মহিলা কৰ্মচাৰীক ঘৰতে থকাৰ নিৰ্দেশ তালিবানৰ

author img

By

Published : Sep 19, 2021, 8:14 PM IST

taliban tells female city workers to stay at home

মহিলাসকলৰ ওপৰত তালিবানৰ নতুনৰ নিষেধাজ্ঞা ৷ মহিলাৰ বাবে ক্ৰিকেট খেলাত নিষেধাজ্ঞা প্ৰদানৰ পাচতে এইবাৰ কাবুল মহানগৰ চৰকাৰ(Kabul city government)ৰ মহিলা কৰ্মচাৰীসকলক ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ ৷

ইণ্টাৰনেশ্যনেল ডেস্ক , 19 ছেপ্টেম্বৰ : মহিলাসকলে ক্ৰিকেট খেলাত বাধা দিয়াৰ পাচতে এইবাৰ ঘৰৰ ভিতৰতে মহিলাসকলক সোমাই থকাৰ নিৰ্দেশ তালিবানৰ ৷ মহিলাসকলৰ ওপৰত তালিবানে আৰোপ কৰা অন্যান্য বাধা-নিষেধৰ লগতে এইবাৰ কাবুল মহানগৰ চৰকাৰ(Kabul city government)ৰ মহিলা কৰ্মচাৰীসকলক তালিবানে ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

নতুন তালিবান শাসকসকলৰ দ্বাৰা মহিলাৰ ওপৰত আৰোপ কৰা শেহতীয়া নিষেধাজ্ঞাৰ বিৱৰণ দি দেওবাৰে আফগানিস্তানৰ ৰাজধানীৰ অন্তৱৰ্তীকালীন মেয়ৰে এই কথা সদৰী কৰে ৷ তেওঁ কয় যে, কাবুল মহানগৰ চৰকাৰৰ মহিলা কৰ্মচাৰীসকলক ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিয়া হৈছে ৷ সেই অনুসৰি কেৱল পুৰুষৰ দ্বাৰা সলনি কৰিব নোৱাৰা কামৰ বাবেহে মহিলাসকলক অনুমতি প্ৰদান কৰা হৈছে ৷

পুৰুষৰ সৈতে সলনি কৰিব নোৱাৰা কামৰ বাবে যিসমূহ মহিলাসকক কাম কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে তাৰ ভিতৰত আছে ডিজাইন আৰু অভিযান্ত্ৰিক বিভাগৰ দক্ষ কৰ্মীৰ লগতে মহিলাসকলৰ বাবে ৰাজহুৱা শৌচালয়ৰ মহিলা সেৱক ৷ মেয়ৰগৰাকীয়ে জানিবলৈ দিয়া মতে, কাবুল পৌৰ বিভাগৰ মহিলা কৰ্মচাৰীসকলৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত এতিয়াও বাকী আছে ৷ অৱশ্যে ইয়াৰ মাজতে তেওঁলোকে তেওঁলোকৰ দৰমহা লাভ কৰিব ৷

লগতে পঢ়ক : পৰিয়ালসহ পাকিস্তানত উপস্থিত আফগান মহিলা ফুটবল দলৰ খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.