ETV Bharat / international

আন্তঃৰাষ্ট্ৰীয় বিমান কাৰ্যক্ষম কৰাৰ অনুৰোধেৰে ভাৰতলৈ তালিবানৰ পত্ৰ

author img

By

Published : Sep 29, 2021, 7:40 PM IST

ভাৰতক আফগানিস্তানৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান(international flights from Afghanistan) পুনৰ কাৰ্যক্ষম কৰাৰ অনুৰোধ তালিবানৰ ৷ দেশখনৰ মুখ্য বিমানবন্দৰৰ সকলো কাৰিকৰী সমস্যা সমাধান কৰা হৈছে বুলি সদৰী কৰিছে তালিবানে ৷ সেয়ে আন্তঃৰাষ্ট্ৰীয় বিমানসমূহক কাবুললৈ তেওঁলোকৰ সেৱা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান তালিবান চৰকাৰৰ ৷

Taliban reach out to India
আন্তঃৰাষ্ট্ৰীয় বিমান কাৰ্যক্ষম কৰাৰ অনুৰোধেৰে ভাৰতলৈ তালিবানৰ পত্ৰ

ইণ্টাৰনেশ্যনেল ডেস্ক , 29 ছেপ্টেম্বৰ : ক্ষমতা গ্ৰহণৰ পাচত প্ৰথমবাৰৰ বাবে যোগাযোগ আৰম্ভ কৰি, তালিবানে(Taliban government) ভাৰতৰ সৈতে যোগাযোগ কৰিছে ৷ আফগানিস্তানৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান(international flights from Afghanistan) পুনৰ কাৰ্যক্ষম কৰাৰ অনুৰোধ জনাই তালিবানে ভাৰতলৈ বুলি পত্ৰ প্ৰেৰণ কৰিছে ৷ অসামৰিক বিমান পৰিবহনৰ সঞ্চালক(Chief of Director General of Civil Aviation) প্ৰধান অৰুণ কুমাৰ(Arun Kumar)ক সম্বোধন কৰি তালিবানে পত্ৰখন প্ৰেৰণ কৰিছে ৷

পত্ৰখনত উল্লেখ কৰা অনুসৰি, কাবুল বিমানবন্দৰ(Kabul airport) পুনৰ কাৰ্যক্ষম হৈ উঠিছে আৰু আৰু সেয়ে পত্ৰখন প্ৰেৰণ কৰা হৈছে ৷ স্বাক্ষৰিত বুজাবুজি চুক্তি(signed Memorandum of Understanding)ৰ ওপৰত ভিত্তি কৰি দুয়োখন দেশৰ মাজত মসৃণ যাত্ৰী চলাচল(smooth passenger movement between the two countries) অব্যাহত ৰখাৰ উদ্দেশ্যে শীঘ্ৰে বিমান পৰিবহন আৰম্ভ কৰাটোৱে পত্ৰখন প্ৰেৰণৰ মুখ্য উদ্দেশ্য বুলি তালিবানে পত্ৰখনত উল্লেখ কৰিছে ৷

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে পত্ৰখন পৰ্যালোচনা কৰি আছে আৰু বৰ্তমান সংস্থাসমূহে ভূমিৰ নিৰাপত্তা পৰিস্থিতি মূল্যায়ন কৰি আছে ৷ পত্ৰখনত উল্লেখ কৰা মতে, শেহতীয়াকৈ আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ সময়ত আমেৰিকান সৈন্যই কাবুল বিমানবন্দৰ ক্ষতিগ্ৰস্ত কৰি অকাৰ্যকৰী কৰি তুলিছিল ৷

সম্প্ৰতি Qatar ৰ কাৰিকৰী সহযোগত বিমানবন্দৰটো পুনৰ এবাৰ কাৰ্যক্ষম কৰি তোলা হৈছে ৷ সেয়ে আফগানিস্তানৰ National Carriers(Ariana Afghan Airline & Kam Air)এ তেওঁলোকৰ নিৰ্ধাৰিত বিমান আৰম্ভ কৰাৰ লক্ষ্য লৈছে ৷ সেই বাবেই আফগানিস্তান অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই ভাৰতক বাণিজ্যিক বিমান চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ৷

উল্লেখ্য যে, দেওবাৰে আফগানিস্তানৰ তালিবান চৰকাৰে দেশখনৰ মুখ্য বিমানবন্দৰৰ সকলো কাৰিকৰী সমস্যা সমাধান কৰা হৈছে বুলি সদৰী কৰি আন্তঃৰাষ্ট্ৰীয় বিমানসমূহক কাবুললৈ তেওঁলোকৰ সেৱা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : তালিবানে আমেৰিকাক কিয় দিলে সকীয়নি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.