ETV Bharat / international

Hurricane Otis : ঘূৰ্ণীবতাহৰ প্ৰভাৱত দক্ষিণ মেক্সিকোত বিস্তৰ ক্ষয়-ক্ষতি; বৰ্তমানলৈ মৃত্যু 43 জনৰ

author img

By ANI

Published : Oct 30, 2023, 8:52 AM IST

ঘূৰ্ণীবতাহৰ প্ৰভাৱত দক্ষিণ মেক্সিকোত মৃত্যু 33 জন পুৰুষ আৰু 10 গৰাকী মহিলাৰ ৷ 2 লাখ 20 হাজাৰ 35 টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে অঞ্চলটোৰ 80 শতাংশ হোটেল ক্ষতিগ্ৰস্ত হৈছে ঘূৰ্ণীবতাহৰ প্ৰভাৱত । ঠায়ে ঠায়ে বানৰ সৃষ্টি ৷

At least 43 people killed after Hurricane Otis tore through southern Mexicos Guerrero
ঘূৰ্ণীবতাহৰ প্ৰভাৱত দক্ষিণ মেক্সিকোত বিস্তৰ ক্ষয়-ক্ষতি

ইণ্টাৰনেশ্যনেল ডেস্ক, 30 অক্টোবৰ: দক্ষিণ মেক্সিকোৰ গুৱেৰেৰোত ঘূৰ্ণীবতাহৰ প্ৰভাৱ ৷ যোৱা সপ্তাহত ৰাজ্যখনত অ’টিছ ঘূৰ্ণীবতাহে বিধ্বংসী ৰূপ ধাৰণ কৰাত বিস্তৰ ক্ষয়-ক্ষতি হৈছে বুলি ৰাজ্যখনৰ ৰাজ্যপাল ইভেলিন ছালগাডো পিনেডায়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এক বিবৃতিযোগে পিনেডাই ঘূৰ্ণীবতাহৰ প্ৰভাৱত মৃত্যু ঘটাৰ ভিতৰত 33 জন পুৰুষ আৰু 10 গৰাকী মহিলা আছে আছে জনায় । CNN এ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি মেক্সিকান কৰ্তৃপক্ষই 340 জন লোকক উদ্ধাৰ কৰিছে বুলিও কয় ।

বুধবাৰৰ মাজনিশা আকাপুলকোৰ সমীপত ঘণ্টাত 165 মাইল বেগত বতাহ বলিছিল ৷ যাৰ ফলত দক্ষিণ মেক্সিকোৰ পৰ্যটনস্থলী ধ্বংসস্তূপত পৰিণত হৈছিল । অ’টিছ ঘূৰ্ণীবতাহৰ ফলত 2 লাখ 20 হাজাৰ 35 টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু অঞ্চলটোৰ 80 শতাংশ হোটেল ক্ষতিগ্ৰস্ত হৈছে ।

CNN ৰ প্ৰতিবেদন অনুসৰি এখন চিকিৎসালয়ৰ তলৰ মহলাত বানৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । ইফালে, শনিবাৰে কৰ্তৃপক্ষই প্ৰকাশ কৰা বিবৃতি অনুসৰি ঘূৰ্ণীবতাহৰ প্ৰভাৱত আন এখন চিকিৎসালয়ত বৈদ্যুতিক সা-সঁজুলি আৰু ঔষধি গেছৰ যোগান যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । গছ-গছনি ভাঙি পৰাৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷

অ’টিছৰ ফলত হোৱা গছ-গছনি আৰু ভূমিস্খলনৰ ফলত একাধিক পথ বন্ধ হৈ পৰিছে । Mexico's Seismic Alert System (SASMEX) ত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ 27 টা চেন্সৰৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে । বিষয়াসকলৰ মতে, আকাপুলকো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো ক্ষতিসাধন হয় । অৱশ্যে এতিয়া পুনৰ কাৰ্যক্ষম হৈছে বন্দৰটো ।

অ’টিছে কৰা ধ্বংসৰ ফলত কিছুমান ওখ অট্টালিকাকে ধৰি বহু অট্টালিকা ধ্বংসাৱশেষত পৰিণত হ’ল ৷ CNN ৰ প্ৰতিবেদন অনুসৰি বৰষুণ আৰু ঘূৰ্ণীবতাহৰ ফলত পথত বানৰ সৃষ্টি হয় ।

লগতে পঢ়ক: Veteran Congress leader Sarat Barkataki: চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস এৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.