ETV Bharat / international

তালিবানৰ বিৰুদ্ধে পুনৰ আফগান বায়ু সেনাৰ এয়াৰষ্ট্ৰাইক

author img

By

Published : Aug 5, 2021, 8:40 PM IST

কেইবাটাও এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে তালিবানী সন্ত্ৰাসবাদীৰ স্থানসমূহ ধ্বংস কৰাৰ প্ৰয়াস কৰি আহিছে আফগান বায়ু সেনাই । লস্কৰ গাহৰ প্ৰাদেশিক ৰাজধানীক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল । কিয়নো চহৰখনৰ ১০ খন আৰক্ষী জিলাৰ ৯ খনে তালিবানৰ নিয়ন্ত্ৰণত আছিল ।

Airstrikes
তালিবানৰ বিৰুদ্ধে পুনৰ আফগান বায়ু সেনাৰ এয়াৰষ্ট্ৰাইক

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ আগষ্ট : আফগানিস্তানত তালিবানৰ দখল অব্যাহত আছে । ইতিমধ্যে দেশখনৰ কেইবাখনো প্ৰদেশ তালিবানে (Taliban) নিজৰ অধীনলৈ লৈ যাবলৈ সক্ষম হয় । বৃহস্পতিবাৰে সেই স্থানবোৰত আফগান বায়ু সেনাই (Afghan air force) আক্ৰমণ কৰে । কেইবাটাও এয়াৰষ্ট্ৰাইকৰ জৰিয়তে তালিবানী সন্ত্ৰাসবাদীৰ অধীনৰ স্থানসমূহ ধ্বংস কৰাৰ প্ৰয়াস কৰে আফগান বায়ু সেনাই ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, দক্ষিণ হেলমান্দ প্ৰদেশকে ধৰি সমগ্ৰ দেশতে এয়াৰ ষ্ট্ৰাইক (airstrike) কৰা হৈছিল । য'ত লস্কৰ গাহৰ প্ৰাদেশিক ৰাজধানীক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল । কিয়নো চহৰখনৰ ১০ খন আৰক্ষী জিলাৰ ৯ খনে তালিবানৰ নিয়ন্ত্ৰণত আছিল ।

লস্কৰ গাহৰ বাসিন্দাসকলৰ পৰা তালিবানৰ নিয়ন্ত্ৰণাধীন চৰকাৰী ৰেডিঅ' আৰু দূৰদৰ্শন কেন্দ্ৰৰ (radio and television station) সমীপত প্ৰচণ্ড বোমা বিস্ফোৰণ হোৱাৰ খবৰ লাভ কৰা গৈছে । কেইবাটাও বিবাহ ভৱন আৰু প্ৰাদেশিক ৰাজ্যপালৰ এটা অতিথিশালাও আছে ৰেডিঅ' আৰু দূৰদৰ্শন কেন্দ্ৰৰ ওচৰত ।

পৰিষদৰ মুৰব্বী মহম্মদ নুৰ ৰহমানীৰ মতে উত্তৰ আফগানিস্তানত তালিবানে চাৰ-ই-পুলৰ বেছিভাগ প্ৰাদেশিক ৰাজধানীয়ে তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিছিল । শেহতীয়াকৈ তালিবানে উত্তৰ আফগানৰ কেইবাখনো প্ৰদেশৰ বহু জিলা তেওঁলোকৰ দখললৈ আনিছে ।

উল্লেখ্য যে, এপ্ৰিলৰ শেষৰফালে আমেৰিকা যুক্তৰাষ্ট্ৰই নাটো সৈন্যৰ (NATO troops) চূড়ান্ত প্ৰত্যাহাৰ আৰম্ভ কৰাৰ লগে লগে তালিবানৰ আক্ৰমণ তীব্ৰতৰ হোৱা দেখা গৈছে আফগানিস্তানত । আক্ৰমণ তীব্ৰ হোৱাৰ লগে লগে আফগান নিৰাপত্তা বাহিনী আৰু সেনা বাহিনীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগত এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে তালিবানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । যাৰ বাবে সমগ্ৰ দেশতে সাধাৰণ লোকৰ হতাহতৰ ঘটনা বৃদ্ধি পাইছে আৰু যিটো বিশ্বজুৰি উদ্বেগৰ কাৰণ হৈ পৰিছে ।

ইফালে বুধবাৰে ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে কয় যে দক্ষিণৰ লস্কৰ গাহত সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ে গভীৰভাৱে চিন্তিত সকলো । কিয়নো সেই অঞ্চলৰ হাজাৰ হাজাৰ লোক এতিয়া যুঁজত আবদ্ধ হৈ পৰিছে । তেওঁ জনোৱা মতে ইতিমধ্যে মানৱ অধিকাৰ সংস্থাসমূহৰ সৈতেও সেই অঞ্চলৰ বিষয়ে আলোচনা অব্যাহত আছে ।

লগতে পঢ়ক : আফগান সেনাৰ অভিযানত নিহত 254 তালিবানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.