Ivana Trump passes away: ড‘নাল্ড ট্ৰাম্পৰ প্ৰথমা পত্নী ইভানা ট্ৰাম্পৰ ইহলীলা সম্বৰণ

author img

By

Published : Jul 15, 2022, 12:39 PM IST

first wife of Ex-President Donal Trump passes away

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথমা পত্নী ইভানা ট্ৰাম্পে(Donald Trump's first wife) বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৯৭৭ চনত ড’নাল্ড ট্ৰাম্পৰ লগত বিবাশপাশত আৱদ্ধ হৈছিল ইভানা ট্ৰাম্প আৰু ১৯৯২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়(Donald Trump's ex-wife) ৷

ইন্টাৰনেশ্যনেল ডেস্ক, ১৪ জুলাই: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম পত্নী ইভানা ট্ৰাম্পে বৃহস্পতিবাৰে 73 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে(Donald Trump's First Wife Ivana Trump passed away) ৷ নিউয়ৰ্ক চহৰস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ইভানা ট্ৰাম্পে ৷ ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰি সদৰি কৰে এই কথা ৷ তেওঁ পোষ্টটোত কয় যে, "ইভানা ট্ৰাম্পক ভালপোৱাসকলক এই কথা অৱগত কৰি মই অত্যন্ত দুখিত যে, ইভানা ট্ৰাম্পৰ নিউয়ৰ্ক চহৰস্থিত বাসগৃহত মৃত্যু হৈছে ।

ড’নাল্ড ট্ৰাম্পে(American EX president Donald Trump) পোষ্টটোত লগতে কয় যে, "ইভানা এগৰাকী সুন্দৰ, ধুনীয়া আৰু আশ্চৰ্যকৰ মহিলা আছিল ৷ তেওঁ এক মহান আৰু অনুপ্ৰেৰণাদায়ক জীৱন-যাপন কৰিছিল । ইভানাৰ গৌৰৱ আৰু আনন্দ আছিল তেওঁৰ তিনিটা সন্তান ড’নাল্ড জুনিয়ৰ, ইভাঙ্কা আৰু এৰিক । ইভানাই নিজৰ সন্তানক লৈ গৌৰৱান্বিত আছিল আৰু আমি সকলোৱেও ইভানাক লৈ গৌৰৱান্বিত । ইভানাই চিৰশান্তি লাভ কৰক !"

ড’নাল্ড ট্ৰাম্পে ১৯৭৭ চনত ইভানা ট্ৰাম্পৰ লগত বিবাশপাশত আৱদ্ধ হৈছিল আৰু ১৯৯২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল । ইভানা ট্ৰাম্পৰ মৃত্যুৰ পাছত ট্ৰাম্পৰ পৰিয়ালৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছিল যে, ইভানা ট্ৰাম্পে সাম্প্ৰদায়িকতা ত্যাগ কৰিছিল আৰু আমেৰিকাক আকোঁৱালি লৈছিল । তেওঁ সন্তানক ধৈৰ্য, সহানুভূতি আৰু সংকল্পৰ বিষয়ে শিকাইছিল । অৱশ্যে বিবৃতিটোত ইভানা ট্ৰাম্পৰ মৃত্যুৰ বিষয়ে কোনো তথ্য সদৰি কৰা হোৱা নাছিল ৷

মিডিয়া প্ৰতিবেদনত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে ৷ ইভানা শ্লেক’স্লোভাকিয়াত কমিউনিষ্ট শাসনৰ অধীনত ডাঙৰ দীঘল হৈছিল আৰু ড’নাল্ড ট্ৰাম্পৰ লগত বিবাহৰ পাছত তেওঁ পাৰিবাৰিক ব্যৱসায়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ইভানা ট্ৰাম্পে চিগনেচাৰ বিল্ডিং, নিউজাৰ্চিত আৰু আটলাণ্টিক চিটিস্থিত ট্ৰাম্প তাজমহল কেচিনো ৰিজৰ্ট চলোৱাতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ।

তেওঁ স্বামীৰ সৈতে ট্ৰাম্প টাৱাৰৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । ট্ৰাম্পৰ লগত বিবাহ বিচ্ছেদৰ হোৱাৰ পাছত ১৯৯৫ চনত তেওঁ ইটালীৰ ব্যৱসায়ী ৰিকাৰ্ডো মাজুচেলিৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৷ এই বিবাহৰ দুবছৰ পিছত ৰিকাৰ্ডো মাজুচেলিৰে ইভানাৰ বিবাহ বিচ্ছেদ হয় আৰু ২০০৮ চনত ৰুছানো ৰুবিকোডীক বিয়া কৰায় । নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি, ইটালীৰ মডেল তথা অভিনেতা ৰুবিকোডী ইভানাতকৈ ২০ বছৰ সৰু আছিল ।

লগতে পঢ়ক : Zelensky on SriLanka crisis: শ্ৰীলংকাৰ সংকটৰ বাবে ৰাছিয়াক দায়ী জেলেনস্কিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.