ETV Bharat / international

Denmark news: পৱিত্ৰ গ্ৰন্থ জ্বলোৱা কাৰ্যই পৃথিৱীত সৃষ্টি কৰে বিভাজনৰ; বৈদেশিক মন্ত্ৰী

author img

By

Published : Jul 31, 2023, 11:30 AM IST

‘‘পৱিত্ৰ শাস্ত্ৰ জ্বলোৱাই কেৱল এখন পৃথিৱীত বিভাজনৰহে সৃষ্টি কৰে ৷ এইক্ষেত্ৰত প্ৰকৃততে ঐক্যৰ প্ৰয়োজন’’ ৷ ডেনমাৰ্কৰ বৈদেশিক মন্ত্ৰী লাৰ্ছ ল্কে ৰাছমুচেনৰ মন্তব্য এয়া ৷

Denmark news
পৱিত্ৰ শাস্ত্ৰ জ্বলোৱা কাৰ্যই পৃথিৱীত সৃষ্টি কৰে বিভাজনৰ

নেশ্যনেল ডেস্ক, 31 জুলাই: ডেনমাৰ্কৰ ৰাজহুৱা সম্প্ৰচাৰক ডি আৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৈদেশিক মন্ত্ৰী লাৰ্ছ ল্কে ৰাছমুচেনে কয় যে, পৱিত্ৰ শাস্ত্ৰ জ্বলোৱাই কেৱল এখন পৃথিৱীত বিভাজনৰহে সৃষ্টি কৰে ৷ এইক্ষেত্ৰত প্ৰকৃততে ঐক্যৰ প্ৰয়োজন । ডেনমাৰ্কৰ বৈদেশিক মন্ত্ৰীয়ে দেওবাৰে কয় যে নৰ্ডিক দেশখনৰ বিদেশী দূতাবাসৰ সন্মুখত কোৰাণ বা অন্যান্য ধৰ্মীয় পৱিত্ৰ গ্ৰন্থ অপৱিত্ৰ কৰাটো চৰকাৰে অবৈধ বুলি ঘোষণা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

ডেনমাৰ্কৰ ৰাজহুৱা সম্প্ৰচাৰক ডি আৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৈদেশিক মন্ত্ৰী লাৰ্ছ ল্কে ৰাছমুচেনে কয় যে, পৱিত্ৰ শাস্ত্ৰ জ্বলোৱাটোৱে এখন পৃথিৱীত কেৱল বিভাজন সৃষ্টিৰ উদ্দেশ্যহে পূৰণ কৰে প্ৰকৃততে য’ত ঐক্যৰ প্ৰয়োজন ।

সেইবাবেই দেশখনৰ চৰকাৰে কেনেকৈ অতি বিশেষ পৰিস্থিতিত আন দেশক উপহাস কৰাৰ অন্ত পেলাব পাৰে সেই সন্দৰ্ভে চিন্তা চৰ্চা অব্যাহত ৰখা বুলি কয় ৷ এই বিষয়বোৰে ডেনমাৰ্কৰ স্বাৰ্থ আৰু সুৰক্ষাৰ সৈতে প্ৰত্যক্ষ সংঘাতৰ সৃষ্টি কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে কয় । শেহতীয়াকৈ ডেনমাৰ্ক আৰু চুবুৰীয়া ৰাষ্ট্ৰ ছুইডেনত মুষ্টিমেয় ইছলাম বিৰোধী কৰ্মীয়ে ৰাজহুৱা স্থানত কোৰাণ জ্বলাই ইছলামিক দেশসমূহত ক্ষোভ-বিক্ষোভৰ সূচনা কৰিছে ।

এলকে ৰাছমুচেনে কয় যে প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনৰ কেবিনেটে মত প্ৰকাশৰ স্বাধীনতাৰ সৈতে আপোচ নকৰাকৈ এনে কাৰ্য নিষিদ্ধ কৰাৰ বাবে আইনী পদ্ভতি বিচাৰি উলিয়াবলৈ বদ্ধপৰিকৰ, কিন্তু তেওঁ স্বীকাৰ কৰে যে সেয়া সহজ নহ’ব । এলকে ৰাছমুচেনে কয়, 'ধৰ্মীয় সমালোচনাৰ স্থান নিশ্চয় আছে আৰু ঈশ্বৰ নিন্দা দফা পুনৰ প্ৰৱৰ্তন কৰাৰ কোনো চিন্তা আমাৰ নাই ' ।

ছুইডেনত প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে দেওবাৰে ইনষ্টাগ্ৰামত কয় 'তেওঁৰ চৰকাৰে কোৰান আৰু অন্যান্য পৱিত্ৰ গ্ৰন্থবোৰৰ ধ্বংস সন্দৰ্ভত আইনী পৰিস্থিতি বিশ্লেষণ কৰি আছে ৷ যিহেতু ছুইডেনৰ বিৰুদ্ধে এনে কাৰ্যই শত্ৰুতাৰ সৃষ্টি কৰিছে । দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমি আটাইতকৈ গুৰুতৰ নিৰাপত্তা নীতিৰ পৰিস্থিতিত আছো ।' সোমবাৰে ছুইডেন আৰু ডেনমাৰ্কত কোৰান জ্বলোৱা সন্দৰ্ভত আলোচনা কৰিবলৈ অৰ্গেনাইজেচন অৱ ইছলামিক ক’পাৰেশ্যনে জৰুৰীকালীন ৰিম’ট বৈঠকৰ আহ্বান জনাইছে ।

লগতে পঢ়ক : Firing in Jaipur Express: চলন্ত ৰে’লত চাৰিজনক গুলিয়াই হত্যা; আৰক্ষীৰ জিম্মাত সুৰক্ষা জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.