ETV Bharat / international

Russia Ukraine crisis: ৰাছিয়াই দিয়া আলোচনাৰ প্ৰস্তাৱ কিয় নাকচ কৰিলে ইউক্ৰেইনে ?

author img

By

Published : Feb 27, 2022, 4:23 PM IST

Russia Ukraine crisis
আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ৰাছিয়াই

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে এক গুৰুত্বপূৰ্ণ খবৰ । ৰাছিয়াই আলোচনাৰ বাবে পুনৰ ইউক্ৰেইনক প্ৰস্তাৱ দিছে (Russia proposes Ukraine again for talks)। কিন্তু ৰাছিয়াৰ এই প্ৰস্তাৱক কিয় নাকচ কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ?

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে (War between Russia and Ukraine) । ৰাছিয়াৰ আক্ৰমণৰ ফলত ইতিমধ্যে ইউক্ৰেইনৰ বহু অঞ্চল ধ্বংসস্তুপত পৰিণত হৈছে । যাৰ বাবে এই যুদ্ধ বন্ধ হোৱাটো বিচাৰিছে ইউক্ৰেইনৰ জনসাধাৰণ লগতে সমগ্ৰ বিশ্ববাসীয়ে । ইয়াৰ মাজতে এক গুৰুত্বপূৰ্ণ খবৰ ।

ইতিমধ্যে আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ৰাছিয়াই । দ্বিতীয়বাৰৰ বাবে ৰাছিয়াই এই প্ৰস্তাৱ আগবঢ়াইছে । ৰাছিয়াই কয় যে তেওঁলোকে বেলাৰুছৰ গোমেলত শান্তি আলোচনাৰ বাবে সাজু হৈছে (Russia is ready to hold talks with Ukraine in Gomel)। বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোৱেও শনিবাৰে ঘোষণা কৰিছিল যে তেওঁলোকে আলোচনাৰ বাবে এক উপযুক্ত স্থান দিবলৈ সাজু ।

ক্ৰেমলিনৰ মুখপাত্ৰই জনোৱা মতে শান্তি চুক্তিৰ উদ্দেশ্যে বৈদেশিক মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰপতি প্ৰশাসনকে ধৰি অন্যান্য সংস্থাসমূহক লৈ গঠিত ৰাছিয়াৰ এটা প্ৰতিনিধি দল ইতিমধ্যে বেলাৰুছত উপস্থিত হৈছে ।

কিন্তু আলোচনাৰ স্থানক লৈ সন্তুষ্ট নহয় ইউক্ৰেইন (Ukraine not satisfied with peace talks venue)। এই প্ৰস্তাৱ নাকচ কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে । জেলেনস্কিয়ে কয় যে তেওঁলোকো আলোচনাৰ বাবে সাজু কিন্তু এই আলোচনা বেলাৰুছত হ'ব নোৱাৰিব । ৰাষ্ট্ৰপতিগৰাকীৰ মতে সামৰিক অভিযানত অংশগ্ৰহণ নকৰা দেশত হে আলোচনা কৰিবলৈ সাজু ইউক্ৰেইন ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে তেওঁৰ টেলিগ্ৰাম চেনেলত এই সন্দৰ্ভত এটা ভিডিঅ' মুকলি কৰে । চলিত সংঘৰ্ষত ৰাছিয়াৰ সৈতে বেলাৰুছ জড়িত থকাৰ কথা উল্লেখ কৰি তেওঁ যে বেলাৰুছৰ বাহিৰে আন যিকোনো ঠাইত ৰাছিয়াৰ সৈতে আলোচনাৰ বাবে তেওঁলোক সাজু । আলোচনাৰ বাবে ৱাৰ্ছ, ব্ৰাটিস্লাভা, বুদাপেষ্ট, ইস্তাম্বুল, বাকু আদি কিছুমান ঠাইৰ পৰামৰ্শও দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

লগতে পঢ়ক:Russia Ukraine war: আমিন আৱাদক ইউক্ৰেইনৰ বাবে ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.