আজিৰ পৰা 115 বছৰ পূৰ্বে হিমাচলক জোকাৰি যোৱা ভূমিকম্পটো !

author img

By

Published : Apr 5, 2020, 11:22 AM IST

আজিৰ পৰা 115 বছৰ পূৰ্বে হিমাচলক জোকাৰি যোৱা ভূমিকম্পটো !

প্ৰায় 115 বছৰ পূৰ্বে 4 এপ্ৰিলত পাহাৰী কন্যা হিমাচল প্ৰদেশক জোকাৰি গৈছিল এক বিনাশকাৰী ভূমিকম্পই ৷ মাত্ৰ দুই মিনিট সময়ৰ বাবে সংঘটিত হোৱা এই ভূমিকম্পত টচনচ হৈ পৰিছিল ৰাজ্যখনৰ কাংৰা অঞ্চল ৷

নিউজ ডেস্ক, 5 এপ্ৰিলঃ প্ৰায় 115 বছৰ পূৰ্বে 4 এপ্ৰিলৰ দিনটোতে ভাৰতে সাক্ষী হৈছিল এক বিনাশকাৰী প্ৰাকৃতিক ধ্বংসলীলাৰ ৷ এই দিনটোতে সংঘটিত হৈছিল পাহাৰী কন্যা হিমাচল প্ৰদেশৰ ইতিহাসৰ বিনাশকাৰী ঘটনাটো ৷

আজিৰ পৰা 115 বছৰ পূৰ্বে হিমাচলক জোকাৰি যোৱা ভূমিকম্পটো !
আজিৰ পৰা 115 বছৰ পূৰ্বে হিমাচলক জোকাৰি যোৱা ভূমিকম্পটো !

প্ৰদেশখনৰ কাংৰা অঞ্চলত মাত্ৰ দুই মিনিটৰ বাবে সংঘটিত হৈছিল এক বিনাশকাৰী ভূমিকম্প, যিটো ভূমিকম্পই প্ৰদেশখনৰ প্ৰায় 20 হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিছিল আৰু সমগ্ৰ অঞ্চলটোৰ ৰূপ সলনি কৰি দিছিল ৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল 7.8 ৷

আজিৰ পৰা 115 বছৰ পূৰ্বে হিমাচলক জোকাৰি যোৱা ভূমিকম্পটো !
আজিৰ পৰা 115 বছৰ পূৰ্বে হিমাচলক জোকাৰি যোৱা ভূমিকম্পটো !

মাত্ৰ দুই মিনিটতে অঞ্চলটোৰ বহুকেইটা ঐতিহাসিক স্থান ধ্বংসস্তুপত পৰিণত হোৱাৰ লগতে মৃত্যুৰ কিৰিলিয়ে চাৰিওদিশ আৱৰি পেলাইছিল ৷ কোৱা হয় যে, এই ভূমিকম্পৰ ফলত অঞ্চলটোত এটাও গৃহ বাচি যোৱা নাছিল ৷ 1905 চনৰ 4 এপ্ৰিলত সংঘটিত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল আছিল ধোলাধাৰ পৰ্বতশ্ৰেণীৰ বৈজনাথ অঞ্চল ৷

আজিৰ পৰা 115 বছৰ পূৰ্বে হিমাচলক জোকাৰি যোৱা ভূমিকম্পটো !

সেইসময়ত এই অঞ্চলটো ব্ৰিটিছৰ অধীনত আছিল আৰু জনসংখ্যাও বহুত কম আছিল ৷ কিন্তু ইমানৰ পিচটো প্ৰায় 20 হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল ৷ ভূমিকম্পৰ বাবে হোৱা ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ 13 লাখ টকাৰ সাহাৰ্য একত্ৰিত কৰা হৈছিল ৷ ভূমিকম্পত ক্ষতিগ্ৰস্থসকলৰ বাবে সেই সময়ত লাহোৰৰ পৰাও সাহাৰ্য আহিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.