ETV Bharat / international

দুমাহৰ বাবে স্থগিত ২০২১ চনত অনুষ্ঠিত হ'বলগীয়া 'অস্কাৰ এৱাৰ্ড'

author img

By

Published : Jun 16, 2020, 10:59 AM IST

অস্কাৰ এৱাৰ্ড
দুমাহৰ বাবে স্থগিত ২০২১ চনত অনুষ্ঠিত হ'বলগীয়া 'অস্কাৰ এৱাৰ্ড'

দুমাহৰ বাবে স্থগিত কৰা হ'ল 'অস্কাৰ এৱাৰ্ড' । মহামাৰী COVID-19ৰ বাবেই ২০২১ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা 'অস্কাৰ এৱাৰ্ড' ২০২১ চনৰ ২৫ এপ্ৰিলত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে Academy of Motion Picture Arts and Sciencesয়ে ।

নিউজ ডেস্ক, ১৬ জুনঃ দুমাহৰ বাবে স্থগিত ৰখা হ'ল ২০২১ চনত অনুষ্ঠিত হ'বলগীয়া তথা আন্তঃৰাষ্ট্ৰীয় ছবিজগতৰ আটাইতকৈ চৰ্চিত আৰু সন্মানীয় পুৰস্কাৰ হিচাপে পৰিগণিত 'অস্কাৰ এৱাৰ্ড' । মঙলবাৰে এই কথা ঘোষণা কৰিলে একাডমী অফ মোছন পিকছাৰ আৰ্টছ এণ্ড চাইঞ্চ (Academy of Motion Picture Arts and Sciences)য়ে ।

অস্কাৰ এৱাৰ্ড
দুমাহৰ বাবে স্থগিত ২০২১ চনত অনুষ্ঠিত হ'বলগীয়া 'অস্কাৰ এৱাৰ্ড'

বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী COVID-19ৰ বাবেই স্থগিত কৰা হয় এই এৱাৰ্ড অনুষ্ঠান । মহামাৰীৰ বাবেই চলিত বৰ্ষত সকলো ছবি মুক্তি লাভ কৰাৰ সময়সূচীকে ধৰি কলা-কুশলী সকলে বিভিন্ন সমস্যাত ভোগাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে Academy of Motion Picture Arts and Sciences য়ে । পূৰ্বৰে পৰা ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ অহা সময়ৰ সলনি এইবাৰ ২০২১ চনৰ ২৫ এপ্ৰিলত 'অস্কাৰ এৱাৰ্ড' অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে ।

আনহাতে. 'অস্কাৰ এৱাৰ্ড'ত অংশগ্ৰহণ কৰা প্ৰতিযোগিসকলক প-পত্ৰ দাখিল কৰা সময়সীমাও বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে । ২০২০ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০২১ চনৰ ফব্ৰুৱাৰী মাহলৈকে সময়সীমা বৃদ্ধি কৰা হয় বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.