ETV Bharat / international

COVID 19: বিশ্বৰ সামগ্ৰিক তথ্য

author img

By

Published : Aug 12, 2020, 12:51 PM IST

Global COVID 19 tracker
COVID 19: বিশ্বৰ সামগ্ৰিক তথ্য

সমগ্ৰ বিশ্বত প্ৰায় 2,05,22,191 গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ ভাইৰাছবিধত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লৈছে 7,45,927 গৰাকী লোকে ৷ ইয়াৰ বিপৰীতে চিকিৎসা গ্ৰহণৰ অন্তত সুস্থ হৈ উঠিছে প্ৰায় 13,441,913 গৰাকী লোক ৷

হায়দৰাবাদ,12 আগষ্ট: সমগ্ৰ বিশ্বত প্ৰায় 2,05,22,191 গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ ভাইৰাছবিধত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লৈছে 7,45,927 গৰাকী লোকে ৷ ইয়াৰ বিপৰীতে চিকিৎসা গ্ৰহণৰ অন্তত সুস্থ হৈ উঠিছে প্ৰায় 13,441,913 গৰাকী লোক ৷

Global COVID 19 tracker
COVID 19: বিশ্বৰ সামগ্ৰিক তথ্য

বুধবাৰে অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যৰ মেলব’ৰ্ণ চহৰত 410 গৰাকী লোক নতুনকৈ ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ সমান্তৰালকৈ 21 গৰাকী ব্যক্তি মৃত্যুমুখত পৰে ৷ ইয়াৰ বাবে প্ৰশাসনে পুনৰ কঠোৰভাৱে লক ডাউন জাৰি কৰে ৷ আনহাতে,দক্ষিণ কোৰিয়াত স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি 54 গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্তৰ খবৰ পোৱা গৈছে ৷ দক্ষিণ কোৰিয়াৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেন্সনৰ দ্বাৰা সদৰী কৰা তথ্য অনুসৰি 305 গৰাকী লোকৰ মৃত্যুৰ সৈতে 14,714 গৰাকী লোকৰ দেহত সংক্ৰমণ ঘটিছে কৰ’ণা ভাইৰাছৰ ৷

লগতে চাওকঃ কৰ্ণাটকত বিধায়কৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.