ETV Bharat / entertainment

Sukesh Chandrasekhar Chahat Khanna:প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে টিভি উদ্যোগৰ অভিনেত্ৰী চাহাট খান্নালৈ প্ৰেৰণ কৰিলে আইনী জাননী

author img

By

Published : Feb 11, 2023, 11:34 AM IST

দিল্লীৰ কাৰাগাৰত থকা সুকেশ চন্দ্ৰশেখৰে টিভি অভিনেত্ৰী চাহাট খান্নালৈ 100 কোটি টকাৰ আইনী জাননী প্ৰেৰণ কৰিছে । চাহাটে তেওঁৰ ভাবমূর্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন কৰিছে সুকেশে (Chahat Khanna latest news) ৷ এতিয়া সুকেশৰ অধিবক্তাই চাহাট খান্নাক বিনাচৰ্তে ক্ষমা খুজিবলৈ আৰু 100 কোটি টকা জৰিমনা ভৰিবলৈ কৈছে ।

SUKESH CHANDRASEKHAR
চাহাট খান্নালৈ সুকেশে প্ৰেৰণ কৰিলে আইনী জাননী

চিটাৰা ডেস্ক, 11 ফেব্ৰুৱাৰী : প্ৰৱঞ্চনাৰ গোচৰত দিল্লীৰ কাৰাগাৰত বন্দী সুকেশ চন্দ্ৰশেখৰে টিভি অভিনেত্ৰী চাহত খান্নালৈ আইনী জাননী প্ৰেৰণ কৰিছে । দৰাচলতে, চাহত খান্নাই শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত দাবী কৰিছিল যে সুকেশ চন্দ্ৰশেখৰে তেওঁক বিবাহৰ বাবে প্ৰস্তাৱ দিছিল । আনহাতে সুকেশে এখন পত্ৰ লিখিছিল আৰু এই দাবীক মিছা বুলি অভিহিত কৰিছিল । এতিয়া যোৱা শুকুৰবাৰে টিভি শিল্পী চাহাট খান্নালৈ 100 কোটি টকাৰ আইনী জাননী প্ৰেৰণ কৰিছে সুকেশে ।

সুকেশৰ হৈ তেওঁৰ অধিবক্তাই সুকেশৰ ভাবমূর্তি নষ্ট কৰাৰ বাবে 100 কোটি টকাৰ জাননী প্রেৰণ কৰিছে টিভি জগতৰ অভিনেত্ৰী গৰাকীলৈ ৷ য’ত চাহাট খান্নাক নিঃচৰ্তভাৱে ক্ষমা খুজিবলৈ আৰু অপমানজনক বক্তব্য দিয়াৰ বাবে 100 কোটি টকাৰ জৰিমনা ভৰিবলৈ কোৱা হৈছে (legal notice to tv actress Chahat Khanna) । সাক্ষাৎকাৰত চাহাট খান্নাই কোৱা কথাখিনিয়ে সুকেশ চন্দ্ৰশেখৰৰ ভাবমূৰ্তি নষ্ট কৰাৰ লগতে মানসিক যন্ত্ৰণাৰ সৃষ্টি কৰিছে । জাননী প্ৰেৰণ কৰাৰ সময়ত সুকেশৰ অধিবক্তাই ক্ষমা বিচাৰি 7 দিনৰ ভিতৰত সংবাদ মাধ্যমত বিবৃতি প্ৰকাশ কৰিবলৈ কৈছে । যদি চাহাট খান্নাই এই কাম নকৰে তেন্তে তেওঁৰ বিৰুদ্ধে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব (sukesh chandrasekhar chahat khanna)।

Sukesh Chandrasekhar Chahat Khanna
চাহাট খান্নালৈ সুকেশে প্ৰেৰণ কৰিলে আইনী জাননী

আপোনালোকক জনাও যে 29 জানুৱাৰীত এটা সাক্ষাৎকাৰত চাহাট খান্নাই কৈছিল যে তেওঁক মুম্বাইৰ পৰা দিল্লীলৈ এটা অনুষ্ঠানৰ নামত মাতি অনা হৈছিল । আনহাতে, পিংকি ইৰানী বুলি চিনাকি দিয়া এগৰাকী মহিলাই অনুষ্ঠানৰ সলনি তেওঁক তিহাৰ জেললৈ লৈ যায় । য'ত তেওঁ সুকেশক লগ পাইছিল । চাহাটৰ মতে, সুকেশে তেওঁক দক্ষিণৰ এটা জনপ্ৰিয় টিভি চেনেলৰ মালিক আৰু জয়াললিতাৰ ভতিজা হিচাপে চিনাকি দিছিল । চাহাট খান্নাই দাবী কৰিছিল যে সুকেশে তেওঁৰ সন্মুখত আঁঠু লৈ বিয়াৰ প্ৰস্তাৱ দিছিল । এই দাবীৰ পিছত, সুকেশে কাৰাগাৰৰ পৰা এখন পত্ৰ লিখিছিল আৰু কৈছিল যে তেওঁ ব্যৱসায়ৰ সন্দৰ্ভত চাহাটক লগ পাইছিল আৰু তেওঁ এখন চলচ্চিত্ৰ প্ৰযোজনা প্ৰস্তাৱ সভাৰ বাবে তেওঁক লগ কৰিবলৈ আহিছিল ।

আনহাতে এতিয়া সুকেশে প্ৰস্তাৱ দিয়াৰ দাবী অস্বীকাৰ কৰিছে, তাৰ পিছত এতিয়া তেওঁ চাহাটলৈ এই আইনী জাননী প্ৰেৰণ কৰিছে । যোৱা কেইমাহমানৰ পৰা সুকেশ চন্দ্ৰশেখৰে চিঠিৰ জৰিয়তে কেৱল শিল্পীকে নহয়, ৰাজনীতিবিদকো লক্ষ্য কৰি লৈছে । পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে সুকেশ চন্দ্ৰশেখৰে লেফটেনেণ্ট গভৰ্ণৰ আৰু সংবাদ মাধ্যমলৈ কেইবাখনো পত্ৰ লিখিছিল, দিল্লীৰ মন্ত্ৰী সতীন্দৰ জৈন, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তিহাৰ কাৰাগাৰত বন্দী উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । আনকি আদালতত চলি থকা প্ৰতাৰণা গোচৰৰ শুনানিৰ সময়তো তেওঁ নিজৰ অভিযোগৰ ওপৰত দৃঢ়তাৰে অটল আছিল (Sukesh Chandrasekhar money laundering case)।

লগতে পঢ়ক : Chahatt Khanna reveals Sukesh: সুকেশে মোক তিহাৰ জেলত বিয়াৰ প্ৰস্তাৱ দিছিল: চাহাট খান্না

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.