পৰিয়ালসহ পাকিস্তানত উপস্থিত আফগান মহিলা ফুটবল দলৰ খেলুৱৈ

author img

By

Published : Sep 15, 2021, 8:31 PM IST

Afghan female footballer reached Pakistans

তালিবান(Taliban)ৰ পৰা পৰিত্ৰাণ বিচাৰি পাকিস্তান পালেগৈ আফগানিস্তান(Afghanistan)ৰ ৰাষ্ট্ৰীয় কনিষ্ঠ মহিলা ফুটবল দলৰ খেলুৱৈ । তালিবানৰ ভাবুকিৰ সন্মুখীন হৈছিল ৩২ গৰাকী মহিলা খেলুৱৈয়ে । মহিলাই ক্ৰীড়াৰ সৈতে জড়িত থকাৰ ক্ষেত্ৰত তালিবানে বাধা আৰোপ কৰাৰ পিছতো এই খেলুৱৈসকলে তালিবানৰ নিৰ্দেশ মানি নোলোৱাৰ বাবে ভাবুকিৰ সন্মুখীন হৈছিল ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : অৱশেষত সুৰক্ষিতভাৱে পাকিস্তানত উপস্থিত হ’ল তালিবানৰ ভাবুকিৰ সন্মুখীন হোৱা আফগানিস্তানৰ ৩২ গৰাকী মহিলা ফুটবল খেলুৱৈ । বুধবাৰে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, খেলুৱৈকেইগৰাকীয়ে তালিবানৰ পৰা ৰক্ষা পৰিবলৈ সহায় বিচাৰিছিল । সেয়ে, তেওঁলোকৰ স্থানান্তৰকৰণৰ বাবে মানৱীয়তাৰ খাতিৰত জৰুৰীকালীন ভিছাৰ বাবে অনুমোদন জনোৱা হয় । ২০২২ ফিফা বিশ্বকাপৰ বাবে নিৰ্মিত গৃহত আফগান শৰণাৰ্থীসকলক থাকিবলৈ দিয়া হৈছিল ।

একেটা স্থানতে আছিল ৰাষ্ট্ৰীয় কনিষ্ঠ মহিলা ফুটবল দলৰ খেলুৱৈসকল । তেওঁলোক কাটাৰ ভ্ৰমণৰ বাবে গৈছিল । পিছত দেশখনৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আফগান শৰণাৰ্থী থকা স্থানত থাকিবলগীয়া হয় । কিন্তু ২৬ আগষ্টত কাবুল বিমানবন্দৰত বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৩ জন জোৱান আৰু প্ৰায় ১৭০ গৰাকী আফগান নাগৰিক নিহত হোৱাৰ পিছত পৰিস্থিতি অধিক অৱনতি ঘটে ।

ফলত খেলুৱৈকেইগৰাকী সেই স্থানতে আৱদ্ধ হৈ পৰে । ইয়াৰ পাছতে ক্ৰীড়াৰে জড়িত হৈ থকা বাবে তালিবানে খেলুৱৈকেইগৰাকীক ভাবুকি দিয়ে । তালিবানে আগষ্ট মাহত আফগানিস্তানৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়ে । এই মহিলা ফুটবল খেলুৱৈসকলে তেতিয়াৰ পৰাই তালিবানৰ পৰা ৰক্ষা পৰিবলৈ আত্মগোপন কৰি আছিল । ফুটবল ফৰ পিচ, পাকিস্তান ফুটবল ফেডাৰেশ্যন আৰু চৰকাৰৰ সহযোগত ৩২ জন ফুটবল খেলুৱৈক পাকিস্তানলৈ স্থানান্তৰ কৰা হয় ।

এতিয়া এই ফুটবল খেলুৱৈসকলক পেছাৱৰৰ পৰা লাহোৰলৈ নিয়া হ'ব আৰু তেওঁলোকক পি এফ এফৰ মুখ্য কাৰ্যালয়ত থাকিবলৈ দিয়া হ'ব । ফিফাৰ সভাপতি গিয়ান্নি ইনফান্তিনো(Gianni Infantino)ৱে যোৱা সপ্তাহত দোহা ভ্ৰমণৰ সময়ত আফগান শৰণাৰ্থীসকলক সাক্ষাৎ কৰে । আফগানিস্তানৰ মহিলা ফুটবল খেলুৱৈসকলক সহায় আগবঢ়োৱাৰ বাবে ফিফাৰ তৰফৰ পৰা কোনো ব্যৱস্থা নকৰাৰ বাবে ফিফাই এতিয়া সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

লগতে পঢ়ক : কাবুল বিমানবন্দৰত পুনৰ আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.