ETV Bharat / international

য়েমেনৰ হুথিৰ ড্ৰোন আক্ৰমণ বিফল কৰিলে আমেৰিকানৰ সেনাই, লোহিত সাগৰত অঘটনৰ পৰা ৰক্ষা পৰিল ইজৰাইলৰ জাহাজ

author img

By ANI

Published : Dec 17, 2023, 8:45 AM IST

US destroyer shoots down wave of Houthi drone
লোহিত সাগৰত অঘটনৰ পৰা ৰক্ষা পৰিল ইজৰাইলৰ জাহাজ

লোহিত সাগৰত ভংয়কৰ অঘটনৰ পৰা ৰক্ষা পৰিল ইজৰাইলৰ কেইবাখনো কন্টেইনাৰ জাহাজ(US Central Command) ৷ শনিবাৰে য়েমেনৰ হুথিয়ে ড্ৰোনেৰে কৰা আক্ৰমণ বিফল কৰিলে আমেৰিকাৰ সেনাই ( Houthi drones) ৷ ইয়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চলৰ পৰা বিদ্ৰোহী গোটে ইজৰাইলৰ কন্টেইনাৰ জাহাজক লক্ষ্য কৰি প্ৰেৰণ কৰা 14 টাকৈ ড্ৰোন নষ্ট কৰে আমেৰিকাই (Yemen) ৷

নিউড ডেস্ক, 17 ডিচেম্বৰ : লোহিত সাগৰত ভংয়কৰ অঘটনৰ পৰা ৰক্ষা পৰিল ইজৰাইলৰ কেইবাখনো কন্টেইনাৰ জাহাজ ৷ কাৰণ শনিবাৰে য়েমেনৰ হুথিয়ে ড্ৰোনেৰে কৰা আক্ৰমণ বিফল কৰিলে আমেৰিকাৰ সেনাই ৷ এই কথা সদৰী কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডৰ তৰফৰ পৰা ৷ যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ড চমুকৈ চেণ্টকমৰ তৰফৰ পৰা জনোৱা অনুসৰি, ইজৰাইলৰ কন্টেইনাৰ জাহাজক লক্ষ্য কৰি য়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চলৰ পৰা বিদ্ৰোহী গোটে উৎক্ষেপণ কৰিছিল কেইবাটাও ড্ৰোন ৷ উক্ত ড্ৰোনসমূহ লোহিত সাগৰৰ ওপৰতে ধ্বংস কৰে আমেৰিকান সেনাই ৷

চেণ্টকমে উল্লেখ কৰে যে, ইয়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চলৰ পৰা বিদ্ৰোহী গোটে ইজৰাইলৰ কন্টেইনাৰ জাহাজক লক্ষ্য কৰি 14 টাকৈ ড্ৰোন প্ৰেৰণ কৰিছিল ৷ কিন্তু ইউ এছ এছ কাৰ্নি নামৰ এজন সেনাৰ নিৰ্দেশত মিছাইলেৰে ধ্বংস কৰা হয় উক্ত ড্ৰোনসমূহ ৷

ইয়াৰ পূৰ্বে চেণ্টকমে উল্লেখ কৰিছিল, ‘‘9 নৱেম্বৰৰ পৰা ইৰাণ সমৰ্থিত হুথিসকলে ইজৰাইলত বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছে । কিন্তু ইজৰাইল বা আমেৰিকাৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ দ্বাৰা বিদ্ৰোহী গোটৰ মিছাইল বা ড্ৰোন আক্ৰমণক বিফল কৰি আহিছে ৷’’

ইফালে বিদ্ৰোহী হুথিসকলে শেহতীয়াকৈ ঘোষণা কৰিছিল যে, তেওঁলোকে লোহিত সাগৰত ইজৰাইল অভিমুখী যিকোনো জাহাজ আৰু ইজৰাইল মালিকাধীন জাহাজ লক্ষ্য কৰি আক্ৰমণ কৰিব ৷ সেই স্বৰূপে ইজৰাইলৰ গ্যালাক্সি লিডাৰ নামৰ এখন জাহাজত আক্ৰমণ কৰিছিল হুথিসকলে আৰু জাহাজখনৰ 25 জনীয়া কৰ্মচাৰীক য়েমেনী বন্দৰ হোদেইদাত বন্দী কৰি ৰখা হৈছে ।

আনহাতে, ইজৰাইলৰ তথ্য অনুসৰি 7 অক্টোবৰত হামাছৰ উগ্ৰপন্থী যেতিয়া ইজৰাইলত প্ৰৱেশ কৰে তাৰ পাচতে হুথি বিদ্ৰোহীসকলে ইজৰাইলক লক্ষ্য কৰি কেইবাটাও ড্ৰোন আৰু মিছাইল আক্ৰমণ আৰম্ভ কৰিছিল ৷ যাৰ ফলত প্ৰায় 1,140 জন লোক নিহত হৈছিল ৷

লগতে পঢ়ক : ইজৰাইলী সেনাৰ হাততে নিহত ৩ ইজৰাইলী বন্দী; টেল আভিভত নিহত আল জাজিৰাৰ সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.