7.0 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল মেক্সিকো: এজনৰ মৃত্যু

author img

By

Published : Sep 8, 2021, 1:30 PM IST

Powerful earthquake near Mexico Acapulco kills at least 1

মেক্সিকো(Mexico)ত এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি ৷ প্ৰায় 7.0 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এজনৰ মৃত্যু ৷ মেক্সিকো( Mexico)ৰ Acapulco অঞ্চলৰ ১৭ কিলোমিটাৰ(প্ৰায় ১০ মাইল)ত উত্তৰ-পূৱত ভূমিকম্পটোৰ কেন্দ্ৰস্থল আছিল ৷ এইপৰ্যন্ত চুনামি(tsunami) সম্পৰ্কীয় কোনো ধৰণৰ সতৰ্কতাৰ বিষয়ে সদৰী কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ৷

ইণ্টাৰনেশ্যনেল ডেস্ক , 8 ছেপ্টেম্বৰ : এক বৃহৎ প্ৰাবল্যৰ ভূমিকম্পই মঙলবাৰে মেক্সিকো( Mexico)ৰ Acapulco অঞ্চল জোকাৰি যায় ৷ প্ৰায় 7.0 প্ৰাৱল্যৰ এই ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, মঙলবাৰে নিশা Acapulco অঞ্চলত সংঘটিত এই ভূমিকম্পই কেইবাশ কিলোমিটাৰ দূৰত মেক্সিকো চহৰৰ অট্টালিকাসমূহতো প্ৰভাৱ পেলায় ৷

প্ৰাপ্ত খবৰ অনুসৰি প্ৰায় ২০০ মাইল দূৰত থকা মেক্সিকো চিটিত ৰাজধানীৰ কিছু অংশত প্ৰায় এক মিনিটৰ বাবে মাটি কঁপি উঠিছিল কিন্তু আন অংশত ভূমিকম্পৰ জোঁকাৰণি অতি কম পৰিমাণে অনুভূত হৈছিল ৷ কিছু লোকে অলপ সময়ৰ বাবে অট্টালিকাসমূহ খালী কৰিছিল যদিও বেছিভাগেই বৰষুণৰ বাবে নিশাই ঘৰলৈ ঘূৰি গৈছিল ৷

লগতে পঢ়ক : মেক্সিকোত ভূমিকম্পত নিহত ৫ গৰাকী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক জৰীপ(U.S. Geological Survey)ৰ মতে ভূমিকম্পটোৰ প্ৰাথমিক প্ৰাবল্য আছিল ৭ আৰু Acapulcoৰ উত্তৰ-পূৱত ১৭ কিলোমিটাৰ(প্ৰায় ১০ মাইল)ত ভূমিকম্পটোৰ কেন্দ্ৰ আছিল ৷ Guerrero ৰাজ্যৰ গভৰ্ণৰ Hector Astudilloই ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু হোৱা কথাটো নিশ্চিত কৰে ৷ তেওঁ জানিবলৈ দিয়া মতে, Acapulcoৰ কাষৰ Coyuca de Benitez চহৰত এটা পোষ্ট পৰি এজন লোক নিহত হৈছে ৷

ভূমিকম্পৰ পাচতে সাগৰত কোনোধৰণৰ পৰিৱৰ্তন(change in the sea) সংঘটিত হ'ব পাৰে বুলি অঞ্চলবাসী আতংকিত হৈ পৰিছে ৷ অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই এইপৰ্যন্ত চুনামি(tsunami) সম্পৰ্কীয় কোনো ধৰণৰ বিপদাশাংকাৰ বিষয়ে একো কোৱা নাই ৷

লগতে পঢ়ক : জাপানত ভয়ংকৰ ভূমিকম্প, আহত 30

Astudilloই কয় যে, চুনামি সতৰ্কতা কেন্দ্ৰ(tsunami alert centre)ই সাগৰপৃষ্ঠত কোনো তাৰতম্য প্ৰত্যক্ষ কৰা নাই ৷ পাচত প্ৰশান্ত মহাসাগৰীয় চুনামি সতৰ্কতা কেন্দ্ৰ(Pacific Tsunami Warning Center)ও সাম্ভাব্য ঢৌৰ ভাবুকি পাৰ হৈ গৈছে বুলি সদৰী কৰে ৷

Acapulcoৰ মেয়ৰ Adela Románও কোনো ধৰণৰ গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি জানিবলৈ দিয়ে ৷ ইফালে মেক্সিকোৰ নেচনেল চিভিল ডিফেন্স(Mexico’s National Civil Defense)এ ইতিমধ্যে 10 খন ৰাজ্যত পৰ্যালোচনা চলাই আছে যদিও এতিয়ালৈকে ভুক্তভোগী বা গুৰুতৰ ক্ষতিৰ কোনো প্ৰতিবেদন পোৱা নাই ৷

লগতে পঢ়ক : আজিৰ পৰা 115 বছৰ পূৰ্বে হিমাচলক জোকাৰি যোৱা ভূমিকম্পটো !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.