ETV Bharat / international

Russia Cyprus relationship : নিৰাপত্তাজনিত কাৰণত ৰাছিয়ান সাংবাদিকক গ্ৰেপ্তাৰ ; চাইপ্ৰাছক ক্ষমা খুজিবলৈ দাবী ৰাছিয়াৰ

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 12:31 PM IST

Russia Cyprus relationship
নিৰাপত্তাজনিত কাৰণত ৰাছিয়ান সাংবাদিকক গ্ৰেপ্তাৰ কৰা চাইপ্ৰাছক ক্ষমা খোজাৰ দাবী ৰাছিয়াৰ

চাইপ্ৰাছ কৰ্তৃপক্ষই নিৰাপত্তাজনিত কাৰণত গ্ৰেপ্তাৰ কৰিছে ৰাছিয়াৰ এগৰাকী সাংবাদিকক ৷ এই সন্দৰ্ভত চাইপ্ৰাছ চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে ৰাছিয়াই ক্ষমা বিচাৰে বুলি চাইপ্ৰাছ কৰ্তৃপক্ষই জনায় ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 অক্টোবৰ: মধ্য প্ৰাচ্যৰ অন্যতম এখন বৃহৎ দেশ চাইপ্ৰাছে নিৰাপত্তাজনিত কাৰণত ৰাছিয়ান সাংবাদিকক গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত, ৰাছিয়ান চৰকাৰে চাইপ্ৰাছ চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰিছে বুলি শুকুৰবাৰে চাইপ্ৰাছ কৰ্তৃপক্ষই সদৰী কৰিছে ৷ চাইপ্ৰাছৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক চিৱাইবিচিয়ে কূটনৈতিক সূত্ৰৰ উদ্ধৃতি দি কয় যে ৰাছিয়াৰ সাংবাদিকজনক তেওঁৰ বাসস্থানৰ অনুমতি প্ৰত্যাহাৰ কৰাৰ পিছত বিতাড়িত কৰা হ'ব।

বৃহস্পতিবাৰে গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে অত্যধিক শক্তি প্ৰয়োগ কৰা বুলি ৰাছিয়াই তোলা অভিযোগকো চাইপ্ৰাছৰ কৰ্তৃপক্ষই খাৰিজ কৰি কয় যে সাংবাদিকগৰাকীয়ে আৰক্ষী বিষয়াক প্ৰতিহত কৰিছিল বুলি সম্প্ৰচাৰকটোৱে জনায় । চাইপ্ৰাছৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ থিওডৰ’ছ গটচিছে CyBC ক জনোৱা মতে, এই বিষয়টো সম্ভৱপৰ ভাল পদ্ধতিৰে সমাধানৰ বাবে চাইপ্ৰাছ কৰ্তৃপক্ষই ৰাছিয়া চৰকাৰৰ সৈতে যোগাযোগত আছে ।

বুজা গৈছে যে চাইপ্ৰাছ ৰিপাব্লিকে ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সকলো সিদ্ধান্ত কাৰ্যকৰী কৰিছে বুলি গটছিছৰ উদ্ধৃতিৰে কোৱা হৈছে । ৰাছিয়াৰ সংবাদ সংস্থা ৰিয়া ন’ভষ্টীয়ে সাংবাদিকগৰাকীক ৰছিছকায়া গাজেটা কাকতৰ আলেকজেণ্ডাৰ গাছ্যুক বুলি চিনাক্ত কৰিছে । ইতিমধ্যে তেওঁ উৰাজাহাজেৰে ৰাছিয়ালৈ উভতি যোৱাৰ খবৰ পোৱা গৈছে ।

সংস্থাটোৱে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ৰ এক বিবৃতিৰ উদ্ধৃতি দি কয় যে গ্ৰেপ্তাৰৰ সময়ত গাছ্যুকৰ হাতত আঘাত পোৱাৰ লগতে সেই স্থানত থকা আন এজন ৰাছিয়ান কূটনীতিবিদো আহত হয় । ইয়াত লগতে কোৱা হৈছে যে ৰাছিয়াই চাইপ্ৰ’ছ কৰ্তৃপক্ষৰ পৰা আনুষ্ঠানিক ক্ষমা বিচৰাৰ বাবে অপেক্ষা কৰি আছে ।

চাইপ্ৰ’ছৰ ৰাজধানী নিকোছিয়াত ৰাছিয়াৰ দূতাবাসৰ অনুৰোধক আওকাণ কৰা আৰু গাছ্যুক আৰু তেওঁৰ পৰিয়ালৰ ওপৰত মানসিক চাপ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । যোৱা বছৰ মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত চাইপ্ৰ’ছ চৰকাৰে দ্বীপ ৰাষ্ট্ৰখনৰ বন্দৰসমূহত ৰাছিয়াৰ নৌসেনাৰ জাহাজ প্ৰৱেশৰ পৰা বঞ্চিত কৰাৰ পিছত পৰম্পৰাগতভাৱে ঘনিষ্ঠ চাইপ্ৰ’ছ-ৰাছিয়াৰ সম্পৰ্কৰ অৱনতি ঘটিছিল । ইউৰোপীয় সংঘৰ সদস্য চাইপ্ৰাছে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ ফলত দ্বীপটোৱে 8 লাখৰো অধিক ৰাছিয়ান পৰ্যটক হেৰুৱাইছে ।

লগতে পঢ়ক: Suicide attempt inside jail: কাৰাগাৰত লোহাৰ তাঁৰ গিলি আত্মহত্যাৰ চেষ্টা কেন্দ্ৰীয় মন্ত্ৰীক ধন দাবী কৰা অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.