ETV Bharat / international

France Protest : আৰক্ষীৰ গুলীত নিহত কিশোৰ, জ্বলিছে পেৰিছ

author img

By

Published : Jun 30, 2023, 12:30 PM IST

পেৰিছত ভয়ংকৰ পৰিস্থিতি । আৰক্ষীৰ বিৰুদ্ধে ৰাজপথত সাধাৰণ ৰাইজৰ প্ৰতিবাদ । আৰক্ষীৰ গুলীত ১৭ বছৰীয়া এজন কিশোৰৰ মৃত্যুৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ।

France Protest
আৰক্ষীৰ গুলীত নিহত কিশোৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ জুন : ফ্ৰান্সৰ ৰাজধানী পেৰিছত তীব্ৰ উত্তেজনা । ১৭ বছৰীয়া এজন কিশোৰক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগত চহৰখনত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে । বহুলোকে ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছে । আনকি প্ৰতিবাদকাৰীসকলে বহু বাহন,অট্টালিকা আদিতো অগ্নিসংযোগ কৰিছে । ২০০৫ চনৰ নগৰীয়া হিংসাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা কৰিছে একাংশ লোকে ।

উল্লেখ্য যে নাহেল নামৰ কিশোৰজনক কেনেদৰে আৰক্ষীয়ে গুলীয়াইছিল সকলো দৃশ্য কেমেৰাত বন্দী হৈ ৰৈছিল । যাৰবাবে দেশখনৰ সাধাৰণ নাগৰিক আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে । আনহাতে আৰক্ষীক নিষ্ঠুৰ আখ্যা দি বহু লোকে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে । আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা আইনৰ সংশোধনৰো দাবী জনাইছে বিভিন্নজনে ।

আৰক্ষীয়ে জনোৱা মতে বিগত বছৰ যান-বাহন আইন উলংঘন কৰাৰ পাছত আৰক্ষীৰ গুলীচালনাত ১৩ গৰাকী লোক নিহত হৈছিল । এই বছৰ, নাহেলকে ধৰি ৩ জন লোকৰ মৃত্যু হৈছে ।

সাধাৰণতে, আৰক্ষীয়ে আদেশ পালন কৰিবলৈ অনুৰোধ জনাই কিন্তু আৰক্ষীৰ এই আদেশ অস্বীকাৰ কৰিলে গুলীচালনা কৰিবলৈ বাধ্য হয় । প্ৰতিবছৰে এনে পৰিস্থিতিত আৰক্ষীৰ হাতত নিহত লোকৰ সংখ্যা বৃদ্ধি পাইছে । আৰক্ষীৰ তথ্য অনুসৰি, ২০২১ চনত এনে পৰিস্থিতিত ৪ জন লোক নিহত হৈছিল ।

ফ্ৰান্সত কেইবাটাও উগ্ৰপন্থী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২০১৭ চনত আৰক্ষীৰ অস্ত্ৰ ব্যৱহাৰ নিয়ন্ত্ৰণ আইন গ্ৰহণ কৰা হৈছিল । কিন্তু শেহতীয়াকৈ ১৭ বছৰীয়া কিশোৰ নাহেলৰ মৃত্যুৰ পাছতে দেশজুৰি এই আইন সংশোধনৰ দাবী উঠিছে । ফ্ৰান্সৰ নিম্ন সদনৰ অধ্যক্ষ য়ায়েল ব্ৰাউন-পিভেটেও এই আইন কেনেদৰে কাৰ্যকৰী কৰা হৈছে তাক পুনৰ মূল্যায়ন কৰিবলৈ সাজু হৈছে ।

উল্লেখ্য যে আইনখন প্ৰৱৰ্তন কৰাৰ পূৰ্বে আৰক্ষী বিষয়াসকলে বন্দুক ব্যৱহাৰৰ ন্যায্যতা প্ৰদান কৰিবলৈ আত্মৰক্ষাৰ প্ৰমাণ কৰিব লগা হৈছিল । কিন্তু এই আইনৰ জৰিয়তে আৰক্ষীক এখন বাহনত গুলীচালনা কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে । আইনখনৰ মতে যিখন বাহনৰ চালকে আৰক্ষীৰ আদেশ পালন নকৰিব বা আনৰ প্ৰতি তেওঁলোক যদি ভাবুকি হয় তেতিয়া আৰক্ষীয়ে গুলীচালনা কৰিব পাৰে । অৱশ্যে, আভ্যন্তৰীণ সুৰক্ষা সংহিতাত উল্লেখ কৰা হৈছে যে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ কেৱল অতি প্ৰয়োজন হ'লেহে কৰিব পাৰে ।

লক্ষণীয়ভাৱে নাহেলৰ ক্ষেত্ৰত আৰক্ষীয়ে নিৰ্দিষ্ট আইন উলংঘন কৰাৰ অভিযোগ উঠিছে । ভিডিঅ'টোত আৰক্ষীৰ ভুলৰ তথ্যও প্ৰকাশ পাইছে । যাৰবাবে ৰাইজ ক্ষোভিত হৈ পৰিছে । ইতিমধ্যে পেৰিছ আৰু ওচৰৰ অঞ্চলবোৰত এক প্ৰকাৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে নাহেলক গুলীচালনা কৰা আৰক্ষীৰ বিৰুদ্ধেও বিভাগীয় তদন্ত আৰম্ভ হৈছে ।

লগতে পঢ়ক :Russian Wagner mercenary group : ৰাছিয়ান ৱেগনাৰ মাৰ্চিনেৰীৰে সম্পৰ্কিত সোণৰ প্ৰতিষ্ঠানক নিষিদ্ধ আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.