Salman Khan : পৰিয়াল পৰিকল্পনা সন্দৰ্ভত কি ক’লে ছুপাৰষ্টাৰ ছলমান খানে?

author img

By

Published : Apr 30, 2023, 11:41 AM IST

Salman Khan talks about marriage

বি-টাউনত বিবাহ যোগ্য তালিকাৰ আটাইতকৈ শীৰ্ষত থকা ছুপাৰষ্টাৰ ছলমান খানে শেহতীয়াকৈ উল্লেখ কৰে তেওঁৰ বিবাহৰ পৰিকল্পনাৰ বিষয়ে । ল’ৰা-ছোৱালীৰ প্ৰতি সহজাত আকৰ্ষণ থকা অভিনেতাগৰাকীয়ে মনে মনে পৰিয়াল পৰিকল্পনাও কৰিছে ।

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল : ছলমান খানে শিশুসকলক যে ভাল পায় সেই কথা সকলোৱে জানে ৷ বলিউডৰ চুপাৰষ্টাৰজনক প্ৰায়ে ভতিজী আৰু ভতিজাৰ লগত সময় কটোৱা পৰিলক্ষিত হয় । বৰ্তমানলৈকে বিবাহ বান্ধোনত বান্ধ নোখোৱা দাবাং তাৰকাগৰাকীয়ে আশ্চৰ্যজনকভাৱে এবাৰ নিজৰ সন্তান জন্ম দিয়াৰ কথা ভাবিছিল (Salman Khan marriage)।

শেহতীয়াকৈ ইণ্ডিয়া টিভিৰ আপ কি আদালত শীৰ্ষক এক অনুষ্ঠানত ভাইজানক তেওঁৰ বিবাহৰ পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ কয় যে সেয়া পৰিকল্পনা পত্নীৰ বাবে নহয় বৰঞ্চ সন্তানৰ বাবেহে আছিল বুলি । ইয়াৰ পিচত তেওঁ পুনৰ কয়, ভাৰতীয় আইন অনুসৰি সেয়া সম্ভৱ নহয় । এতিয়া আমি কেনেকৈ, কি কৰা উচিত তাকে ভাবিছো । আমি সকলোৱে জানো যে ছলমানে ল’ৰা-ছোৱালীক কিমান ভাল পায় আৰু তেওঁলোকৰ লগত কিমান ভালদৰে বন্ধন ৰাখে (Actor Salman Khans love for kids) ।

আৰু আমি দেখিছোঁ যে ভাইজানে তেওঁৰ ভতিজা অহিল শৰ্মাক কেনেদৰে মৰম কৰে আৰু প্ৰায়ে তেওঁৰ লগত কেনেদৰে আন্তৰিক সময় কটায় । বিয়া নপতাকৈ দুটি সন্তানৰ পিতৃত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা কৰণ জোহৰ সন্দৰ্ভত ছলমানে কয়, সেইটোৱেই মই কৰিবলৈ চেষ্টা কৰি আছিলো । কিন্তু, সেই আইনখন হয়তো সলনি হৈছে, গতিকে চাওঁ । শিশু মোৰ বৰ ভাল লাগে । কিন্তু মোৰ ল'ৰাটোৰ মাক মোৰ পত্নী হ'ব (Bhaijaan Salman Khan) ।"

ইফালে, ৱৰ্ক ফ্ৰণ্টত শেহতীয়াকৈ ছলমানক দেখা গৈছিল একচন এণ্টাৰটেইনাৰ ছবি কিচি কা ভাই কিছি কি জানত, যিয়ে সমালোচকৰ পৰা নেতিবাচক সমালোচনা লাভ কৰাৰ পিচতো বক্স অফিচত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল । ফাৰহাদ ছামজীৰ নেতৃত্বত নিৰ্মিত এই ছবিখনত অভিনেতা পূজা হেগড়ে, শ্বেহনাজ গিল, পলক তিৱাৰী, সিদ্ধাৰ্থ নিগম, ভেংকটেশ ডাগ্গুবাটি, ভূমিকা চাওলা, ৰাঘৱ জুৱাল আৰু জেছি গিলেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে (kisi ka bhai kisi ki jaan) ।

ইয়াৰ পিচত ছলমানক আগন্তুক একচন থ্ৰিলাৰ ছবি টাইগাৰ-3 ত অভিনেতা কেটৰিনা কাইফৰ সৈতে দেখা যাব । 2023 চনৰ দীপাৱলী উপলক্ষে ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিবলৈ সাজু হৈছে (bollywood actor salman Khan) ।

লগতে পঢ়ক: Arjun Rampal's girlfriend: পুনৰ গৰ্ভৱতী হ’ল অৰ্জুন ৰামপালৰ প্ৰেমিকা, বল্ড আউটফিটত বেবী বাম্পৰ ফটো শ্বেয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.