ETV Bharat / international

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস

author img

By

Published : Sep 10, 2019, 2:55 PM IST

আত্মহত্যাৰ অৰ্থ হৈছে কোনো ব্যক্তিয়ে নিজৰ হত্যা কৰা ৷ দুচিন্তা, ব্যক্তিগত অশান্তি আৰু মাদক দ্ৰব্যৰ সেৱন আদি সম্ভাব্য কাৰণত মানসিক ৰোগ হ'ব পাৰে ৷ কিছুমান লোক আকৌ আবেগৰ বশৱৰ্তী হৈও আত্মহত্যা কৰে, যেনে - আৰ্থিক দুৰৱস্থা, সম্পৰ্কত ফাঁট মেলা , পাৰিবাৰিক অশান্তি, ঠাট্টা - মস্কৰা আদি ৷

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস, 10 ছেপ্তেম্বৰ

নিউজ ডেস্ক, 10 ছেপ্তেম্বৰ : আত্মহত্যাৰ অৰ্থ হৈছে কোনো ব্যক্তিয়ে নিজৰ হত্যা কৰা ৷ দুচিন্তা, ব্যক্তিগত অশান্তি আৰু মাদক দ্ৰব্যৰ সেৱন আদি সম্ভাব্য কাৰণত মানসিক ৰোগ হ'ব পাৰে ৷ কিছুমান লোক আকৌ আবেগৰ বশৱৰ্তী হৈও আত্মহত্যা কৰে, যেনে - আৰ্থিক দুৰৱস্থা, সম্পৰ্কত ফাঁট মেলা , পাৰিবাৰিক অশান্তি, ঠাট্টা - মস্কৰা আদি ৷ ইয়াৰোপৰি, যিসকল লোকে পূৰ্বেও আত্মহত্যাৰ চেষ্টা চলাই, তেওঁলোকে পুনৰ এই কাম সংঘটিত কৰাৰ প্ৰচুৰ সম্ভাৱনা থাকে ৷ আত্মহত্যা প্ৰতিৰোধৰ বাবে কিছু আহিলা যেনে, জুই, ড্ৰাগছ আৰু বিহৰ পৰা এনে লোকক আতৰত ৰখা, মানসিক অশান্তি প্ৰতিৰোধৰ বাবে চিকিৎসা, আত্মহত্যা সন্দৰ্ভত সঠিক বাতৰি প্ৰকাশ আৰু আৰ্থিক অৱস্থা উন্নত কৰাৰ প্ৰয়োজন ৷

যুৱচামৰ মাজত আত্মহত্যা সংঘটিত হোৱাৰ কাৰণ -

* কোনো প্ৰণয়মূলক সম্পৰ্ক অথবা বন্ধুত্বৰ সমাপ্তি
* চাকৰি হেৰুওৱা অথবা কৰ্মহীনতা, খৰতকীয়া উপাৰ্জন কৰিবলৈ অক্ষমতা
* আৰ্থিক দূৰৱস্থা
* সমাজত স্থিতি হেৰুওৱা
* শিক্ষাগত ব্যৰ্থতা
* লিঙ্গ সম্বন্ধীয় বিন্যাসৰ বাবে সমাজ অথবা পৰিয়ালৰ অসন্মতি
* অত্যাচাৰ, লাজ, মানহানি, ছাইবাৰ অপমান
* গ্ৰেপ্তাৰ হোৱা
* শাৰীৰিক ৰোগ

ৰোগৰ লক্ষণ -

যুৱচামৰ আত্মহত্যাৰ আঁৰত বহু ধৰণৰ লক্ষণ থাকিব পাৰে :
* দুখ আৰু অৱসাদ
* নিৰাশা
* পূৰ্বে আনন্দ উপভোগ কৰা বস্তুৰ প্ৰতি ধাউতি হেৰুওৱা
* পৰিয়াল আৰু বন্ধুৰ পৰা আঁতৰি থকা
* যিকোনো সময়তে চকুলো টোকা
* নিদ্ৰাহৰণ অথবা অতিমাত্ৰা টোপনি
* ভোক নলগা অথবা বেছিকৈ ভোক লগা
* চিকিৎসাৰ পাছতো বিষ উপশম নোহোৱা
* ক্ৰোধ
* প্ৰয়োজনীয় পৰিমানৰ টোপনি যোৱাৰ পাছতো ভাগৰ অনুভৱ কৰা
* মনোযোগিতাৰ অভাৱ
* আত্মহত্যাৰ চিন্তা, আত্মহত্যাৰ কথা আলোচনা আৰু আত্মহত্যাৰ ব্যৰ্থ চেষ্টা

বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য -

* দক্ষিণ - পূৱ এছিয়াৰ ভিতৰত ভাৰততে আত্মহত্যাৰ সংখ্যা অধিক
* 2019 চনৰ 9 ছেপ্তেম্বৰত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ভাৰতত প্ৰতি 1 লাখ লোকৰ হাৰে 16.5 য়ে আত্মহত্যা কৰে ৷ এই তালিকাত দ্বিতীয় স্থানত আছে শ্ৰীলংকা আৰু তৃতীয় স্থানত থাইলেণ্ড
* মহিলাৰ আত্মহত্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে ভাৰত তৃতীয় সৰ্বোচ্চ স্থানত আছে ৷ ইয়াৰ পাছতে আছে লেচথো আৰু কোৰিয়া

মানসিক অৱসাদৰ মুখ্য কাৰণবোৰ কি?

* দূৰ্বব্যৱহাৰ, শাৰীৰিক অথবা আবেগিক শোষণ
* ড্ৰাগছৰ ব্যৱহাৰ
* সংঘৰ্ষ, লিঙ্গ সম্বন্ধীয় বিন্যাসৰ বাবে পৰিয়াল তথা বন্ধুৰ সৈতে সংঘৰ্ষ
* আপোন লোকৰ মৃত্যু
* বংশগত কাৰণ
* নতুন চাকৰি, ডিগ্ৰী লাভ আৰু বিবাহৰ পাছতো বহুতে মানসিক অৱসাদত ভোগে
* অন্য ব্যক্তিগত কাৰণ, মানসিক অৱসাদৰ বাবে পৰিয়াল তথা সমাজৰ পৰা বহিস্কৃত কৰা
* ভয়ংকৰ ৰোগ
* ড্ৰাগছ অথবা মদ্যপান

মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা -

মানসিক স্বাস্থ্যৰ অৰ্থ হৈছে আবেগিক, মনোবৈজ্ঞানিক আৰু সামাজিক শান্তি ৷ এজন লোকৰ চিন্তা, অনুভৱ আৰু কৰ্মত ইয়াৰ প্ৰভাৱ পৰে ৷ আমি কেনেদৰে চাপ নিয়ন্ত্ৰণ কৰো এই বিষয়টোও মানসিক স্থাস্থ্যৰ ওপৰত নিৰ্ভৰশীল ৷ মানসিক স্বাস্থ্য জীৱনৰ প্ৰতিটো পৰ্যায়তে প্ৰয়োজনীয় যেনে, শৈশৱ আৰু কৌশোৰ অৱস্থাৰ লগতে প্ৰাপ্তবয়স্কলৈ ৷

1. মানসিক স্বাস্থ্যই জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰে ৷
2. মানসিক স্বাস্থ্যই কিছুক্ষেত্ৰত আমাক শক্তিশালী কৰাৰ লগতে সমৰ্থনো জনায় -
* স্বাস্থ্যকৰ সম্বন্ধ
* জীৱন ধাৰণৰ বাবে উন্নত সুবিধাৰ বাচনি
* শাৰিৰীক স্বাস্থ্য উন্নত মানদণ্ডৰ কৰি ৰখা
* জীৱনৰ উঠা - নমাত সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰা
* সম্ভাৱনাপূৰ্ণ জীৱনৰ দিশে গতি কৰা
3. জীৱনৰ চাপ সমূহ নিয়ন্ত্ৰণ কৰা
4. উৎপাদনক্ষম চিন্তাৰে কৰ্ম কৰা
5. নিজ জাতিৰ বাবে সহযোগিতা আগবঢ়োৱা
6. শিশু আৰু কিশোৰ সকল বেছিকৈ মানসিক অশান্তিত ভোগে
7. চাপ আৰু স্নায়ুসম্বন্ধীয় ৰোগত মহিলা সকল বেছিকৈ ভোগে
8. মৃগীৰোগ এক গুৰুতৰ ৰোগ
9. মানসিক অশান্তিত ভোগা চাৰিজনৰ তিনিজনেই কৰ্মত অনিহা, সামাজিক আৰু পৰিয়ালকেন্দ্ৰিক জীৱনত প্ৰভাৱ পৰে
10. ইয়াৰোপৰি, শিক্ষা আৰু উপাৰ্জনৰ অভাৱৰ বাবেও মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে

এনে ধৰণৰ মানসিক অশান্তিত ভোগাৰ পাছতো কিছুমান বিখ্যাত ব্যক্তিয়ে এই সমস্যাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল ৷ এইসকলৰ ভিতৰত আছে, জে. কে. ৰাওলিং, লেডী গাগা, অ'ৱেন উইলছন, ইলিয়ানা ডি'ক্ৰুজ, শ্বাহৰুখ খান আদি ৷

আত্মহত্যা কিদৰে প্ৰতিৰোধ কৰিব পাৰি -

* আত্মহত্যা সম্পৰ্কে চিন্তা - চৰ্চা কৰা সকলৰ সৈতে এই সম্পৰ্কে আলোচনা কৰা উচিত ৷
* তেওঁলোকক নিজৰ ভাৱ বিনিময় কৰিবলৈ সুযোগ দিব লাগে ৷ তেওঁলোকৰ দূৰ্যোগৰ সময়ত আলোচনা কৰিলেহে অলপ হ'লেও উপশম অনুভৱ কৰে ৷
> এনে লোকক অকলে থাকিবলৈ দিয়া উচিত নহয়
> প্ৰেৰণাদায়ক বক্তা সকলে এই ক্ষেত্ৰত সহায় আগবঢ়াব পাৰে
> কাউন্সিলৰ, মানবৈজ্ঞানিক চিকিৎসক আৰু সামাজিক কৰ্মীয়ে সহায় কৰিব পাৰে
> সামূদায়িক স্বাস্থ্য কেন্দ্ৰ
> লাইফলাইন আৰু শিশুক সমৰ্থনৰ বাবে বিভিন্ন সেৱামূলক কাৰ্য
> পৰিয়াল আৰু বন্ধুৰ পৰা সহযোগিতা

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.