জাপানত ভয়ংকৰ ভূমিকম্প, আহত 30

author img

By

Published : Feb 14, 2021, 5:58 PM IST

30-injured-in-massive-japan-earthquake

শনিবাৰে নিশা এক বৃহৎ প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল জাপানৰ ফুকুশ্বিমা প্ৰেফেকচাৰ ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৩ ৷ জাপানৰ বতৰ বিজ্ঞান সংস্থা (জেএমএ)য়ে প্ৰকাশ কৰিছে এই কথা ৷

নিউজ ডেস্ক,14ফেব্ৰুৱাৰী:শনিবাৰে নিশা এক বৃহৎ প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল জাপানক ৷ বিশেষকৈ এই ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰে জাপানৰ ফুকুশ্বিমা প্ৰেফেকচাৰ প্ৰান্তক ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৩ ৷

জাপানৰ বতৰ বিজ্ঞান সংস্থা (জেএমএ)য়ে প্ৰকাশ কৰিছে এই কথা ৷ ইপিনে, ভূমিকম্পৰ ফলত প্ৰায় 30জন লোক আহত হৈছে ৷ আহত লোককেইজন মিয়াগী আৰু ফুকুশ্বিমাৰ বুলি জানিব পৰা গৈছে ৷ তদুপৰি ভূমিকম্পৰ ফলত প্ৰায় 9লাখ 50হাজাৰ লোকৰ বাসগৃহত বিদ্যুৎ সংযোগ ব্যাহত হৈছে ৷

শনিবাৰে নিশা 11:08 মিনিটত অনুভূত হোৱা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল সাগৰৰ পৃষ্ঠৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ ৷ যাৰ ফলত এক বৃহৎ চুনামী হোৱাৰ পৰা কথমপি ৰক্ষা পৰে ৷

উল্লেখ্য যে,2011 চনতো 9.0ৰ এক বৃহৎ প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি নিছিল চহৰখন ৷ যি ভূমিকম্পই এক চুনামীৰ সৃষ্টি কৰিছিল ৷

ইতিমধ্যে জাপান চৰকাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত ক্ষয়-ক্ষতিৰ বুজ লৈ সমগ্ৰ ঘটনাৰ পৰ্যবেক্ষণ আৰু নিৰীক্ষণৰ বাবে এটা টাস্ক ফ'ৰ্চ গঠন কৰিছে ৷ আনহাতে,ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷

লগতে পঢ়কঃ ৰাহুল গান্ধী শিৱসাগৰলৈ আহি ভুল কৰিলে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.