ETV Bharat / international

অলিম্পিক শেষ; এইবাৰ জাপানত 'মিৰিনাই'

author img

By

Published : Aug 8, 2021, 7:04 PM IST

Japan as typhoon Mirinae looms
অলিম্পিক শেষ এইবাৰ জাপানত মিৰিনাই

তীব্ৰ গতিবেগেৰে জাপানৰ পূৱ দিশৰ ফালে আগবাঢ়িছে এই মিৰিনাই ঘূৰ্ণীবতাহ । পূৱ উপকূলৰ চিবা প্ৰান্তৰ প্ৰায় ২৯,০০০ লোকক সেই স্থান ত্যাগ কৰি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ আগষ্ট : অলিম্পিকৰ (Olympic) ধামখুমীয়াৰ মাজতে টকিঅ'বাসীৰ বাবে এক উদ্বেগৰ খবৰ । অলিম্পিক সমাপ্তি হৈছে যদিও টকিঅ' এক প্ৰৱল ঘূৰ্ণীবতাহৰ কৱলত পৰাৰ আশংকা কৰা হৈছে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি জাপানৰ পূৱ উপকূলৰ দিশে আগবাঢ়িছে মিৰিনাই ঘূৰ্ণীবতাহ ।

তীব্ৰ গতিবেগেৰে জাপানৰ পূৱ দিশৰ ফালে আগবাঢ়িছে এই মিৰিনাই ঘূৰ্ণীবতাহ (typhoon Mirinae) । বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে অঞ্চলটোত সতৰ্কবাণী জাৰি কৰিছে । লগতে পূৱ উপকূলৰ চিবা প্ৰান্তৰ প্ৰায় ২৯,০০০ লোকক সেই স্থান ত্যাগ কৰি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে ।

দেওবাৰে পুৱতি নিশালৈকে মিৰিনাই ঘূৰ্ণীবতাহ প্ৰি-ফেকচাৰৰ দক্ষিণ-পূৱত আছিল আৰু প্ৰতি ঘণ্টাত প্ৰায় ২৫ কিলোমিটাৰ উত্তৰ-পূৱ লৈ গতি কৰিছে । জাপান বতৰ বিজ্ঞান সংস্থাৰ এই প্ৰতিবেদন প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ।

জানিব পৰা মতে, এই ঘূৰ্ণী বতাহৰ কেন্দ্ৰীয় বায়ুমণ্ডলীয় চাপ হৈছে ৯৮০ হেক্টোপাস্কেল । ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ৮৩ কিলোমিটাৰ আৰু ইয়াৰ অভিকেন্দ্ৰৰ ওচৰত প্ৰতি ঘণ্টাত সৰ্বাধিক গতিবেগ ১২৬ কিলোমিটাৰ । ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সাম্ভাব্য ভূমিস্খলন আৰু বানপানীৰ বিষয়ে সতৰ্ক কৰি দিছে কিয়নো ঘূৰ্ণীবতাহৰ লগে লগে জাপানৰ উপকূলীয় অঞ্চলত প্ৰৱল বৰষুণ আৰু বজ্ৰপাতৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক :তালিবানৰ বিৰুদ্ধে পুনৰ আফগান বায়ু সেনাৰ এয়াৰষ্ট্ৰাইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.