সেয়াই হ’ল ইয়াৰ মুখ্য কেন্দ্ৰবিন্দু ।"

তেওঁ লগতে কয় যে ভাৰত আৰু ব্ৰিটেইনৰ ইতিহাস দীঘলীয়া হোৱাৰ লগতে অতি জটিল ৷ এই ইতিহাসক ইতিবাচক শক্তি হিচাপে গঢ়ি তোলাৰ বাবেই এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি কয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৷ জয়শংকৰে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লক্ষ্যৰে পাঁচদিনীয়া ভ্ৰমণসূচীৰে ব্ৰিটেইনত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।

ভাৰত-ব্ৰিটেইনৰ বিস্তৃত কৌশলগত অংশীদাৰিত্ব 2021 চনত আৰম্ভ কৰা হৈছিল ৷ ইয়াৰ ৰোডমেপ 2030 ৰ ভিতৰত একাধিক ক্ষেত্ৰত সম্প্ৰসাৰণ কৰিব বিচৰা হৈছে । ভাৰত আৰু ব্ৰিটেইনে যোৱা বছৰৰ জানুৱাৰী মাহৰ পৰা মুক্ত বাণিজ্য চুক্তিৰ আলোচনাত মিলিত হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে আনুমানিক 36 বিলিয়ন পাউণ্ডৰ দ্বিপাক্ষিক বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধি কৰা ।

দুয়োখন দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেওবাৰে দীপাৱলীৰ দিনটোতেই বিষয়টো সন্দৰ্ভত 13 ৰাউণ্ডৰ আলোচনা চলিছে ।

লগতে পঢ়ক: Jail ’extortion’ : হাইপ্ৰফাইল কয়দীৰ পৰা ধন দাবীৰ অভিযোগ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.