ETV Bharat / international

Explosion in Somalia : ছোমালিয়াত বিস্ফোৰণ; নিহত 27 জন

author img

By

Published : Jun 11, 2023, 8:08 AM IST

Updated : Jun 11, 2023, 2:25 PM IST

ছোমালিয়াত বিস্ফোৰণ (Explosion in Somalia) ৷ এই বিস্ফোৰণত প্ৰায় 27 জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুজন ৷

Explosion in Somalia
আকৌ বিস্ফোৰণ

ইন্টানেশ্যলেল ডেস্ক, 11 জুন : আকৌ বিস্ফোৰণ ৷ এইবাৰৰ স্থান ছোমালিয়া ৷ শুকুৰবাৰে ছোমালিয়াৰ পূব লোয়াৰ শ্বেবেল অঞ্চলত থকা এখন ফুটবল খেলপথাৰত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ শেহতীয়া তথ্য অনুসৰি এই বিস্ফোৰণত বহু লোক আহত হোৱাৰ লগতে 27 জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে ভিতৰত বেছিভাগেই শিশু বুলি জানিব পৰা গৈছে ৷ এই তথ্য প্ৰকাশ কৰিছে সংবাদ সংস্থা ANI এ ৷

চৰকাৰী ছোমালি ৰাষ্ট্ৰীয় বাতৰি সংস্থাৰ (Somali National News Agency) উদ্ধৃতি দি ANI এ কয় যে শুকুৰবাৰে ছোমালিয়াত সংঘটিত হোৱা বিস্ফোৰণত প্ৰায় 53 জন লোক আহত হৈছে ৷ সংবাদ সংস্থা ANI এ উল্লেখ কৰা অনুসৰি, শনিবাৰে পূব লোয়াৰ শ্বেবেল অঞ্চলত থকা এখন ফুটবল খেলপথাৰত অনুষ্ঠিত হৈ আছিল শিশুসকলৰ মাজত এখন প্ৰীতি ফুটবল খেল ৷ কিন্তু অজ্ঞাতবসত শিশুসকলে মৰ্টাৰ শ্বেল (বোমা)ৰ সৈতে খেলি আছিল ৷ তেনেসময়ত এই বোমাটো বিস্ফোৰিত হয় ৷

প্ৰাথমিক তদন্ত অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে বিভাগীয় মুৰব্বীসকলে উল্লেখ কৰা অনুসৰি, এই বিস্ফোৰণ মৃত্যু হোৱা লোকৰ সংখ্যা 20 জন ৷ ক’ৰ’লেৰ উপ-জিলা আয়ুক্ত আব্দি আহমেদে সাংবাদিকৰ আগত কয়, "এই দুৰ্ঘটনাটো আজি ক'ৰ'লে চহৰৰ ওচৰত সংঘটিত হৈছিল ।

প্ৰকৃততে বহু শিশুৱে মৰ্টাৰ শ্বেলৰে খেলি আছিল ৷ সেই খেলি থকা মৰ্টাৰ শ্বেলটো বিস্ফোৰণ হোৱা নাছিল । কোনো অসাধু লোকে খেলি থকা শিশুসকলক লক্ষ্য কৰিয়েই বোমা বিস্ফোৰণ ঘটাইছিল । ফলত 20 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহতও হৈছিল’’ ।

ইফালে অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলে জনোৱা মতে, শিশুসকলে প্ৰথমতে ফুটবল বুলিহে খেলি থকা মৰ্টাৰ শ্বেলটো ক্ৰয় কৰি আনিছিল ৷ যিটো প্ৰকৃততে ছোমালিয়াৰ যুদ্ধংদেহী কিছু দলে ব্যৱহাৰ কৰিছিল । ফলত শুকুৰবাৰে এক অনাকাংশিত ঘটনাটো সংঘটিত হ’ল ৷ আনহাতে, স্থানীয় ৰাইজে প্ৰশাসনক এই সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ অনুৰোধ জনায় ৷ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক কিছু সাহায্য প্ৰদানৰ বাবেও চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক : Amit Shah Security Lapse : তামিলনাডুত অমিত শ্বাহৰ নিৰাপত্তাত ত্ৰুটি !

Last Updated :Jun 11, 2023, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.