ETV Bharat / entertainment

পংকজ ত্ৰিপাঠীৰ পৰা উৰ্বশী ৰাউটেলালৈ চলচ্চিত্ৰ তাৰকাৰ মাজত দেখা গৈছে বিশ্বকাপৰ উন্মাদনা

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 12:59 PM IST

Updated : Nov 19, 2023, 1:37 PM IST

World Cup 2023 Final: বিশ্বকাপৰ ফাইনেল সন্দৰ্ভত বলীউডত দেখা গৈছে এক আচৰিত উন্মাদনা । চেলিব্ৰিটিসকলে টিম ইণ্ডিয়ালৈ প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা । সনু ছুদে ক’লে যে জয় নিশ্চিত ৷

World Cup 2023 Final:  From Anupam Kher to Pankaj Tripathi celebs excited to watch India vs Austrail match
বিশ্বকাপ সন্দৰ্ভত চলচ্চিত্ৰ তাৰকাৰ মাজতো দেখা পোৱা গৈছে উৎসুকতা

চিটাৰা ডেস্ক, ১৯ নৱেম্বৰ : ১৯ নৱেম্বৰত অৰ্থাৎ আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ অন্তিমখন খেল । আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন । এনে পৰিস্থিতিত সমগ্ৰ দেশতে এই মেচখনক লৈ যথেষ্ট উন্মাদনা দেখা গৈছে ।

বিশ্বকাপক লৈ চলচ্চিত্ৰ তাৰকাৰ মাজতো দেখা পোৱা গৈছে উৎসুকতা

মেচখনৰ বাবে এক আচৰিত উন্মাদনা দেখা পোৱা গৈছে চলচ্চিত্ৰ জগততো । হয়, চেলিব্ৰিটিসকলে অবিৰতভাৱে টিম ইণ্ডিয়াক জনাইছে শুভেচ্ছা ।

সনু ছুদে ক’লে জয় নিশ্চিত

শেহতীয়াকৈ বলীউডৰ অভিনেতা সনু ছুদে সংবাদ সংস্থা ANI ক কয় যে, ‘‘মই আগতীয়াকৈ টিম ইণ্ডিয়াক অভিনন্দন জনাব বিচাৰিছো । যেতিয়া দলত ইমানবোৰ ডাঙৰ ডাঙৰ খেলুৱৈ থাকে তেতিয়া জয় নিশ্চিত । সমগ্ৰ দেশে টিম ইণ্ডিয়াৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰিছে আৰু কোনোবাই যেতিয়া হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰে তেতিয়া তেওঁৰ প্ৰাৰ্থনা নিশ্চিতভাৱে পূৰ্ণ হয় । সকলোৰে শুভেচ্ছা টিম ইণ্ডিয়াৰ লগত আছে’’ ।

উৰ্বশী ৰাউটেলাইও জনালে অভিনন্দন

উৰ্বশী ৰাউটেলাইও মেচখনক লৈ প্ৰকাশ কৰিলে নিজৰ মনৰ আনন্দ । অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘মই অতিশয় উৎসাহিত আৰু মই জানো যে টিম ইণ্ডিয়াই নিশ্চিতভাৱে ট্ৰফী লৈ আহিব’’ । ইফালে মেচ চাবলৈ পুৱাই আহমেদাবাদত উপস্থিত হৈছে উৰ্বশী ৰাউটেলা ।

ৰবীনা টেণ্ডনেও টিম ইণ্ডিয়াক জনালে অভিনন্দন । অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘অল দ্য বেষ্ট টিম ইণ্ডিয়া । লেহৰা দুটা ত্ৰিৰংগা । জয় হিন্দ জয় ভাৰত’’ ৷ ইফালে পুলকিত সম্ৰাটে ক’লে আজি ৰাষ্ট্ৰীয় বন্ধ আৰু নিশা সমগ্ৰ দেশে টিম ইণ্ডিয়াৰ বিজয় উদযাপন কৰিব । আমাৰ প্ৰাৰ্থনা টিম ইণ্ডিয়াৰ সৈতে ।

পংকজ ত্ৰিপাঠীয়ে ভিডিঅ’ শ্বেয়াৰ কৰি কয়, "টিম ইণ্ডিয়াৰ সকলো খেলুৱৈলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনালো । আপোনালোকে ভাল খেলে, জয়ী হয় আৰু আমাক আপোনালোকৰ বাবে গৌৰৱ কৰাৰ বহু সুযোগ দিয়ে’’ ।

অভিনেতা অনুপম খেৰেও ভিডিঅ’ বাৰ্তাযোগে মেন ইন ব্লুৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি কয়, "আজি ভাৰত বনাম অষ্ট্ৰেলিয়াৰ ফাইনেল । ভাৰতৰ জয় সমগ্ৰ বিশ্বতে শুনা যাব । আমি ১০০ শতাংশ জয়ী হ'ম’’ ।

লগতে পঢ়ক: কোনে আজুৰিব 2023 বৰ্ষৰ বিশ্ব চেম্পিয়নৰ খিতাপ ?

Last Updated :Nov 19, 2023, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.