ETV Bharat / international

উদ্বেগজনক : চীন আৰু পাকিস্তানত আছে ভাৰততকৈ অধিক পাৰমণাৱিক অস্ত্ৰ

author img

By

Published : Jun 15, 2020, 4:09 PM IST

Updated : Jun 15, 2020, 5:11 PM IST

China, Pak possess more nuclear weapons than India: Defence think-tank SIPRI
China, Pak possess more nuclear weapons than India: Defence think-tank SIPRI

ডিফেন্স থিংক টেংক ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে উল্লেখ কৰা অনুসৰি, চীন আৰু পাকিস্তানৰ কাষত আছে ভাৰততকৈয়ো অধিক পাৰমাণৱিক অস্ত্ৰ ৷

নিউজ ডেস্ক, 15 জুন : এফালে সমগ্ৰ বিশ্বই কৰ‘ণা ভাইৰাছৰ সৈতে যুঁজি আছে ৷ আনহাতে আকৌ ভাৰত আৰু চীনৰ মাজত অব্যাহত আছে সীমা বিবাদ ৷ ইয়াৰ মাজতে ডিফেন্স থিংক টেংক ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে উল্লেখ কৰা অনুসৰি, চীন আৰু পাকিস্তানৰ কাষত আছে ভাৰততকৈয়ো অধিক পাৰমাণৱিক অস্ত্ৰ ৷

পাৰমাণৱিক অস্ত্ৰৰে সম্বন্ধিত এচ আই পি আৰ আইয়ে সোমবাৰে তেওঁলোকৰ 2020 বৰ্ষৰ বাৰ্ষিক আলোচনী মুকলি কৰে ৷ আলোচনীত চীন, পাকিস্তান আৰু ভাৰতৰত জমা থকা পাৰমাণৱিক অস্ত্ৰ সম্পৰ্কীয় তথ্য উল্লেখ কৰে ৷ উক্ত আলোচনীত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি, বৰ্তমান চীনৰ ওচৰত 320 টা পাৰমাণৱিক অস্ত্ৰ মজুত আছে ৷ তদুপৰি পাকিস্তানৰ ওচৰত মজুত আছে 160 টা পাৰমাণৱিক অস্ত্ৰ ৷ ইয়াৰ বিপৰীতে ভাৰতত মজুত আছে 150 টা পাৰমাণৱিক অস্ত্ৰ ৷ এচ আই পি আৰ আইয়ে এই তথ্য 2020 চনৰ জানুৱাৰী লৈকে জমা থকা পাৰমাণৱিক অস্ত্ৰৰ পৰিমাণ বুলি সদৰী কৰে ৷

উল্লেখ যে, বিগত বৰ্ষত এচ আই পি আৰ আইয়ে নিজৰ প্ৰতিবেদনত চীনৰ ওচৰত 290, পাকিস্তানৰ হাতত 150-160 আৰু ভাৰতৰ হাতত 130-140 টা পাৰমাণৱিক অস্ত্ৰ মজুত থকাৰ তথ্য প্ৰকাশ কৰিছিল ৷

লগতে পঢ়কঃ আফগানিস্তানত বিগত দুটা সপ্তাহত তালিবানীৰ আক্ৰমণত নিহত ৮৯, আহত ১৫০

Last Updated :Jun 15, 2020, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.