উত্তৰ-পূৱ জাপানত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প : ৩ জন আহত

author img

By

Published : Oct 6, 2021, 12:16 PM IST

5.9 magnitude quake hits northeastern Japan

উত্তৰ-পূৱ জাপানত ভূমিকম্পত তিনিজন লোক আহত ৷ ৫.৯ প্ৰাবল্যৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল Iwate Prefecture ৰ পৰা Pacific Oceanত প্ৰায় ৫৬ কিলোমিটাৰ গভীৰতাত ৷ ছুনামিৰ(tsunami) কোনো আশংকা নাই বুলি জানিবলৈ দিছে বতৰ সংস্থা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ৷

ইণ্টাৰনেশ্যনেল ডেস্ক , 6 অক্টোবৰ : ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল উত্তৰ-পূৱ জাপান(northeastern Japan) ৷ বুধবাৰে পুৱতি নিশা উত্তৰ-পূব জাপানত হোৱা এই ভূমিকম্পত তিনিজনকৈ লোক আহত হৈছে ৷ অৱশ্যে বতৰ সংস্থা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ছুনামিৰ(tsunami) কোনো আশংকা নাই বুলি জানিবলৈ দিছে ৷

তিনিজনকৈ লোক ভূমিকম্পৰ ফলত আহত হ'লেও এই পৰ্যন্ত কোনো বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই ৷ জাপানৰ বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি, পুৱা ২:৪৬ বজাত ভূমিকম্পটো সংঘটিত হৈছিল ৷ Iwate Prefecture ৰ পৰা Pacific Oceanত প্ৰায় ৫৬ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পূৰ্বে, চলিত বৰ্ষৰ 21 ছেপ্টেম্বৰৰ পুৱা ১:৫৫ বজাত (IST) জাপানত ৬.০ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হৈছিল ৷ National Center for Seismology (NCS)য়ে জানিবলৈ দিয়া মতে, ভূমিকম্পটো টকিঅ'ৰ ১৫৯৩ কিলোমিটাৰ উত্তৰ-পূবত(1593 kilometres NE of Tokyo) ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ৷

লগতে পঢ়ক : আমেৰিকা আৰু চীনে অনুসৰণ কৰিব টাইৱান চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.