ETV Bharat / international

Kamala Harris tiebreaking votes in Senate : ছিনেটত টাইব্ৰেকিং ভোটেৰে অভিলেখ কমলা হেৰিছৰ

author img

By

Published : Jul 13, 2023, 11:08 AM IST

Kamala Harris tiebreaking votes in Senate
ছিনেটত টাইব্ৰেকিং ভোটেৰে অভিলেখ কমলা হেৰিছৰ

সংবিধান অনুসৰি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকী ছিনেটৰ অধ্যক্ষও । ছিনেটৰ অধ্যক্ষ হিচাপে টাইব্ৰেকিং ভোটৰ জৰিয়তে অভিলেখ সৃষ্টি কৰিছে কমলা হেৰিছে । ছিনেটৰ সৰ্বাধিক টাইব্ৰেকিং ভোট প্ৰদান কৰি চৰ্চিত হেৰিছ ।

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে ইতিহাস ৰচনা কৰা ভাৰতীয় মূলৰ কমলা হেৰিছৰ আন এক অভিলেখ সৃষ্টি । পূৰ্বৰ অভিলেখ ভংগ কৰি ছিনেটত সৰ্বাধিক টাইব্ৰেকিং ভোট প্ৰদান কৰিলে কমলা হেৰিছে ।

উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ অভিলেখ সৃষ্টিকাৰী ৩১ সংখ্যক ভোটটোৰ জৰিয়তে কল্পনা কোটাগলৰ মনোনয়ন নিশ্চিত হয় । ইয়াৰ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জন চি. কেলহাউন । যি ১৮২৫ চনৰ পৰা ১৮৩২ চনলৈ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কমলা হেৰিছে কয় যে তেওঁৰ বাবে এয়া এক বিশেষ মুহূৰ্ত আৰু তেওঁ আশাবাদী যে যথেষ্ট কৰিবলৈ আৰু বাকী আছে ।

কমলা হেৰিছে লগতে কয় যে তেওঁৰ মাতৃয়ে এক বিশেষ পৰামৰ্শ দিছিল । তেওঁ কৈছিল যে কমলা হেৰিছে বহুতো কাম কৰা প্ৰথমগৰাকী ব্যক্তি হ'ব পাৰে । সেই পৰামৰ্শ যাতে পালন কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিব বুলি হেৰিছে উল্লেখ কৰে । ৮ বছৰত কেলহাউনৰ অভিলেখ হেৰিছে আঢ়ৈ বছৰৰ ভিতৰতে ভংগ কৰিলে । এক সংকীৰ্ণভাৱে বিভক্ত ছিনেট আৰু তীব্ৰ পক্ষপাতমূলক পৰিৱেশৰ মাজতো কমলা হেৰিছৰ এই অভিলেখ অনন্য হিচাপে পৰিগণিত হৈছে ।

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা ইতিহাসবিদ জোৱেল কে. গোল্ডষ্টাইনে হেৰিছৰ সফলতা সন্দৰ্ভত কয় যে ই সঁচাকৈয়ে ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ । তেওঁৰ মতে ৰাজনীতি ইমানেই বিভাজিত হৈ আছে যে টাইব্ৰেইকিং ভোট দিবলৈও উপ-ৰাষ্ট্ৰপতিৰ প্ৰয়োজন হয় । সংবিধানৰ অধীনত, ছিনেটৰ অধ্যক্ষতা কৰা আৰু টাই ব্ৰেকিং কৰাটো উপ-ৰাষ্ট্ৰপতিৰ একমাত্ৰ সাংবিধানিক কৰ্তব্য । যাৰ বাবে কমলা হেৰিছৰ এই সফলতাক লৈ বিভিন্ন মহলত এতিয়া চৰ্চা হৈছে । আমেৰিকাৰ বহু প্ৰাক্তন ৰাজনৈতিক নেতাই কমলা হেৰিছক প্ৰশংসা কৰা দেখা গৈছে ।

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ অনুচ্ছেদ ১, ধাৰা ৩, দফা ৪ অনুসৰি উপ-ৰাষ্ট্ৰপতিয়ে ছিনেটৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে । এই ক্ষমতাত, ছিনেটত টাই হ'লে তেওঁ নিৰ্ণায়ক ভোট দিব পাৰে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰৰ হিংসাক লৈ কি ক'লে আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.