ETV Bharat / international

জৰুৰীকালিন অৱস্থাত Pfizer প্ৰতিষেধকক ব্যৱহাৰৰ বাবে WHOৰ অনুমতি

author img

By

Published : Jan 1, 2021, 1:11 PM IST

Pfizer-BioNTech ক'ৰণা প্ৰতিষেধক জৰুৰীকালিন অৱস্থাত প্ৰয়োগৰ বাবে WHOৰ অনুমতি ৷ অচিৰেই এই প্ৰতিষেধক উপলব্ধ হ'ব দৰিদ্ৰ দেশ সমূহত ৷ ইতিমধ্যে ইউৰোপ আৰু নৰ্থ আমেৰিকাত উপলব্ধ এই প্ৰতিষেধক ৷ ড্ৰাগ ৰেগুলেটৰী বডী থকা দেশসমূহে প্ৰতিষেধক প্ৰয়োগ কৰাৰ পূৰ্বে আদায় কৰিব লাগিব নিজ দেশৰ অনুমতি ৷

জৰুৰীকালিন অৱস্থাত pfizer প্ৰতিষেধকক ব্যৱহাৰৰ বাবে WHO ৰ অনুমতি
জৰুৰীকালিন অৱস্থাত pfizer প্ৰতিষেধকক ব্যৱহাৰৰ বাবে WHO ৰ অনুমতি

নেচনেল ডেস্ক, 1 জানুৱাৰী: জৰুৰীকালিন অৱস্থাত Pfizer-BioNTech ক'ৰণা ভাইৰাছ প্ৰতিষেধক ব্যৱহাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে অনুমতি প্ৰদান কৰিছে ৷

Pfizer-BioNTech জৰুৰীকালিন অৱস্থাত প্ৰয়োগৰ বাবে অনুমতি দিয়াৰ উপৰিও WHO য়ে এই কথা উল্লেখ কৰিছে যে ইতিমধ্যে ইউৰোপ আৰু নৰ্থ আমেৰিকাত উপলব্ধ এই প্ৰতিষেধক বিধ অতি সোনকালেই দৰিদ্ৰ দেশ সমূহতো উপলব্ধ হ'ব ৷ অৱশ্যে যিসকল দেশৰ নিজা ড্ৰাগ ৰেগুলেটৰী বডী আছে সেইসকল দেশে যিকোনো ক'ভিড-19 প্ৰতিষেধক ব্যৱহাৰৰ কৰাৰ পূৰ্বে নিজ দেশৰ অনুমোদন পাব লাগিব ৷

বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাটোৱে কয় যে জৰুৰীকালিন অৱস্থাত ক'ভিড-19 প্ৰতিষেধক ব্যৱহাৰৰ বাবে WHO য়ে লোৱা এই সিদ্ধান্তৰ পাছতে বাকী থকা দেশবোৰেও নিজা ড্ৰাগ ৰেগুলেটৰী বডীৰ অনুমতি সাপেক্ষে প্ৰতিষেধকক ব্যৱহাৰ কৰাৰ দুৱাৰ মুকলি হ'ল ৷

লগতে পঢ়ক:জানুৱাৰী মাহৰ শেষলৈকে ম্যানমাৰত আন্তঃৰাষ্ট্ৰীয় বিমানৰ অৱতৰণ নিষিদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.