Damon Galgut লৈ 2021 বৰ্ষৰ বুকাৰ বঁটা

author img

By

Published : Nov 5, 2021, 5:14 PM IST

Updated : Nov 6, 2021, 6:34 AM IST

booker-award

দক্ষিণ আফ্ৰিকাৰ লেখক ডেমন গালগুটে তেওঁৰ উপন্যাস ‘দ্য প্ৰমিজ’ৰ বাবে লাভ কৰিছে 2021 বৰ্ষৰ বুকাৰ বঁটা ৷ উপন্যাসখন দক্ষিণ আফ্ৰিকাৰ এটা স্বেতাংগ কৃষক পৰিয়ালৰ কহিনীৰ আধাৰত লিখা হৈছে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 5 নৱেম্বৰ : 2021 বৰ্ষৰ বুকাৰ বঁটা(Booker Award 2021) লাভ কৰিলে দক্ষিণ আফ্ৰিকা(South Africa)ৰ লেখক ডেমন গালগুটে । উপন্যাস ‘দ্য প্ৰমিজ’ৰ বাবে সাহিত্যিক গালগুটে এই সন্মানীয় বঁটা লাভ কৰিছে । এই উপন্যাসখন দক্ষিণ আফ্ৰিকাৰ এটা স্বেতাংগ কৃষক পৰিয়ালৰ কহিনীৰ আধাৰত লিখা হৈছে ৷ গালগুটে উপন্যাসখনত বৰ্ণবৈষম্যতাক মূল বিষয় হিচাপে তুলি ধৰে ।

ইতিমধ্যে তেওঁ 2003 চনত 'দ্য গুড ডক্টৰ' আৰু 2010 চনত 'ইন এ ষ্ট্ৰেঞ্জ ৰুম' গ্ৰন্থ দুখনৰ বাবে বুকাৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল যদিও সন্মানীয় পুৰস্কাৰটি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ উক্ত বঁটা লাভ কৰি গালগুট স্তম্ভিত হৈ পৰে ৷

লগতে সাহিত্যিকজনে এই সন্মানীয় বঁটাটি সকলো আফ্ৰিকান লেখকৰ নামত উৎসৰ্গা কৰে । এই বঁটা লাভৰ দৌৰত গালগুটে আন এজন লেখক ৰিচাৰ্ড পাৱাৰছক পৰাজিত কৰে ৷

লগতে পঢ়ক : অলিম্পিকৰ বাতৰি সংগ্ৰহত সাংবাদিকক বাধা নিদিবলৈ চীনক আহ্বান আমেৰিকাৰ

Last Updated :Nov 6, 2021, 6:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.