ETV Bharat / international

অধিক শীতল ক’ভিড-19ৰ ভেকচিনৰ উচ্চ সংৰক্ষণ ব্যয়ৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য় সংস্থাৰ মন্তব্য

author img

By

Published : Nov 28, 2020, 9:33 AM IST

প্ৰতিখন দেশে কঠোৰ পৰিশ্ৰম কৰি এক শৃংখলাবদ্ধ ক’ভিড-19ৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে কিছু নতুনত্ব গঢ়ি তুলিব লাগিব ৷ শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ টীকাকৰণ,ভেকচিন আৰু জৈৱিক ৰোগৰ নিৰ্দেশক কেট অ’ৰ্বেনে এইদৰে মন্তব্য কৰে ৷

Kate O’Brien comment
কেট অ’ৰ্বেনৰ মন্তব্য

নিউজ ডেস্ক,28 নৱেম্বৰ : শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ টীকাকৰণ,ভেকচিন আৰু জৈৱিক ৰোগৰ নিৰ্দেশক কেট অ’ৰ্বেনে কয় যে,ক’ভিড-19ৰ ভেকচিনৰ সমস্য়াজনক স্থিতি আৰু সংশ্লিষ্ট উচ্চ ব্যয়ে দেশসমূহক টীকাকৰণৰ উপায় হিচাপে গ্ৰহণ কৰাত নিৰুৎসাহিত কৰিব নালাগে ৷

এই ক্ষেত্ৰত প্ৰতিখন দেশে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু এক শৃংখলাবদ্ধ ভেকচিন প্ৰস্তুত কৰাৰ বাবে কিছু নতুনত্ব গঢ়ি তুলিব লাগিব ৷

এক উদাহৰণ হিচাপে তেওঁ কয় যে,এই ভেকচিনসমূহ স্বাস্থ্য় কৰ্মীসকলে সুবিধা অনুযায়ী ইনকুলেট কৰিবলৈ ব্য়ৱহাৰ কৰিব পাৰিব,য’ত নিম্ন উষ্ণতা থকা ফ্ৰিজাৰ স্থাপন কৰাত কোনো অসুবিধা নহ’ব ৷

যিহেতু বিশ্ব স্বাস্থ্য় সংস্থাৰ ওচৰত উন্নত মানৰ প্ৰযুক্তি আছে গতিকে অতি শৃংখলভাৱে এই অভিজ্ঞতা প্ৰদৰ্শন কৰা হৈছে ৷ ভেকচিন অনুযায়ী ইয়াৰ বিশেষত্ব ভিন্ন ভিন্ন ৷

বৰ্তমান ভেকচিনৰ ক্ষেত্ৰত তিনি পৰ্যায়ৰ পৰীক্ষা সম্পন্ন হৈছে ৷ Pfizerৰ mRNA-ভিত্তিক ভেকচিনটো-70 ডিগ্ৰী ছেলছিয়াছত শীতল কৰি সংৰক্ষণ কৰিব লাগিব ৷

আনহাতে ৰাছিয়াৰ Sputnik V ভেকচিনৰ বাবেও প্ৰায় -18 ডিগ্ৰী ছেলছিয়াছৰ প্ৰয়োজন ৷ ম’ডাৰ্ণাৰ mRNA-ভিত্তিক ভেকচিনটো 2-8 ডিগ্ৰী ছেলছিয়াছৰ পৰা এমাহৰ ভিতৰত স্বাভাৱিক উষ্ণতাত সংৰক্ষণ কৰিব পাৰি ৷

প্ৰস্তুত হোৱা তিনি পৰ্যায়ৰ ভেকচিন এতিয়ালৈকে 90 শতাংশতকৈ অধিক কাৰ্যকৰী হোৱা বুলি প্ৰমাণিত হৈছে ৷

লগতে পঢ়ক : ইলেক্টৰেল কলেজে বাইডেনৰ বিজয় ঘোষণা কৰিলে মই হোৱাইট হাউচ ত্যাগ কৰিম : ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.