ETV Bharat / international

Manipur violence: ৱাশ্বিংটন ডি.চি.ৰ স্মৃতিসৌধত মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদ

author img

By

Published : Jun 23, 2023, 10:53 PM IST

এতিয়াও ক্ষান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ দৈনিক নতুন নতুন হিংসাত্মক ঘটনা সংঘটিত হৈয়ে আছে ৷ মণিপুৰৰ পৰা প্ৰতিনিধিদল দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰীক লগ পাবলৈ বিচাৰি থকাৰ পিচতো এনে এটা সংবেদনশীল ঘটনাক আওকাণ কৰি প্ৰধানমন্ত্ৰী আমেৰিকা পায়গৈ ৷ প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ সময়তে মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত নামিল প্ৰৱাসী মণিপুৰী ৷

Meitei community people hold protest in washington DC
মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদ

তেজপুৰ, ২৩ জুন : এছ’চিয়েশ্যন অব্ মেইটেইছ ইন দ্য আমেৰিকাছ (এ এম এ)-এ শুকুৰবাৰে ৱাশ্বিংটন ডি.চি.ৰ স্মৃতিসৌধত মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যখনত বৰ্তমানেও অব্যাহত থকা হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে এক ঐক্যবদ্ধ ফ্ৰণ্ট হিচাবে থিয় হৈ কয় - "মণিপুৰখন ভাৰতৰ অন্তৰ্গত ৷ যি আমাৰ প্ৰিয় জন্মস্থান তথা মাতৃভূমি" ।

Meitei community people hold protest in washington DC
মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদ

"এই শান্তিপূৰ্ণ প্ৰতিবাদৰ লগত সংগতি ৰাখি প্ৰতিবাদকাৰী সকলে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ এই আমেৰিকা ভ্ৰমণ লেণ্ডমাৰ্ক হিচাবে বিবেচিত, যাৰ জৰিয়তে আমেৰিকা আৰু ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব"- এই ইতিবাচক মন্তব্য প্ৰদান কৰিয়েই প্ৰধানমন্ত্ৰীগৰাকীৰ আমেৰিকা ভ্ৰমণৰ সময়তে তাত থকা মণিপুৰীসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

Meitei community people hold protest in washington DC
মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদ

মুঠ ১০ গৰাকী শিশুকে ধৰি ৭০ গৰাকীতকৈও অধিক Meitei অংশগ্ৰহণকাৰীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ আমেৰিকাৰ বিভিন্ন অঞ্চল যেনে ভাৰ্জিনিয়াৰ মেৰিলেণ্ড, নিউয়ৰ্ক আৰু নিউ জাৰ্চিৰ বহুলোকে ৱাশ্বিংটন ডি.চি.ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানটোৰ মুখপাত্ৰ ডাঃ কেইশ্বামে কয়, "আমি আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰত শান্তি ঘূৰাই আনিবলৈ অনুৰোধ জনাইছোঁ ৷ আজি এটা উল্লেখযোগ্য দিন, কিয়নো বিশ্বৰ দুখন বৃহৎ ডেম’ক্ৰেটিক দেশ, আমেৰিকা আৰু ভাৰতৰ মধুৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ বৈঠকত মিলিত হৈছে” ৷

ডাঃ কেইশ্বামে পুনৰ উল্লেখ কৰে যে, “আমি এই সুযোগতে সমগ্ৰ বিশ্বক অনুৰোধ কৰিব বিচাৰিছোঁ যে - ভাৰতৰ মণিপুৰত কি হৈ আছে সকলোৱে জানিব লাগে । আমি সকলো মিডিয়া হাউছক মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আৰু পুনৰ নিৰ্মাণত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছোঁ । আমি এতিয়া শান্তি বিচাৰোঁ, কাৰণ আমাৰ মণিপুৰত শান্তিৰ প্ৰয়োজন" ৷

লগতে পঢ়ক : Manipur Violence : মণিপুৰৰ দুখন গাঁৱত বন্দুকধাৰীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.