ETV Bharat / international

তালিবানৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত জ' বাইডেনৰ প্ৰথম প্ৰতিক্ৰিয়া

author img

By

Published : Aug 19, 2021, 11:07 AM IST

Biden
তালিবানৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া বিডেনৰ

আফগান চৰকাৰৰ পতন আৰু তালিবানৰ প্ৰত্যাৱৰ্তন হৈছে আফগানিস্তানৰ বৰ্তমানৰ ছবি । ইয়াৰ মাজতে আমেৰিকাৰ সেনা প্ৰত্যাহাৰক লৈ সমালোচনাৰ সন্মুখীন হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ আগষ্ট: আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকাৰ সেনা বাহিনীক প্ৰত্যাহাৰ কৰাৰ ফলতে আফগানিস্তানত তালিবানৰ (Taliban) প্ৰত্যাৱৰ্তন হোৱা বুলিও বহুতে অভিযোগ উত্থাপন কৰিছে । কিন্তু ইয়াৰ মাজতে প্ৰথমবাৰলৈ মুখ খুলিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে (Joe Biden) ।

নিজকে ৰক্ষা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, আফগানিস্তানত থকা আমেৰিকাৰ সেনাৰ সীমিত সংখ্যাই সম্পূৰ্ণ বিশৃংখলতা চম্ভালিব নোৱাৰিলেহেতেন । আনকি তালিবানৰ প্ৰত্যাৱৰ্তনৰ পাছত প্ৰথম প্ৰতিক্ৰিয়াতে বাইডেনে সমগ্ৰ পৰিস্থিতিৰ বাবে আফগান নেতাসকলক দোষাৰোপ কৰে । তেওঁ কয় যে, এক বিশৃংখল পৰিস্থিতি অবিহনে আমেৰিকান সেনাৰ প্ৰত্যাৱৰ্তন চম্ভালা অসম্ভৱ আছিল ৷

উল্লেখ্য যে তালিবানৰ প্ৰত্যাৱৰ্তনৰ লগে লগে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানি(Ashraf Ghani)এ দেশৰ পৰা পলায়ন কৰে । আফগান ৰাষ্ট্ৰপতিগৰাকীৰ এনে কাৰ্যকো সমালোচনা কৰে বাইডেনে । তেওঁ কয় যে, তালিবানৰ প্ৰত্যাৱৰ্তনৰ সময়চোৱাত আফগানিস্তান চৰকাৰ আছিল, আমেৰিকাই প্ৰশিক্ষণ দিয়া সেনা আছিল, কিন্তু তাৰ পাচতো দেশৰ নেতাই বিমানত উঠি পলায়ন কৰিছে । ইফালে ৩ লাখ সেনাই অস্ত্ৰ এৰি পলায়ন কৰিছিল । ৰাষ্ট্ৰপতিগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে, মুঠতে আফগানিস্তানত এইবোৰে ঘটিছিল ।

ইফালে আফগানিস্তানৰ শেহতীয়া ছবিবোৰে সকলোকে ভাবিবলৈ বাধ্য কৰিছে । বহু আফগান লোকে ইতিমধ্যে দেশ এৰি পলাইছে । বহু লোকে আকৌ দেশ এৰি পলাবলৈ বিমানত জোৰ কৰি উঠিবলৈ চেষ্টা কৰিছে । আফগানিস্তানৰ চাৰিওফালে এতিয়া একপ্ৰকাৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:ভাৰতীয় মিলিটাৰী একাডেমীৰ পৰা প্ৰশিক্ষণ লৈছিল এগৰাকী তালিবানী শীৰ্ষ নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.