ETV Bharat / international

অন্তিম পৰ্যায়ত স্বেচ্ছাসেৱকৰ দেহত প্ৰয়োগ কৰা হ’ব কৰ’ণাৰ প্ৰতিষেধক

author img

By

Published : Jul 27, 2020, 6:34 PM IST

দুৰ্ভাগ্যবশতঃ আমেৰিকাত বৰ্তমানেও মাত্ৰাধিক হৈ আছে কৰ’ণা সংক্ৰমণৰ হাৰ ৷ চীন আৰু বৃটেইনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে চলিত মাহত ব্ৰাজিলৰ দৰে অন্যান্য বিদেশী ৰাষ্ট্ৰত প্ৰতিষেধকবিধৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ ইতিমধ্যে আৰম্ভ কৰিছে ৷ কিন্তু আমেৰিকাৰ দেশসমূহক ব্যৱহাৰ কৰিবলগীয়া প্ৰতিষেধক সম্পৰ্কে পৰীক্ষণ এতিয়াও বাকী আছে ৷

Virus vaccine put to final test in thousands of volunteers Etv Bharat news
স্বেচ্ছাসেৱকৰ দেহত প্ৰয়োগ কৰা হ’ব কৰ’ণাৰ প্ৰতিষেধক

ৱাশ্চিংটন,27 জুলাই: বিশ্বৰ সৰ্ববৃহৎ মহামাৰী হিচাপে পৰিচিত Covid 19 ৰ প্ৰতিষেধক সম্পৰ্কে আজিও পৰীক্ষণ অব্যাহত আছে ৷ য’ত প্ৰথমবাৰৰ বাবে 30,000 স্বেচ্ছাসেৱকে আমেৰিকা চৰকাৰৰ দ্বাৰা তৈয়াৰী প্ৰতিষেধকৰ নমুনা পৰীক্ষাত সহায় কৰিছে ৷ প্ৰতিষেধকবিধ মুকলিৰ পূৰ্বে এয়া শেষ পৰীক্ষা হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে ৷ কিন্তু এইপৰ্যন্ত নেশ্যনেল ইনষ্টিটিউটচ অফ হেল্থ এণ্ড মাডৰ্নে-ৰ দ্বাৰা মুকলি হ’বলগীয়া প্ৰতিষেধকবিধ সম্পূৰ্ণ সুৰক্ষিত হ’ব নে নাই সেয়া স্পষ্ট হোৱা নাই ৷ প্ৰতিষেধকবিধৰ দুই টোপাল ব্যৱহাৰ কৰাৰ পিছতো বৈজ্ঞানিক দৃষ্টিভংগীৰে ই কেনেদৰে প্ৰতিক্ৰিয়া কৰিব সেই সম্পৰ্কে স্বেচ্ছাসেৱক সকলো বৰ্তমান অজ্ঞাত ৷

দুৰ্ভাগ্যবশতঃ আমেৰিকাত বৰ্তমানেও মাত্ৰাধিক হৈ আছে কৰ’ণা সংক্ৰমণৰ হাৰ ৷ চীন আৰু বৃটেইনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে চলিত মাহত ব্ৰাজিলৰ দৰে অন্যান্য বিদেশী ৰাষ্ট্ৰত প্ৰতিষেধকবিধৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ ইতিমধ্যে আৰম্ভ কৰিছে ৷ কিন্তু আমেৰিকাৰ দেশসমূহক ব্যৱহাৰ কৰিবলগীয়া প্ৰতিষেধক সম্পৰ্কে পৰীক্ষণ এতিয়াও বাকী আছে ৷ প্ৰতিষেধকবিধ সম্পৰ্কে কৰা অধ্যয়নে এইমুহুৰ্তত যথেষ্ঠ নহয় কিয়নো ইয়াৰ ব্যৱহাৰ কিমানদুৰ সুৰক্ষিত সেয়া নিশ্চিত হোৱাৰ প্ৰয়োজন আছে ৷ আগষ্টৰ প্ৰথমভাগতে অক্সফ’ৰ্ডে ইয়াৰ অন্তিম পৰীক্ষণ আৰম্ভ কৰিব ৷ সকলো কাৰ্যসূচী সঠিক থাকিলে পৰৱৰ্তী চেপ্তেম্বৰ মাহত জনছন এণ্ড জনছন আৰু অক্টোবৰত নোভাভেস্কৰ দ্বাৰা প্ৰতিষেধক উদ্ভাৱনৰ আশা প্ৰকাশ কৰা হৈছে ৷

কোৰীয়ে বিগত সপ্তাহত অনুষ্ঠিত হোৱা প্ৰতিষেধক সম্পৰ্কীয় এক বৈঠকত এই পৰীক্ষাই বিভিন্ন স্তৰ অতিক্ৰম কৰাৰ আৱশ্যকতা থকাৰ কথা ব্যক্ত কৰে ৷ লগতে বহুভাষী হোৱা আৰু সংযুক্ত ৰাষ্ট্ৰখনৰ জনসংখ্যাৰ বিবিধতাৰ প্ৰতি লক্ষ্য ৰখা উচিত বুলি ব্যক্ত কৰে ৷

লগতে চাওকঃ অধিক জনপ্ৰিয়তা অৰ্জনৰ দিশে টেলিগ্ৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.