ETV Bharat / headlines

7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Apr 11, 2021, 7:00 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

7 বজাৰ শীৰ্ষ 10 টা বাতৰি...
7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

ডিব্ৰুগড়ত ভূৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত

ডিব্ৰুগড়ত আধাৰ কাৰ্ডৰ ভূৱা কেন্দ্ৰ উৎখাত । অবৈধভাৱে চলি থকা কেন্দ্ৰটোৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ, নগদ ধন, সামগ্ৰী আদি জব্দ কৰাৰ লগতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

অসম-অৰুণাচল সীমান্তত ধুমুহাত মৃত্যু এজনৰ

ৰাজ্য়ত শনিবাৰে নিশা হোৱা ধুমুহাৰ ফলত বহু অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ একে সময়তে অসম-অৰুণাচল সীমান্তৰ বিশ্বনাথত এই বতাহ ধুমুহাত প্ৰাণ হেৰুৱাই এজন লোকে ৷

30 এপ্ৰিললৈকে বন্ধৰ নিৰ্দেশ উত্তৰ প্ৰদেশৰ শিক্ষানুষ্ঠান

৩০ এপ্ৰিললৈকে উত্তৰ প্ৰদেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ । প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ পাঠদান বন্ধ থাকিব । এই ঘোষণা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ।

নাৰায়ণপুৰত বিহু কৰ্মশালাৰ সফল সামৰণি

নঙলা মুখত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । ৰাজ্যৰ চৌদিশে চলিছে এতিয়া হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ গাঁৱে-ভূঁঞে বিহু কৰ্মশালাৰে চেনেহৰ বিহুটিক আদৰাৰ প্ৰস্তুতি চলাইছে ৷ বাগদেৱী সংগীত বিদ্যালয় আৰু আৰ্টিষ্টিক ডেন্স একাডেমীৰ উদ্যোগত আয়োজন কৰা দহদিনীয়া বিহু কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে ।

বনজুইৰ ফলত দ্ৰুতগতিত গলিছে উত্তৰাখণ্ডৰ হিমবাহ

বনজুই বৃদ্ধিৰ ফলত উত্তৰাখণ্ডত হিমবাহ দ্ৰুতগতিত গলিবলৈ ধৰিছে । জুইৰ ফলত উৎপন্ন হোৱা তাপ আৰু সূক্ষ্মকণাৰ ফলত বৰফৰ চাদৰ গলি যোৱাটো বৃদ্ধি পাইছে । বিজ্ঞানীসকলৰ মতে বনজুইৰ ফলত তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে পৰিৱেশত কাৰ্বনৰ পৰিমাণ বৃদ্ধি পায় ৷ যাৰ ফলত হিমবাহ গলি যোৱাৰ হাৰ বৃদ্ধি পায় । বনজুইৰ ফলত বায়ু প্ৰদূষণো বৃদ্ধি পাইছে ।

জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত এজন

দেওবাৰে মধ্য কাশ্মীৰৰ বুদগাম জিলাৰ মাগাম অঞ্চলত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ গুলীচালনাত নিহত হয় এগৰাকী স্থানীয় লোক ।

মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্র সাংসদ অজিত কুমাৰ ভূঞাৰ

ভোট গণনা প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ নিশ্চয়তা প্ৰদান কৰক । ভোট গণনাৰ সমস্ত প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফীত আৱদ্ধ কৰক । এই মন্তব্য় ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ ।

কোচবিহাৰৰ ঘটনাক গণহত্যা আখ্যা মমতা বেনাৰ্জীৰ !

কোচবিহাৰৰ ঘটনাক গণহত্যা আখ্যা দিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ শনিবাৰে ভোটদানৰ মাজতে শীতলকুচিত গুলীবিদ্ধ হৈ মৃত্যু হৈছিল চাৰিজন লোকৰ ৷ এই ঘটনাৰ পাছতে 72 ঘণ্টাৰ বাবে কোচবিহাৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নিৰ্বাচন আয়োগে ৷

কামাখ্যা দৰ্শনলৈ অহা তিনিজনৰ দেহত কৰ’ণা

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা ক'ভিড পৰীক্ষা কাৰ্যসূচীৰ যোগেদি ৬,৮৩৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত ৬১ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত মুঠ ৬৮,০৭৫ গৰাকী লোকৰ কৰ’ণা পৰীক্ষা কৰা হৈছিল ।

ৰাজ্যত প্ৰতিষেধকৰ নাটনি: মজুত মাত্ৰ দুই লাখ পালি

কেন্দ্ৰীয় চৰকাৰে সময়মতে প্ৰতিষেধক যোগান নধৰাৰ বাবে ৰাজ্যত নাটনিয়ে দেখা দিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম)ৰ ৰাজ্যিক মিছন সঞ্চালক ডঃ লক্ষ্মনন এছে দেওবাৰে ইটিভি ভাৰতক জনোৱা মতে, দেওবাৰ পুৱা পৰ্যন্ত তেওঁলোকৰ হাতত মজুত আছে প্ৰায় দুই লাখ পালি প্ৰতিষেধক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.