ETV Bharat / international

Pakistan Economic Crisis : পাকিস্তানত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৩০৫ টকা; ডিজেলৰ মূল্য ৩১১ টকালৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:01 PM IST

Pakistan Economic Crisis
Pakistan Economic Crisis

বিত্ত মন্ত্ৰালয়ে জনোৱা অনুসৰি, পাকিস্তান চৰকাৰে পেট্ৰ'লৰ প্ৰতি লিটাৰৰ মূল্য ১৪.৯১ টকা আৰু উচ্চ গতিৰ ডিজেলৰ (এইচএছডি) মূল্য প্ৰতি লিটাৰত ১৮.৪৪ টকা বৃদ্ধি কৰিছে । যাৰ ফলত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৩০৫.৩৬ টকা আৰু এইচএছডিৰ মূল্য প্ৰতি লিটাৰত ৩১১.৮৪ টকালৈ বৃদ্ধি হয় ।

ইণ্টাৰনেচনেল ডেস্ক, ১ ছেপ্টেম্বৰ : পাকিস্তানৰ তত্ত্বাৱধায়ক চৰকাৰে প্ৰতি লিটাৰত পেট্ৰ'লৰ মূল্য ১৪.৯১ টকা আৰু উচ্চ গতিৰ ডিজেলৰ (এইচএছডি) মূল্য প্ৰতি লিটাৰত ১৮.৪৪ টকা বৃদ্ধি কৰিছে । পাকিস্তানী ইংৰাজী দৈনিক বাতৰিকাকত ডনৰ সূত্ৰত এই কথা প্ৰকাশ । বিত্ত মন্ত্ৰালয়ে বৃহস্পতিবাৰে মাজনিশা এক্সত (পূৰ্বতে টুইটাৰ) এটা পোষ্টত কয় যে শেহতীয়া মূল্যবৃদ্ধিৰ ফলত পেট্ৰ'লৰ মূল্য বৰ্তমান প্ৰতি লিটাৰত ৩০৫.৩৬ টকা আৰু এইচএছডিৰ মূল্য প্ৰতি লিটাৰত ৩১১.৮৪ টকা হৈছে ।

কেৰাচিন বা পাতল ডিজেল তেলৰ মূল্যত অৱশ্যে কোনো সংশোধন কৰা হোৱা নাই । উল্লেখ্য যে এই মূল্যবৃদ্ধি ইতিমধ্যে ১৫ আগষ্টত কৰা বৃহৎ বৃদ্ধিৰ পিছত আহিছে । ১৫ আগষ্টত অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ২০ টকালৈকে বৃদ্ধি কৰিছিল । ডনৰ মতে, পূৰ্বৰ চৰকাৰে আগষ্টৰ ১ তাৰিখে পেট্ৰ'লিয়ামৰ মূল্য বৃদ্ধিৰ পিছত উক্ত বৃদ্ধি কৰে ।

উল্লেখ্য যে মূল্যবৃদ্ধি প্ৰচলিত কৰৰ হাৰ আৰু আমদানি সমতাৰ মূল্যৰ ওপৰত ভিত্তি কৰি হয় । মুখ্যত মুদ্ৰাৰ মূল্য হ্ৰাস আৰু আন্তৰ্জাতিক তেলৰ মূল্য সামান্য বৃদ্ধিৰ বাবে এই বৃদ্ধি হয় । শুকুৰবাৰেও পাকিস্তানৰ টকাৰ মূল্যৰ লোকচান বৃদ্ধি অব্যাহত আছে । আন্তঃবেংক বজাৰত আমেৰিকান ডলাৰৰ বিপৰীতে পাকিস্তানৰ টকাৰ মূল্য ১.০৯ টকালৈ হ্ৰাস পায় । ই ৩০৫.৫৪ টকাৰ অভিলেখ নিম্ন হাৰত বন্ধ হয় ।

ইফালে ডনে শেহতীয়াকৈ প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰি, ১৭ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোৰ বাবে পাকিস্তানৰ হ্ৰস্বম্যাদী মুদ্ৰাস্ফীতি বাৰ্ষিক ভিত্তিত ২৭.৫৭ শতাংশ বৃদ্ধি পাইছে, মুখ্যত পেট্ৰ'লিয়ামৰ মূল্যবৃদ্ধিৰ বাবে । অৱশ্যে মুদ্ৰাস্ফীতি পূৰ্বৰ সপ্তাহৰ ৩০.৮২ শতাংশৰ তুলনাত হ্ৰাস পাইছে ।

সপ্তাহৰ ভিত্তিত সংবেদনশীল মূল্য সূচকৰ (Sensitive Price Index) দ্বাৰা নিৰ্ধাৰণ কৰা সাপ্তাহিক মুদ্ৰাস্ফীতি ০.৭৮ শতাংশ বৃদ্ধি পাইছে, যিটোৱে বিগত চাৰি সপ্তাহ ধৰি বৰ্ধিত প্ৰৱণতা দেখুৱাইছে ।

লগতে পঢ়ক :Congo clashes : সেনা আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষত ২৬ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.