Imran Khan case hearing: আদালতলৈ যোৱাৰ সময়তে ইমৰান খানৰ বাসগৃহত আৰক্ষীৰ অভিযান

author img

By

Published : Mar 18, 2023, 7:41 PM IST

Imran Khan case hearing

শনিবাৰে আদালতত হাজিৰ হ’ল পাকিস্তানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইমৰান খান ৷ ‘তোশাখানা গোচৰ’ৰ শুনানিৰ বাবে লাহোৰ উচ্চ ন্যায়ালয়ত হাজিৰ হয় ইমৰান খান (Imran Khan case hearing) ৷ আদালতলৈ যোৱাৰ সময়তে ইমৰান খানৰ বাসগৃহত আৰক্ষীয়ে চলাই অভিযান ৷

নেশ্যনেল ডেস্ক, 18 মাৰ্চ: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বাসগৃহত আৰক্ষীৰ অভিযান ৷ ইমাৰন খানে লাহোৰ উচ্চ ন্যায়ালয়ত ‘তোশাখানা গোচৰ’ৰ (Toshakhana Case) শুনানিৰ বাবে হাজিৰ হ’বলৈ যোৱাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই ইমৰান খানৰ জামান পাৰ্কস্থিত বাসগৃহত ৷ এক টুইযোগে খোদ ইমৰানখানে সদৰী কৰিছে এই কথা (Toshakhana Case hearing) ৷

ইমৰান খানে টুইটোত লগতে কয়, ‘‘কি আইনৰ অধীনত আৰক্ষীয়ে মোৰ গৃহত অভিযান চলাইছে ৷ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ ওপৰত কৰা আক্ৰমণ আছিল ‘লণ্ডন পৰিকল্পনা’ৰ অংশ ৷ যাৰ জৰিয়তে নৱাজ শ্বৰীফক পুনৰ ক্ষমতালৈ অনাৰ পৰিকল্পনা কৰা হৈছিল ৷ ’’

  • Meanwhile Punjab police have led an assault on my house in Zaman Park where Bushra Begum is alone. Under what law are they doing this? This is part of London Plan where commitments were made to bring absconder Nawaz Sharif to power as quid pro quo for agreeing to one appointment.

    — Imran Khan (@ImranKhanPTI) March 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, শুনানিৰ বাবে যোৱৰ সময়তে ইমৰান খানৰ এখন নিৰাপত্তাৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত হয় ৷ অৱশ্যে আদালতে কি শুনানি প্ৰদান কৰিব সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, আদালতে ইমৰান খানক এসপ্তাহৰ বাবে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰি থৈছে ৷

আন এক টুইটত ইমৰান খানে কয়, ‘‘এতিয়া এইটো স্পষ্ট হৈ পৰিছে যে, মোৰ সকলো গোচৰত মই জামিন লাভ কৰা স্বত্বেও চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে ৷ তেওঁলোকৰ অভিসন্ধিৰ কথা জনাৰ পাচতো মই আদালতত হাজিৰ হ’বলৈ গৈছোঁ, কাৰণ মই আইনৰ শাসনত বিশ্বাস কৰোঁ ৷ মোৰ বিৰুদ্ধে থকা সকলো কুঅভিপ্ৰায় সকলোৰে বাবে স্পষ্ট হ'ব লাগে ৷’’

  • It is also obvious now that the entire siege of Lahore was not about ensuring I appear before the court in a case but was intended to take me away to prison so that I am unable to lead our election campaign.

    — Imran Khan (@ImranKhanPTI) March 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পাকিস্তানৰ পৰৱৰ্তী নিৰ্বাচনৰ প্ৰচাৰ অভিযানত যাতে তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰে তাৰবাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰে ইমৰান খানে ৷ ইফালে, আদালতলৈ যোৱাৰ সময়ত ইমৰান খানৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা (Lahore High Court) ৷

উল্লেখ কৰা প্ৰয়োজন যে, বিগত সপ্তাহত ইছলামাবাদক এখন সত্ৰ আদালতে এগৰাকী মহিলা ন্যায়াধীশক ভাবুকি দিয়াৰ বাবে ইমৰান খানৰ বিৰুদ্ধে জাৰি কৰিছিল জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা (Arrest warrant to Imran Khan) ৷ সেয়া যি কি নহওক, ইমৰান খান গ্ৰেপ্তাৰ হ’ব নে নহয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব ৷

লগতে পঢ়ক: Encounter in Pulwama: জম্মু-কাশ্মীৰৰ পুলৱামাত এনকাউণ্টাৰৰ ঘটনা, এজন সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.