ETV Bharat / entertainment

Oscar 2022 Will Smith Chris Rock incident: ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে উইল স্মিথে

author img

By

Published : Mar 29, 2022, 4:33 PM IST

Updated : Sep 22, 2022, 8:47 PM IST

Oscar 2022 Will Smith Chris Rock incident
ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে উইল স্মিথে

অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকক চৰ মাৰি নিজৰ এই আচৰণৰ বাবে অনুতপ্ত হৈ পৰিল উইল স্মিথ (Oscar 2022 Will Smith Chris Rock incident) ৷ ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে তাৰকাজনে ৷

চিটাৰা ডেস্ক, 29 মাৰ্চ: অস্কাৰ ২০২২ ৰ 94 তম সংস্কৰণ বঁটা প্ৰদান অনুষ্ঠানত এক অনাকাংক্ষিত ঘটনাৰ সাক্ষী হৈ ৰ’ল দৰ্শকসকল ৷ অস্কাৰৰ মঞ্চত জনপ্ৰিয় অভিনেতা উইল স্মিথৰ আচৰণে আচৰিত কৰি তুলিছিল উপস্থিত দৰ্শকবৃন্দক ৷ কৌতুক অভিনেতা ক্ৰিছ ৰকক মঞ্চতেই অপদস্থ কৰি বৰ্তমানে বাতৰিৰ শিৰোনাম দখল কৰি আছে উইল স্মিথে (Oscar 2022 Will Smith Chris Rock incident) ৷

একাডেমী অফ মোচন পিকচাৰ্ছ আৰ্টছ এণ্ড চাইন্সে স্মিথৰ এই আচৰণক গৰিহণা দিছে লগতে তদন্তৰ কথাও ঘোষণা কৰিছে ৷ দৰাচলতে কৌতুক অভিনেতা ক্ৰিছ ৰকে উইল স্মিথৰ পত্নীক লৈ কৰিছিল এক ব্যংগাত্মক মন্তব্য ৷ এলোপেচিয়াত আক্ৰান্ত উইলৰ পত্নীৰ তপা ৰূপটোকলৈ কৰা কৌতুক হজম কৰিব নোৱাৰিলে স্বামীয়ে ৷ বহি থকা আসনৰ পৰা উঠি গৈ মঞ্চতেই শোধাই থৈ আহিলগৈ এটা চৰ!(Smith slaps Rock)

এতিয়া দেশজুৰি চৰ্চা হৈছে এই ঘটনাৰ ৷ কোনোৱে যদি উইলক সমৰ্থন কৰিছে আন কোনোৱে আকৌ সমৰ্থন আগবঢ়াইছে ক্ৰিছ ৰকলৈ ৷ ঘটনাটোৰ পিছদিনা উইল স্মিথে নিজৰ ইন্ষ্টাগ্ৰামৰ জৰিয়তে ক্ৰিছ ৰকৰ নাম উত্থাপন কৰি প্ৰেৰণ কৰিলে এক বাৰ্তা (Will Smith latest instagram post) ৷ বাৰ্তাটোত তেওঁ লিখে যে, "হিংসাৰ প্ৰতিটো প্ৰকাৰেই ধ্বংসকাৰী ৷ যোৱানিশাৰ অনুষ্ঠানটোত মোৰ ব্যৱহাৰ গ্ৰহণযোগ্য নাছিল ৷ কৌতুক এটা পেছা, কিন্তু মোৰ পত্নী জাডাৰ স্বাস্থ্যজনিত কথাক লৈ কৰা কৌতুকক মোৰ সহ্য সীমাৰ বাহিৰত আৰু মই আৱেগিক হৈ পৰিছিলো ৷ মই আপোনাৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছো ক্ৰিছ, মই ভুল কৰিছিলো, মই মোৰ কামৰ বাবে লজ্জিত ৷ মোৰ কামটোৱে প্ৰকাশ কৰা মানুহজন আচলতে মই নহয় ৷ প্ৰেম আৰু দয়াৰ পৃথিৱীত হিংসাৰ কোনো স্থান নাই" ।

৫৩ বছৰীয়া অভিনেতাজনে চলচ্চিত্ৰ একাডেমী, সম্প্ৰচাৰৰ প্ৰযোজক, অংশগ্ৰহণকাৰী, দৰ্শক আৰু উইলিয়ামছ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছিল । দেওবাৰে অনুষ্ঠিত অস্কাৰৰ বঁটা বিতৰণী অনুষ্ঠানত 'কিং ৰিচাৰ্ড' ছবিখনৰ বাবে স্মিথক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছিল ।

oscar
অনুতপ্ত হৈ পৰিল উইল স্মিথ

ক্ৰিছ ৰকে কৌতুকটোৰে উইল স্মিথৰ পত্নীৰ তপা মূৰটোকলৈ উপহাস কৰিছিল ৷ জাডা পিংকেট স্মিথে পূৰ্বতে এলোপেচিয়াৰ সৈতে তেওঁৰ সংগ্ৰামৰ কথা অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছিল ৷ এলোপেচিয়াৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি থকা পত্নীক লৈ এনে ধেমালি কোনোপধ্যে গ্ৰহণ কৰিব নোৱাৰিলে স্মিথে ৷ কৌতুক অভিনেতাজনক চৰ মাৰি পুনৰ সকীয়নী দিছিল জাডাৰ নাম মুখত ন’লবলৈ ৷ স্মিথৰ চিঞৰ ডলবী থিয়েটাৰত সকলোৱে শুনাকৈ প্ৰতিধ্বনিত হৈছিল ৷

oscar
পৰিয়ালৰে সৈতে স্মিথ

ঘটনাটো ঘটাৰ প্ৰায় আধা ঘণ্টাৰ ভিতৰতেই উইলে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ৷ তাত উপস্থিত কেইবাজনো লেখক, প্ৰযোজকে স্মিথৰ বিৰুদ্ধে একাডেমীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই ৷ তেওঁলোকে স্মিথে একাডেমীৰ নাম বদনাম কৰিছে বুলিও অভিযোগ আনে ৷ আনহাতে আৱেগিক হৈ পৰা স্মিথৰ কাষলৈয়ো আহিল বহুকেইজন তাৰকা ৷ চাওঁক ফটো-

লগতে পঢ়ক: Oscar 2022 updates: অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানত চৰ পৰিল ক্ৰিছ ৰকৰ গালত

Last Updated :Sep 22, 2022, 8:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.