ETV Bharat / entertainment

কেঞ্চাৰ অস্ত্ৰোপচাৰৰ দাগৰ সৈতে যোগাত্মক ৰূপত অভিনেত্ৰী ছবি মিট্টাল

author img

By

Published : Dec 30, 2022, 1:56 PM IST

Actress Chhavi Mittal
কেঞ্চাৰক পৰাজিত কৰা অভিনেত্ৰী গৰাকী

স্তন কৰ্কট ৰোগত আক্ৰান্ত হৈছিল টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী ছবি মিট্টাল ৷ শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে ডুবাইৰ পৰা শ্বেয়াৰ কৰা ফটোসমূহত তেওঁক কেন্সাৰ অস্ত্ৰোপচাৰৰ দাগ আকোঁৱালি লোৱা দেখা গৈছে ।

চিটাৰা ডেস্ক, 30 ডিচেম্বৰ : চলিত বৰ্ষৰ আৰম্ভণিতে স্তন কেন্সাৰ ধৰা পৰিছিল টিভি জগতৰ অভিনেত্ৰী ছবি মিট্টালৰ ৷ শক্তিশালী মনৰ অধিকাৰী অভিনেত্ৰী গৰাকীয়ে অস্ত্ৰোপচাৰ কৰাৰ পিছত থকা দাগৰে সৈতে ফটো শ্বেয়াৰ কৰি জনাইছিল তেওঁ এই মাৰাত্মক বেমাৰলৈ কেৰেপ নকৰে ৷ অভিনেত্ৰী ছবি মিট্টলে ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ সৈতে পুনৰ নতুন ছবি শ্বেয়াৰ কৰিছে ডুবাইৰ পৰা য’ত তেওঁক অস্ত্ৰোপচাৰৰ দাগ আকোঁৱালি লোৱা দেখা গৈছে ৷

নৱবৰ্ষৰ আগতে ছবি মিট্টাল ফুৰিবলৈ গৈছে ডুবাইলৈ ৷ ছবিয়ে শ্বেয়াৰ কৰা এই ফটোসমূহ তেওঁক বগা চুইমৱেৰ পিন্ধি থকা দেখা গৈছে । চুইমৱেৰত তেওঁৰ পিঠিৰ সোঁফালে থকা দাগটো দেখা গৈছে । ফটোসমূহ শ্বেয়াৰ কৰি কেপছনত অভিনেত্ৰী গৰাকীয়ে লিখিছে, "এই বছৰ মই এইটোৱেই উপাৰ্জন কৰিলোঁ । এটা নতুন জীৱন । এটা ভাল জীৱন। এটা শক্তিশালী জীৱন" ৷

ছবি মিট্টালে পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে অনুৰাগীসকলে অভিনেত্ৰী গৰাকীক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে । "আপুনি ভিতৰে-বাহিৰে ধুনীয়া ! কোনেনো এই দাগ দেখিব বা দেখা পালেও কোনে গুৰুত্ব দিব ! ঠিকেই আছে"!, এজন ব্যৱহাৰকাৰীয়ে মন্তব্যই দিছিল এইদৰে ৷ আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "মই আপোনাৰ দাগ আৰু দৃঢ় সংকল্পৰ শক্তি ভাল পাওঁ" ৷

ডুবাইত বন্ধ উদযাপন কৰি থকা সময়ত ছবি মিট্টালে এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছিল । ভিডিঅ'টোৰ কেপছনত লিখিছিল, "অন্তিম দিনটো #ডুবাইত" ৷

এপ্ৰিল মাহত স্তন কৰ্কট ৰোগ ধৰা পৰাৰ পিছতে অভিনেত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । অস্ত্ৰোপচাৰৰ পিছত তেওঁ নিজৰ আৰোগ্য হোৱাৰ যাত্ৰাক ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰি আহিছে ।

‘তুম্হাৰী দিশ’ আৰু ‘এক চুটকী আছমা’ৰ দৰে শ্ব’ত কৰা অভিনয়ৰ বাবে ছবি মিট্টালক প্ৰশংসা কৰা হয় । তেওঁ ঈশা কপ্পিকাৰ আৰু চনু সুদ অভিনীত চলচ্চিত্ৰ 'এক বিবাহ...এইছা ভি' তো অভিনয় কৰিছিল ।

লগতে পঢ়ক : ৰাধিকা মদনৰ ষ্টাইল ষ্টেটমেণ্ট চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.