ETV Bharat / international

মাৰ্কিন বজাৰৰ পৰা ঔষধ ঘূৰাই ল’লে ভাৰতীয় প্ৰতিষ্ঠানে

author img

By

Published : Nov 15, 2020, 2:06 PM IST

মাৰ্কিন ফুড আৰু ঔষধ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি, মাৰ্কচাৰ্চ ফাৰ্মাই ডায়বেটিচ ঔষধ মেটফৰ্মিন হাইড্ৰ ক্ল’ৰাইড টেবলেটৰ 500 মিলিগ্ৰাম আৰু 750 মিলিগ্ৰামৰ প্ৰায় ছয় লাখ বটল পুনৰ মাৰ্কিন বজাৰৰ পৰা ঘূৰাই লয় ৷

Indian drug firms recall various products in US market
মাৰ্কিন বজাৰৰ পৰা ঔষধ ঘূৰাই ল’লে ভাৰতীয় প্ৰতিষ্ঠানে

নিউজ ডেস্ক, 15 নৱেম্বৰ : ভাৰতৰ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান মাৰ্কচ, অৰবিন্দ, জাইডাছ আৰু জুৱিলান্টে মাৰ্কিন খাদ্য আৰু ঔষধ প্ৰশাসনৰ সংশোধিত নতুন নিৰ্দেশনা মানি চলাত ব্যৰ্থ হোৱাৰ পাছত আমেৰিকাৰ বজাৰত মুকলি কৰি দিয়া ঔষধসমূহ পুনৰ ঘূৰাই ল’বলৈ বাধ্য হৈছে । মাৰ্কিন ফুড আৰু ঔষধ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি, মাৰ্কচাৰ্চ ফাৰ্মাই ডায়বেটিচ ঔষধ মেটফৰ্মিন হাইড্ৰ ক্ল’ৰাইড টেবলেটৰ 500 মিলিগ্ৰাম আৰু 750 মিলিগ্ৰামৰ প্ৰায় ছয় লাখ বটল পুনৰ মাৰ্কিন বজাৰৰ পৰা ঘূৰাই লৈছে ৷

মাৰ্কিন ফুড আৰু ঔষধ প্ৰশাসনে অনুমোদিত সীমাৰ ওপৰত এনডিএমএৰ উপস্থিতি আঙুলিয়াই দিয়াৰ পাছত বিশ্বৰ বিভিন্ন দেশৰ বহু কোম্পানীয়ে নিজৰ উৎপাদিত সামগ্ৰী পুনৰ ঘূৰাই লয় । এফডিএৰ পৰীক্ষণত কিছুমান সম্প্ৰসাৰিত মুক্তি মেটাফৰ্মিন ফৰ্মুলেচনত এনডিএমএৰ উচ্চ স্তৰ দেখুৱা হৈছে ৷ এনডিএমএৰ পৰীক্ষাগাৰত হোৱা পৰীক্ষণত মানৱ শৰীৰত কৰ্কট ৰোগ হ’ব পৰা কিছু কাৰক ধৰা পৰিছিল ৷

লগতে পঢ়ক: ভাৰতীয়ক দিপাৱলীৰ শুভেচ্ছা বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.