ETV Bharat / international

Brazil Christ the Redeemer statue : ব্ৰাজিলৰ খ্ৰীষ্ট দ্য ৰিডিমাৰ মূৰ্তিত বজ্ৰপাত; ফটো ভাইৰেল

author img

By

Published : Feb 12, 2023, 7:42 PM IST

Brazil Christ the Redeemer statue
সামাজিক মাধ্যমত খলকনি ব্ৰাজিলৰ ঐতিহাসিক যীচুৰ প্ৰতিমূৰ্তি

সামাজিক মাধ্যমত ভাইৰেল ব্ৰাজিলৰ ঐতিহাসিক খ্ৰীষ্ট দ্য ৰিডিমাৰ প্ৰতিমূৰ্তি (Christ the Redeemer statue viral photo)। বজ্ৰপাতৰ কৱলত প্ৰতিমূৰ্তিটো । বজ্ৰপাতৰ ফলত অন্যতম আৰু আকৰ্ষণী হৈ পৰিছে প্ৰতিমূৰ্তিটো । বহুতে হলীউডৰ কাল্পনিক ভগৱান থ'ৰৰ সৈতে তুলনা কৰিছে যীচুক ।

ইণ্টাৰনেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী : প্ৰকৃতিৰ কিছুমান ৰূপ অপ্ৰত্যাশিত আৰু আশ্চৰ্যজনক । প্ৰকৃতিৰ তেনে এক ৰূপ বন্দী হৈছে কেমেৰাত । যাৰ পৰা প্ৰকৃতিৰ অনন্য ৰূপ উপলব্ধি কৰিব পাৰি । শেহতীয়াকৈ ব্ৰাজিলৰ আটাইতকৈ ওখ স্মাৰকত একেই ঘটনা সংঘটিত হৈছে । খ্ৰীষ্ট দ্য ৰিডিমাৰ মূৰ্তিটোত বজ্ৰপাতৰ এক শ্বাসৰুদ্ধকাৰী দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Christ the Redeemer statue in Brazil)।

যি দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে । ঘটনাটো ১০ ফেব্ৰুৱাৰীৰ বুলি জানিব পৰা গৈছে । বজ্ৰপাতৰ বৈদ্যুতিক তৰংগই মূৰ্তিটোৰ ওপৰৰ অংশত আঘাত কৰিছিল (Lightning hitting the Christ the Redeemer statue)। উল্লেখ্য যে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিয়াত অৱস্থিত এই প্ৰতিমূৰ্তিটো প্ৰতি বছৰে প্ৰায় ২০ লাখ লোকে দৰ্শন কৰে ।

ইফালে ২০১৪ চনতো বজ্ৰপাতৰ ফলত মূৰ্তিটোৰ কিছু ক্ষতিগ্ৰস্ত হৈছিল (Lightning strike damaged Christ the Redeemer)। মূৰ্তিটো কেইবাবাৰো বজ্ৰপাতৰ প্ৰভাৱত পৰিছে । ক্ষতি হোৱা স্বত্বেও, প্ৰতিমূৰ্তিটো ব্ৰাজিলৰ আটাইতকৈ চৰ্চিত স্থানবোৰৰ ভিতৰত অন্যতম হৈ আহিছে আৰু প্ৰতি বছৰে লাখ লাখ লোকক আকৰ্ষিত কৰি আহিছে । প্ৰতিবছৰে লোকসকলে প্ৰতিমূৰ্তিটো সৌন্দৰ্য উপভোগ কৰাৰ লগতে ভগৱান যীচুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহে । মূৰ্তিটো পৰ্যটক আৰু স্থানীয় লোকসকলৰ বাবে এক জনপ্ৰিয় গন্তব্য স্থান হৈ আহিছে ।

বজ্ৰপাতৰ প্ৰভাৱত পৰা প্ৰতিমূৰ্তিটোৰ ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । বজ্ৰপাতৰ ফটোখন এগৰাকী ব্যৱহাৰকাৰীয়ে টুইটাৰত পোষ্ট কৰিছিল @Rainmaker1973 আৰু মনোমোহা ছবিখন ফাৰ্নাণ্ডো ব্ৰাগাই তুলিছিল । পোষ্ট কৰাৰ পাচত, বহু লাইক আৰু ভিউৰ সৈতে চৰ্চাত আছে ফটোখন । পোষ্টটোত বহু লোকে মন্তব্য কৰাও দেখা গৈছে ।

এগৰাকীয়ে লিখিছে, "এই মুহূৰ্তত যীচু নে থৰ । কাল্পনিক নহয় এয়া সত্য ঘটনা । সৰ্বোচ্চ উচ্চতাত থকা, এয়া কেৱল সঠিক সময়ত কোনোবাই ফটোগ্ৰাফী কৰাৰ ভাগ্য ।" আন এগৰাকী আশ্চৰ্য প্ৰকাশ কৰি লিখিছে, "ৱাও! ওহ জাষ্ট ৱাও !" ৰিঅ' ডি জেনেৰিঅ'ত যীচু খ্ৰীষ্টৰ প্ৰতিমূৰ্তিটো ফৰাচী ভাস্কৰ্যশিল্পী পল লেণ্ডোস্কিয়ে নিৰ্মাণ কৰিছিল আৰু ফৰাচী অভিযন্তা এলবাৰ্ট কাকোটৰ সহযোগত ব্ৰাজিলৰ অভিযন্তা হাইটৰ দা চিলভা কষ্টাই নিৰ্মাণ কৰিছিল (Statue of Jesus Christ in Rio De Janerio)।

মূৰ্তিটো ১৯২২ চনৰ পৰা ১৯৩১ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ উচ্চতা ৩০ মিটাৰ । ইয়াক শক্তিশালী কংক্ৰিট আৰু চ'পষ্টোনেৰে নিৰ্মাণ কৰা হৈছিল । ই টিজুকা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০০ মিটাৰ কৰ্কোভাডো পৰ্বতৰ শীৰ্ষত অৱস্থিত । এইটো পৃথিৱীৰ আটাইতকৈ চৰ্চিত স্থানসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে ।

লগতে পঢ়ক :Turkey Earthquake: কুৰি হাজাৰ অতিক্ৰম কৰিলে ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.