মেক্সিকোত ভূমিকম্পত নিহত ৫ গৰাকী

author img

By

Published : Jun 24, 2020, 3:17 PM IST

মেক্সিকো

মঙলবাৰে মেক্সিকোৰ দক্ষিণ অঞ্চলত ৭,৪ ৰিখটাৰ স্কেলৰ প্ৰাবল্যত অহা ভূমিকম্পৰ বাবেই প্ৰায় ৫ গৰাকী ব্যক্তি নিহত হোৱাৰ উপৰিও চহৰখনৰ বহু অঞ্চলত অধিক পৰিমাণে ক্ষতিগ্ৰস্থ হয় বুলিও সদৰি কৰে প্ৰশাসনে ।

নিউজ ডেস্ক, ২৪ জুনঃ আমেৰিকাৰ মেক্সিকো চহৰকে ধৰি দক্ষিণ আৰু মধ্য অঞ্চলত মঙলবাৰে প্ৰৱল ভূমিকম্পই জোকাৰি যায় । প্ৰায় ৭,৪ ৰিখটাৰ স্কেলৰ প্ৰাবল্যত অহা এই ভূমিকম্পত বৰ্তমান পৰ্যন্ত পাঁচ গৰাকীকৈ ব্যক্তিৰ মৃত্যু হয় বুলি সদৰি কৰে মেক্সিকো প্ৰশাসনে । তাৰোপৰি মেক্সিকোৰ হাজাৰ হাজাৰ মানুহৰ বাসগৃহৰ উপৰিও দোকান-পাহাৰ ধ্বংস হয় বুলিও সদৰি কৰে ।

আনহাতে, নিউজ এজেঞ্চী হিন্দুজাৰ তথ্য অনুসৰি মঙলবাৰে পুৱা ১০: ২৯ বজাত অহা ভূমিকম্পৰ উৎপত্তিস্থল হৈছে দক্ষিণ অঞ্চলত থকা অক্সাকা জিলাৰ লা ক্ৰছেচিটাৰ গাঁৱৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দক্ষিণ অঞ্চলত ।

আনহাতে, ভূমিকম্প সন্দৰ্ভত অক্সাকাৰ ৰাজ্যপাল মুৰাটে ভূমিকম্পৰ উৎপত্তিস্থলত এজন ব্যক্তিৰ মৃত্যু হয় বুলি সদৰি কৰে ।

মেক্সিকোত ভূমিকম্প, প্ৰায় ৫ গৰাকী নিহত

তাৰোপৰি ৰাষ্ট্ৰপতি এড্ৰেছ মেনুৱেল লোপেজ অব্ৰোডৰৰ মত অনুসৰি মঙলবাৰে অহা ভূমিকম্প সাতখন ৰাজ্যত অনুভূত হয় যদিও তেল তথা বিজুলী উৎপাদন কেন্দ্ৰত ইয়াৰ প্ৰভাৱ পৰা নাই বুলিও সদৰি কৰে ।

উল্লেখ্য যে, বিগত ৩৫ বছৰত মেক্সিকোত অহা কমেও ৭ টা শক্তিশালী ভূমিকম্পই অধিক ক্ষতিগ্ৰস্থ কৰাৰ উপৰিও এই ভূমিকম্পত প্ৰায় ১০,০০০ গৰাকী লোকৰ মৃত্যু হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.