ETV Bharat / international

Pakistan election: কৰ ফাঁকি দিয়া জনতাৰ বাবে পাকিস্তান চৰকাৰে বৃদ্ধি কৰিব 20 ৰ পৰা 22 % কৰ

author img

By ANI

Published : Sep 8, 2023, 8:49 AM IST

2024 চনৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’ব পাৰে পাকিস্তানৰ সাধাৰণ নিৰ্বাচন ৷ কৰ ফাঁকি দিয়াসকলৰ বাবে কৰ বৃদ্ধিৰ দৰে পৰিকল্পনা পাকিস্তানৰ তত্ত্বাৱধায়ক চৰকাৰৰ ৷ বিদ্যুতৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ব্যক্তিগতকৰণৰ সিদ্ধান্ত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকাৰ চৰকাৰৰ ৷

Caretaker Prime Minister Anwaar-ul-Haq Kakar
পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 8 ছেপ্টেম্বৰ: পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকাৰে কয় যে, 2024 চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ পূৰ্বে দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে । স্থানীয় এক সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অৱশ্যে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, নিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণ কৰাটো পাকিস্তানৰ নিৰ্বাচন আয়োগৰ বিশেষাধিকাৰ । তেওঁ কয় যে, তেওঁলোকে তাৰিখৰ বাবে অপেক্ষা কৰি আছে যাতে তেওঁলোকে দেশত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰে ।

আগন্তুক নিৰ্বাচন সন্দৰ্ভত যদি উচ্চতম ন্যায়ালয়ে আদেশ জাৰি কৰে তেন্তে অন্তৱৰ্তীকালীন চৰকাৰেও সেই নিৰ্দেশ মানি চলিব বুলিও তেওঁ লগতে কয় । এই সন্দৰ্ভত তেওঁ কয়, "উচ্চতম ন্যায়ালয়ে জাৰি কৰা ৰায় চৰকাৰে কাৰ্যকৰী কৰাটো বাধ্যতামূলক ।" অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ আগন্তুক সাধাৰণ নিৰ্বাচনৰ সময়ত সকলো ৰাজনৈতিক দলকে প্ৰচাৰ চলাবলৈ সমান অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি পূৰণ কৰি কয়, "সকলোকে ৰাজহুৱা সভা আৰু ৰেলী অনুষ্ঠিত কৰিবলৈ দিয়া হ’ব ।"

ইয়াৰোপৰি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে 9 মে’ৰ সংঘৰ্ষৰ সৈতে জড়িতসকলক তেওঁ সন্ত্ৰাসবাদী বুলি গণ্য নকৰে । এই সন্দৰ্ভত তেওঁ কয়, “9 মে’ ৰ ঘটনাৰ সৈতে জড়িত তথা আইন উলংঘা কৰাসকলক আইনী শাস্তি বিহিব লাগে ।” প্ৰধানমন্ত্ৰীগৰাকীয়ে দল হিচাপে পিটিআইৰ বিৰোধী নহয় বুলি স্পষ্ট কৰি কয় যে, ৰাজ্যিক প্ৰতিষ্ঠানত আক্ৰমণ কৰি ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰাসকলৰ তেওঁ বিৰোধী ।

আন এক প্ৰশ্নৰ উত্তৰত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে দেশৰ অৰ্থনীতিক সঠিক দিশৰে লৈ যাবলৈ বিচাৰে যাতে পৰৱৰ্তী সময়ত নিৰ্বাচিত চৰকাৰে ইয়াক আগুৱাই নিব পাৰে । কৃষি, খনিজ আৰু আই টি খণ্ডই 25-50 বিলিয়ন ডলাৰৰ বিদেশী বিনিয়োগ আনিব পাৰে বুলি তেওঁ আশা প্ৰকাশ কৰি কয় যে ইউ এ ই, চৌদি আৰব আৰু কাটাৰে ৰেকো ডিক আৰু অন্যান্য খণ্ডৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছে ।

আকাশলংঘী মুদ্ৰাস্ফীতিৰ অব্যাহত থকাৰ সময়তে বিদ্যুৎ গ্ৰাহকক সকাহ দিয়াৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে আই এম এফে দৰিদ্ৰ বিদ্যুৎ গ্ৰাহকৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা ৰাজসাহায্যৰ বিৰোধিতা কৰা নাছিল । “বিদ্যুৎ চুৰিৰ বোজা সেইসকলে ব’বলগীয়া হয় যিসকলে সৎ আৰু নিয়মীয়াকৈ বিল পৰিশোধ কৰি আছে ।” তেওঁ ঘোষণা কৰে যে, এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰাক্তন ৱাপডা বিতৰণ কোম্পানী (ডিস্কো)ক ব্যক্তিগতকৰণ কৰিব ।

তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, তেওঁলোকে কিছু কঠিন সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কৰ 20-22 % বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিব । তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “90% ৰাইজে কৰ আদায় নিদিয়ে । এই কঠিন সিদ্ধান্তই অৱশেষত জনসাধাৰণক উপকৃত কৰিব বুলি ।’’ প্ৰধানগৰাকীয়ে আন দেশৰ সৈতে বাণিজ্য বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Pakistan Economic Crisis : পাকিস্তানত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৩০৫ টকা; ডিজেলৰ মূল্য ৩১১ টকালৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.