ETV Bharat / international

Israel on UN Chief : হামাছৰ আক্ৰমণ সন্দৰ্ভত মন্তব্য; ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ পদত্যাগ দাবী ইজৰাইলৰ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 12:42 PM IST

ৰাষ্ট্ৰসংঘত ইজৰাইলৰ ৰাষ্ট্ৰদূত গিলাদ এৰ্ডানে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টিনিঅ' গুটেৰেছক 'তাৎক্ষণিকভাৱে পদত্যাগ' কৰিবলৈ আহ্বান জনাইছে । ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে নিৰাপত্তা পৰিষদক হামাছৰ আক্ৰমণ এনেয়ে সংঘটিত হোৱা নাই বুলি কৰা মন্তব্যৰ পিছত এক টুইটযোগে তেওঁ এই দাবী কৰে । ইজৰাইলৰ বৈদেশিক মন্ত্ৰী এলি কোহেনেও টুইট কৰে যে তেওঁৰ ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ সৈতে নিৰ্ধাৰিত দ্বিপাক্ষিক বৈঠকত মিলিত নহয় ।

ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ পদত্যাগ দাবী ইজৰাইলৰ
Israel on UN Chief

ইণ্টাৰনেচনেল ডেস্ক, ২৫ অক্টোবৰ : ইজৰাইল-হামাছ সংঘৰ্ষই এইবাৰ ৰাষ্ট্ৰসংঘ আৰু ইজৰাইলৰ মাজত সংঘাত সৃষ্টি কৰিছে । ৰাষ্ট্ৰসংঘত ইজৰাইলৰ ৰাষ্ট্ৰদূত গিলাদ এৰ্ডানে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছক 'তৎক্ষণাৎ পদত্যাগ' কৰিবলৈ আহ্বান জনাইছে । আনহাতে, বৈদেশিক মন্ত্ৰী এলি কোহেনে কয় যে বুধবাৰে ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ সৈতে তেওঁৰ নিৰ্ধাৰিত দ্বিপাক্ষিক বৈঠকত তেওঁ অংশগ্ৰহণ নকৰে ।

এৰ্ডানে এই সন্দৰ্ভত এক্সত এটা পোষ্ট দিয়ে । "হামাছৰ আক্ৰমণ এনেয়ে সংঘটিত হোৱা নাছিল ।" নিৰাপত্তা পৰিষদক সম্বোধন কৰি গুটেৰেছে এই মন্তব্য কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত এৰ্ডানে গুটেৰেছৰ পদত্যাগ দাবী কৰে । আনহাতে, গুটেৰেছে নিৰাপত্তা পৰিষদত কয় যে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সময়ৰ লগে লগে অধিক ভয়ংকৰ হৈ উঠিছে । গাজাত যুদ্ধ চলি আছে আৰু সমগ্ৰ অঞ্চলটোত বিপদৰ আশংকা বৃদ্ধি পাইছে ।

গুটেৰেছে লগতে কয়, "হামাছৰ আক্ৰমণ কোনো কাৰণ নোহোৱাকৈ হোৱা নাছিল বুলি চিনাক্ত কৰাটোও গুৰুত্বপূৰ্ণ । পেলেষ্টাইনীসকলক ৫৬ বছৰ ধৰি শ্বাসৰুদ্ধকাৰী দখলৰ সন্মুখীন হ'বলগা হৈছে ।"

"তেওঁলোকে নিজৰ ভূমি নিৰন্তৰভাৱে ইজৰাইলীৰ দ্বাৰা গ্ৰাস কৰা আৰু হিংসাৰ দ্বাৰা পীড়িত হোৱা দেখিছে; তেওঁলোকৰ অৰ্থনীতি থমকি ৰৈছে; তেওঁলোকৰ লোকসকল স্থানচ্যুত হৈছে আৰু তেওঁলোকৰ ঘৰবোৰ ভাঙি পেলোৱা হৈছে । তেওঁলোকৰ দুৰ্দশাৰ ৰাজনৈতিক সমাধানৰ বাবে তেওঁলোকৰ আশা নাইকিয়া হৈ গৈছে ।" গুটেৰেছে কয় ।

কিন্তু পেলেষ্টাইনী জনসাধাৰণৰ অভিযোগেই হামাছৰ ভয়ংকৰ আক্ৰমণক ন্যায়সঙ্গত কৰিব নোৱাৰে । আৰু সেই ভয়ংকৰ আক্ৰমণবোৰে পেলেষ্টাইনী জনসাধাৰণৰ সামূহিক শাস্তিক ন্যায়সঙ্গত কৰিব নোৱাৰে । ৰাষ্ট্ৰসংঘৰ মুৰব্বীয়ে লগতে কয় । উল্লেখ্য যে এই বৈঠকখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনেও সম্বোধন কৰিছিল ।

আনহাতে, ইজৰাইলৰ ৰাষ্ট্ৰদূতজনে নিৰাপত্তা পৰিষদত গুটেৰেছৰ হামাছৰ আক্ৰমণ বিনা কাৰণত হোৱা নাছিল বুলি কৰা মন্তব্যৰ মন্তব্যৰ বিৰোধিতা কৰি ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ বিৰুদ্ধে সন্ত্ৰাসবাদক ন্যায়সঙ্গত কৰাৰ অভিযোগ উত্থাপন কৰে ।

শিশু, মহিলা আৰু বৃদ্ধসকলৰ গণহত্যাৰ বাবে মৰ্মবেদনা প্ৰদৰ্শন কৰা ৰাষ্ট্ৰসংঘৰ মহাসচিব ৰাষ্ট্ৰসংঘক নেতৃত্ব দিয়াৰ বাবে উপযুক্ত নহয় । মই তেওঁক তৎক্ষণাৎ পদত্যাগ কৰিবলৈ আহ্বান জনাইছোঁ । যিসকলে ইজৰাইল আৰু ইহুদী লোকসকলৰ ওপৰত সংঘটিত কৰা আটাইতকৈ ভয়ংকৰ অত্যাচাৰৰ প্ৰতি সহানুভূতি দেখুৱায়, তেওঁলোকৰ সৈতে কথা পতাৰ কোনো যৌক্তিকতা বা অৰ্থ নাই । তাৰ বাবে কোনো এটা শব্দও নাই । তেওঁ এক্সত এনেদৰে লিখিছে ।

আনহাতে, এই মন্তব্যৰ বাবে ইজৰাইলৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই । এক্সত ইজৰাইলৰ বৈদেশিক মন্ত্ৰীৰ পদবীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফানি ডুজাৰিকে কয় যে মহাসচিবে গাজাত হামাছে বন্দী কৰি ৰখা বন্দীসকলৰ পৰিয়ালৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব । তেওঁ কয় যে দলটোৰ সৈতে ৰাষ্ট্ৰসংঘলৈ ইজৰাইলী স্থায়ী অভিযানৰ এজন প্ৰতিনিধি থাকিব ।

লগতে পঢ়ক :Israel Palestine war: ২৪ ঘন্টাত গাজাত প্ৰায় ৭০০ পেলেষ্টাইনীক হত্যা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.