ETV Bharat / international

আমেৰিকান সেনাৰ ওপৰত ড্ৰোন আক্ৰমণ; ইৰাণ সমৰ্থিত গোটৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ বাইডেনৰ

author img

By PTI

Published : Dec 26, 2023, 12:39 PM IST

Biden orders strike on Iranian aligned group
ইৰাণ সমৰ্থিত গোটৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ বাইডেনৰ

Biden on Attack on US Troops : মেৰিলেণ্ডৰ কেম্প ডেভিদত ৰাষ্ট্ৰপতিৰ আশ্ৰয়স্থলত বৰদিন পালন কৰা বাইডেনক সোমবাৰে সংঘটিত আক্ৰমণৰ কিছু সময় পিছতে হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে সতৰ্ক কৰি দিয়ে । লগতে পেণ্টাগন আৰু তেওঁৰ শীৰ্ষ ৰাষ্ট্ৰীয় নিৰাপত্তা সহায়কসকলক এৰবিলত আমেৰিকান সেনাই ব্যৱহাৰ কৰা বিমানঘাটিত আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ : ৰাষ্ট্ৰপতি জো বাইডেনে উত্তৰ ইৰাকত ড্ৰোন আক্ৰমণত ৩ আমেৰিকান সেনা আহত হোৱাৰ পিছত সামৰিক বাহিনীক ইৰাণ সমৰ্থিত বিদ্ৰোহী গোটৰ বিৰুদ্ধে প্ৰতিশোধমূলক বিমান আক্ৰমণৰ নিৰ্দেশ দিয়ে ।

ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ এড্ৰিয়েন ৱাটছনে কয় যে সোমবাৰে সংঘটিত আক্ৰমণত আমেৰিকাৰ এজন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ইৰাণ সমৰ্থিত বিদ্ৰোহী কাতাইব হিজবুল্লা আৰু সহযোগী গোটসমূহে ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীৰ নিৰ্দেশনাত এই আক্ৰমণৰ দাবী কৰে ।

মেৰিলেণ্ডৰ কেম্প ডেভিদত ৰাষ্ট্ৰপতিৰ আশ্ৰয়স্থলত বৰদিন পালন কৰা বাইডেনক সোমবাৰে সংঘটিত আক্ৰমণৰ কিছু সময় পিছতে হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে সতৰ্ক কৰি দিয়ে । লগতে পেণ্টাগন আৰু তেওঁৰ শীৰ্ষ ৰাষ্ট্ৰীয় নিৰাপত্তা সহায়কসকলক এৰবিলত আমেৰিকান সেনাই ব্যৱহাৰ কৰা বিমানঘাটিত আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ।

ছুলিভানে প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ সৈতেও পৰামৰ্শ কৰে । উল্লেখ্য, বাইডেনৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন ফাইনাৰো কেম্প ডেভিদত ৰাষ্ট্ৰপতিৰ সৈতে আছিল আৰু প্ৰত্যাক্ৰমণৰ বিকল্পসমূহ পুনৰীক্ষণ কৰিবলৈ শীৰ্ষ সহায়কসকলক আহ্বান জনায় । নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আমেৰিকান বিষয়াই এই কথা জনাইছে ।

আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে বাইডেনে তেওঁৰ ৰাষ্ট্ৰীয় সুৰক্ষা দলক এক আহ্বান জনায় । ইয়াৰ পিছতে অষ্টিন আৰু জয়েণ্টি চীফ অব ষ্টাফৰ অধ্যক্ষ জেনেৰেল চিকিউ ব্ৰাউনে বাইডেনৰ আহ্বানক সঁহাৰি জনাই বিকল্পবোৰৰ বিষয়ে অৱগত কৰে । বাইডেনে কাতাইব হিজবুল্লা আৰু সমৰ্থিত গোটৰ দ্বাৰা ব্যৱহৃত তিনিটা স্থানক লক্ষ্য কৰাৰ সিদ্ধান্ত লোৱা বুলিও বিষয়াজনে কয় ।

উল্লেখ্য যে আমেৰিকাৰ কৰ্মচাৰীসকলক আক্ৰমণ কৰাৰ ১৩ ঘণ্টাৰো কম সময়ৰ ভিতৰতে মঙলবাৰে পুৱা প্ৰায় ৪.৪৫ বজাত ইৰাকত আমেৰিকাই আক্ৰমণ চলায় ।

লগতে পঢ়ক :নাইজেৰিয়াৰ সশস্ত্ৰ সংগঠনৰ আক্ৰমণত শতাধিক লোক নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.