ETV Bharat / international

Bail For Imran Khan : প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক সুৰক্ষামূলক জামিন প্ৰদান

author img

By

Published : Feb 20, 2023, 10:52 PM IST

ন্যায়াধীশ আলী বাকাৰ নাজাফিৰ নেতৃত্বত লাহোৰ হাইকোৰ্টৰ দুজনীয়া সদস্যৰ বিচাৰপীঠে পাকিস্তান তেহৰিক-ই-ইনচাফৰ অধ্যক্ষ ইমাৰন খানক ৩ মাৰ্চলৈকে সুৰক্ষামূলক জামিন প্ৰদান কৰিছে (LHC grant Imran Khan protective bail) ।

Imran Khan
Imran Khan

ইণ্টাৰনেচনেল ডেস্ক, ২০ ফেব্ৰুৱাৰী : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান (Pakistans former prime minister Imran Khan) সোমবাৰে লাহোৰ উচ্চ ন্যায়ালয়ত (Lahore High Court, LHC) হাজিৰ হয় । তাত তেওঁক নিৰ্বাচন আয়োগৰ বাহিৰত হিংসাত্মক প্ৰতিবাদৰ সৈতে জড়িত এটা গোচৰত সুৰক্ষামূলক জামিন প্ৰদান কৰে । উল্লেখ্য, এই সময়ছোৱাতে আদালত চৌহদৰ ভিতৰত এক হাই ভল্টেজ নাটকৰো সৃষ্টি হয় । শ শ সমৰ্থকে তেওঁৰ সৈতে একাত্মতা প্ৰদৰ্শন কৰিবলৈ আদালত চৌহদত একত্ৰিত হয় (LHC granted Imran Khan protective bail) ।

যোৱা বছৰ নিষিদ্ধ পুঁজিৰ গোচৰত পাকিস্তানৰ নিৰ্বাচন আয়োগে (Election Commission of Pakistan, ECP) ৭০ বছৰীয়া খানক অযোগ্য ঘোষণা কৰাৰ পিছত পাকিস্তান তেহৰিক-ই-ইনচাফৰ (Pakistan Tehreek e Insaf, PTI) কৰ্মীসকলে এক হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছিল । ন্যায়াধীশ তাৰিক চেলিম শ্বেইখে খানক উক্ত গোচৰটোত তেওঁৰ সুৰক্ষামূলক জামিন আবেদনৰ শুনানিৰ বাবে আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল ।

আদালতৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক জনায় যে, ন্যায়াধীশ আলী বাকাৰ নাজাফিৰ নেতৃত্বত লাহোৰ উচ্চ ন্যায়ালয়ৰ দুই সদস্যৰ বিচাৰপীঠে পিটিআইৰ অধ্যক্ষগৰাকীক ৩ মাৰ্চলৈকে সুৰক্ষামূলক জামিন প্ৰদান কৰে । "খান আদালতত হাজিৰ হয় । তেওঁ যোৱা সপ্তাহতে আদালতত হাজিৰ হ'ব বিচাৰিছিল । কিন্তু চিকিৎসকে তেওঁক বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিছিল । কিয়নো তেওঁ দুসপ্তাহ ধৰি ভৰিৰ আঘাতত ভুগি আছিল । তেওঁ এইটোও কয় যে তেওঁ সদায় আদালতক সন্মান কৰে । কিয়নো তেওঁ এজন ন্যায় ব্যৱস্থাত বিশ্বাসী লোক । তেওঁ লগতে কয় তেওঁৰ দলৰ নামৰ সৈতে ন্যায়ও অন্তৰ্ভুক্ত হৈ আছে ।" বিষয়াজনে কয় ।

ইফালে ন্যায়াধীশ নাজাফিয়ে ইমৰান খানক আইনৰ ওচৰত নিজকে সমৰ্পণ কৰাৰ বাবে প্ৰশংসা কৰে । ন্যায়াধীশে তেওঁক ৩ মাৰ্চলৈকে সুৰক্ষামূলক জামিন প্ৰদান কৰে আৰু আৰক্ষী আৰু আন যিকোনো সংস্থাক তেওঁক গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে । ইমৰান খানে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিএমএল-এন চৰকাৰৰ পৰিকল্পনাৰ পৰা আঁতৰি থাকিবলৈকে আদালতত হাজিৰ হয় আৰু সন্ত্ৰাসবাদৰ অভিযোগত ৰুজু কৰা গোচৰটোত তেওঁ সুৰক্ষামূলক জামিন লাভ কৰে ।

আনহাতে, ফেডাৰেল ইনভেষ্টিগেচন এজেন্সি (Federal Investigation Agency, FIA) আৰু আৰক্ষীৰ এটা দল আদালত চৌহদত ফেডাৰেল মিত্ৰজোঁট চৰকাৰৰ নিৰ্দেশনাত উপস্থিত থাকে যাতে ইমৰান খানৰ জামিন অস্বীকাৰ হ'লে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে । উল্লেখ্য, যোৱা বছৰ নৱেম্বৰত পঞ্জাব প্ৰদেশত তেওঁৰ ৰেলীত হোৱা আক্ৰমণত গুলীত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত খানে প্ৰথমবাৰৰ বাবে আদালতত হাজিৰ হয় ।

লগতে পঢ়ক :Guwahati Double Murder: যদি ভুল কৰিছে বন্দনাক গুলীয়াই মাৰক, ক’লে বন্দনাৰ পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.