ETV Bharat / international

আফগানিস্তানত IS ৰ দুটাকৈ ভয়ংকৰ কূটাঘাতমূলক আক্ৰমণ : খালিলজাদ

author img

By

Published : May 15, 2020, 3:37 PM IST

মঙলবাৰে আফগানিস্তানত ইছলামিক সন্ত্ৰাসবাদী সংগঠন চমুকৈ আইএছয়ে সংঘটিত কৰিছিল দুটাকৈ ভয়ংকৰ আক্ৰমণ । এটা আক্ৰমণত ২৪ গৰাকী নাগৰিকৰ মৃত্য়ু হোৱাৰ বিপৰীতে আহত হৈছে ১৬ জনকৈ লোক । ৰাজধানী কাবুল চহৰৰ এখন প্ৰসূতি হাস্পতালত এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰা হৈছিল । আনহাতে আন এটা আক্ৰমণত পূৱ-নানগাৰহাৰত অনুষ্ঠিত হৈ থকা অন্ত্যোষ্টিক্ৰিয়াক লক্ষ্য কৰি আত্মঘাতী বোমা বিস্ফোৰণ কৰা হয় । য'ত ৩২ জন লোক প্ৰাণ যোৱাৰ বিপৰীতে ১০৩ জন লোক আহত হৈছিল ।

IS conducted 2 deadly attacks in Afghanistan: Khalilzad
IS conducted 2 deadly attacks in Afghanistan: Khalilzad

নিউজ ডেস্ক, ১৫ মে': বিশ্বজুৰি চলি থকা কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতেই আফগানিস্তানত বিগত সপ্তাহত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ দুটাকৈ ভয়ংকৰ আক্ৰমণত নিহত হৈছিল ৫০ জনতকৈ অধিক লোক । এই কথা সদৰি কৰিছে আফগান-আমেৰিকাৰ সমন্বয়ৰ (US Special Representative for Afghan Reconciliation) বিশেষ প্ৰতিনিধি জালময় খালিলজাদে ।

বৃহস্পতিবাৰে খালিলজাদে টুইট কৰি কয় যে, ISIS-K ৰ দ্বাৰা প্ৰসূতি ৱাৰ্ডত আৰু এটা অন্ত্যোষ্টিক্ৰিয়া অনুষ্ঠাত দুটাকৈ ভয়ংকৰ কূটাঘাট মূলক ঘটনা বিগত সপ্তাহত সংঘটিত কৰা হৈছিল আফগানিস্তানত । সংবাদ তথ্য়ৰ মতে, আফগান চৰকাৰ আৰু তালিবানৰ মাজত শান্তি চুক্তি বিৰোধীতা কৰিয়ে এই কূটাঘাটমূলক আক্ৰমণ সংঘটিত কৰা হৈছে ।

ৰাজধানী চহৰ কাবুলত মঙলবাৰে প্ৰসূতি হাস্পতালত সংঘটিত হোৱা আক্ৰমণত ২৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ গৰাকীকৈ লোক আহত হৈছিল । আনহাতে পূৱ-নানগাৰহাৰত এটা অন্ত্যোষ্টিক্ৰিয়া অনুষ্ঠানক লক্ষ্য কৰি আত্মঘাতী বোমা বিস্ফোৰণ কৰা হৈছিল । য'ত ৩২ গৰাকী লোক মৃত্যু হোৱাৰ লগতে আহত হৈছিল ১০৩ গৰাকীকৈ লোক ।

তালিবান বিদ্ৰোহী সংঘটনে এই ঘটনাৰ পিচতেই এই দুই বিস্ফোৰণৰ লগত তেওঁলোক জড়িত নহয় বুলি স্পষ্টিকৰণ প্ৰদান কৰিছিল । ইয়াৰ পাচত আফগানিস্তানৰ ৰাষ্ট্ৰপতি মহম্মদ আশ্ৰাফ ঘানীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীক সক্ৰিয় প্ৰতিৰক্ষা অৱস্থান অৱসান ঘটাই তালিবান সহ সন্ত্ৰাসবাদী সমূহৰ ওপৰত পুনৰ আক্ৰমণৰ নিৰ্দেশ প্ৰদান কৰিছিল ।

ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে কাটাৰত আমেৰিকা আৰু তালিবানৰ মাজত শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাচতো হিংসা যুদ্ধগ্ৰস্থ দেশত সহিংসতা অবধি স্থায়ী হৈ আছিল । যিটোৱে পৰ্যায়ক্ৰমে আমেৰিকান বাহিনীক প্ৰত্যাহাৰৰ পথ প্ৰশস্ত কৰিছিল ।

১০ মাৰ্চত ইণ্ট্ৰাৰ-আফগান সংলাপ আৰম্ভ হোৱাৰ পূৰ্বেই ৫ হাজাৰ তালিবান বন্দীক মুকলি কৰি দিয়াক লৈ মতবিৰোধ বাবেই এই শান্তি চুক্তি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.