ETV Bharat / international

কমলা হেৰিছৰ বাসগৃহত বিস্ফোৰক সহিতে এজনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 18, 2021, 4:39 PM IST

কমলা হেৰিছৰ বাসগৃহত বিস্ফোৰক সহিতে এজনক গ্ৰেপ্তাৰ
কমলা হেৰিছৰ বাসগৃহত বিস্ফোৰক সহিতে এজনক গ্ৰেপ্তাৰ

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ৱাশ্বিংটনস্থিত চৰকাৰী বাসগৃহৰ বাহিৰৰ পৰা বিস্ফোৰক সামগ্ৰী সহিতে এজনক গ্ৰেপ্তাৰ । অভিযুক্তগৰাকীৰ বিৰুদ্ধে অস্ত্ৰ ৰখাৰ অভিযোগত এক গোচৰ ৰুজু কৰা হৈছে । সম্প্ৰতি অভিযুক্তগৰাকী আৰক্ষীৰ জালত ৷

ইন্টাৰনেশ্যনেল ডেস্ক,১৮ মাৰ্চ: আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ৱাশ্বিংটনস্থিত চৰকাৰী বাসগৃহৰ বাহিৰৰ পৰা বিস্ফোৰক সামগ্ৰী সহিতে এজনক গ্ৰেপ্তাৰ । অভিযুক্তগৰাকীৰ বিৰুদ্ধে অস্ত্ৰ ৰখাৰ অভিযোগত এক গোচৰ ৰুজু কৰা হৈছে । অভিযুক্তগৰাকী টেক্সাছ ৰাজ্যৰ চান এণ্টনিঅ’ৰ বাসিন্দা ৩১ বছৰীয়া পল মুৰে বুলি চিনাক্ত কৰা হৈছে । সম্প্ৰতি অভিযুক্তগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে ।

অভিযুক্তগৰাকীক টেক্সাচৰ সৈতে সম্পৰ্কিত এক গোপন খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৷ চিএনএনৰ প্ৰতিবেদন অনুসৰি, মুৰে কেইবাটাও অভিযোগৰ সৈতে জড়িত । অতি মাৰণাস্ত্ৰ কঢ়িওৱা, ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাহিৰত ৰাইফল বা শ্বটগান লৈ ফুৰা, অ-পঞ্জীয়নকৃত বিস্ফোৰক সামগ্ৰী কঢ়িওৱাৰ লগতে এক বৃহৎ গোলা-বাৰুদৰ ডিভাইচ ব্যৱহাৰ কৰা ।

লগতে পঢ়ক: নিজেৰৰ গণহত্যা: একেটা দিনতে ৫৮ গৰাকী ব্যৱসায়ীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.