ETV Bharat / international

ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত গাজাত নিহত আমেৰিকাৰ নাগৰিক

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 10:24 AM IST

ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত(Israeli airstrike) গাজাত নিহত হৈছে আমেৰিকাৰ এজন নাগৰিক (Gaza) ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উন্নয়ন সংস্থাৰ হৈ গাজাত কাম কৰি আছিল আমেৰিকাৰ নাগৰিকজনে (USAID contractor)৷

Israeli airstrike killed a USAID contractor in Gaza
ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত গাজাত নিহত আমেৰিকাৰ নাগৰিক

নিউজ ডেস্ক, 17 ডিচেম্বৰ : বৰ্তমানেও অব্যাহত আছে ইজৰাইল-হামাছৰ যুদ্ধ ৷ ইজৰাইল-হামাছৰ যুদ্ধক লৈ সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি, যোৱা মাহত ইজৰাইলে গাজাত চলোৱা বিমান আক্ৰমণত আমেৰিকাৰ এজন ঠিকাদাৰ নিহত হৈছে । উল্লেখ্য যে, নিহত ঠিকাদাৰজন গাজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উন্নয়ন সংস্থাৰ হৈ কাম কৰি আছিল ৷

এই সন্দৰ্ভত নিহত ঠিকাদাৰজনৰ সহকৰ্মীসকলে এক বিবৃতিৰ জৰিয়তে কয় যে, নৱেম্বৰ মাহত ইজৰাইলে গাজাত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাৰ এজন ঠিকাদাৰ নিহত হৈছে । এগৰাকী ইণ্টাৰনেট প্ৰযুক্তিত কৰ্মী হিচাপে কৰ্মৰত আছিল 33 বছৰীয়া হানি জেনানা নামৰ লোকজন ৷

উক্ত ঘটনাৰ পাচতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱতাবাদী গোট গ্লোবেল কমিউনিটিজে কয় যে, 33 বছৰীয়া হানি জেনানা নামৰ লোকজনক তেওঁৰ পৰিয়ালৰ সৈতে গাজা চহৰৰ চুবুৰীয়া অঞ্চলৰ পৰা বিমান আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পলায়ন কৰিছিল ৷ তেনে সময়তে ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত গাজাত নিহত হৈছিল হানি ৷

ইজৰাইল-হামাছৰ মাজত দুমাহৰো অধিক সময় ধৰি হোৱা যুদ্ধত আমেৰিকা নাগৰিকক নিহত হোৱা এয়াই প্ৰথম ঘটনা । ইফালে এই যুদ্ধত গাজাত 100 তকৈও অধিক ৰাষ্ট্ৰসংঘৰ কৰ্মীকে ধৰি স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থাৰ শ্ৰমিক নিহত হৈছে ৷ কিয়নো ইজৰাইলে সাধাৰণ লোকৰ ভিৰ থকা অঞ্চলসমূহত বোমাবর্ষণ কৰিছে আৰু মাটিত হামাছৰ যুঁজাৰুসকলৰ সৈতে যুদ্ধ কৰিছে ।

হামাছৰ পৰিচালিত গাজাৰ স্বাস্থ্য বিষয়াসকলে এই সন্দৰ্ভত কয় যে, ইজৰাইলৰ আক্ৰমণত বৰ্তমানলৈকে 17 হাজাৰৰো অধিক লোক নিহত হৈছে ৷ ইয়াৰে দুই-তৃতীয়াংশ মহিলা আৰু শিশু আছে ।

লগতে পঢ়ক : য়েমেনৰ হুথিৰ ড্ৰোন আক্ৰমণ বিফল কৰিলে আমেৰিকানৰ সেনাই, লোহিত সাগৰত অঘটনৰ পৰা ৰক্ষা পৰিল ইজৰাইলৰ জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.