ETV Bharat / entertainment

ৰণবীৰ কাপুৰৰ পিচত এইবাৰ বিকি কৌশলৰ সৈতে ৰোমান্স কৰিব তৃপ্তি ডিমৰীয়ে, ভাইৰেল ফটো

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 1:46 PM IST

Vicky Kaushal-Tripti Dimri Film: ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিকি কৌশল আৰু তৃপ্তি ডিমৰীৰ ছবিৰ ৰোমান্টিক গীতৰ কিছু ফটো । দৰাচলতে অতি সোনকালেই বিকি কৌশল আৰু তৃপ্তি ডিমৰীক এখন ৰোমান্টিক-কমেডী ছবিত দেখা যাব ৷

Vicky Kaushal and Triptii Dimris pictures viral in Social media from a rom-com movie
বিকি কৌশল আৰু তৃপ্তি ডিমৰীৰ ছবি

চিটাৰা ডেস্ক, ১৩ ডিচেম্বৰ: সদ্য মুক্তি পোৱা ছবি ‘এনিমেল’ৰ জৰিয়তে সৰ্বাধিক শিৰোনাম দখল কৰিছে তৃপ্তি ডিমৰীয়ে । সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ছবিখনত ৰণবীৰ কাপুৰৰ সৈতে তেওঁৰ সৰলতা আৰু কেমিষ্ট্ৰী সকলোৱে ভাল পাইছে । আনকি এই ছবিখনৰ বাবে নিশাটোৰ ভিতৰতে তেওঁ নেশ্যনেল ক্ৰাশলৈ পৰিণত হয় ৷ এতিয়া এনিমেল ছবিখনৰ সফলতাৰ পিচত আন এজন অভিনেতাৰ সৈতে পৰ্দাত ৰোমান্স কৰা দেখা যাব কৰা দেখা তৃপ্তিক ৷ হয়, অতি সোনকালেই ছেম বাহাদুৰৰ অভিনেতা বিকি কৌশলৰ সৈতে পৰ্দাত ৰোমান্স কৰা দেখা যাব তৃপ্তিক ।

ভাইৰেল হৈ পৰিছে বিকি-তৃপ্তিৰ গীতৰ ফটো

বিকি কৌশল আৰু তৃপ্তি ডিমৰীক অতি সোনকালেই এখন ৰোমান্টিক-কমেডী ছবিত দেখা যাব, এই ছবিখন পৰিচালনা কৰিব বন্দীছ বেণ্ডিটছৰ খ্যাত পৰিচালক আনন্দ তিৱাৰীয়ে । যোৱা বছৰ দুয়োগৰাকী তাৰকা ক্ৰ’ৱেচিয়াত আছিল য’ত তেওঁলোকে ছবিখনৰ বাবে এটা ৰোমান্টিক গীতৰ শ্বুটিং কৰিছিল । গীতটিৰ শ্বুটিঙৰ পৰা লিক হোৱা কেইবাখনো ফটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । লিক হোৱা ফটোত বিকি কৌশলে গীতটোৰ শ্বুটিঙৰ সময়ত তৃপ্তিৰ সৈতে ৰোমান্স কৰা দেখা গৈছে । এখন ফটোত অভিনেতাগৰাকীয়ে কোলাত তুলি লোৱা দেখা গৈছে এনিমেল তাৰকাগৰাকীক ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিকি কৌশল আৰু তৃপ্তিৰ ভাইৰেল হোৱা ফটোখন তেওঁলোকৰ ছবি ‘মেৰে মেহবুব মেৰে সনম’ৰ এটা গীতৰ । এই গীতটি পৰিচালনা কৰিছে ফাৰাহ খানে । এই ছবিখন ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পাব ।

এনিমেলত ৰণবীৰৰ সৈতে তৃপ্তিৰ আছিল অন্তৰংগ দৃশ্য

বৰ্তমান ‘এনিমেল’ৰ সফলতা উপভোগ কৰি আছে তৃপ্তি ডিমৰীয়ে । এই ছবিখনত ৰণবীৰ কাপুৰৰ সৈতে তেওঁৰ অন্তৰংগ দৃশ্যৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তৃপ্তিয়ে প্ৰকাশ কৰিছিল যে পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই তেওঁক ছবিখনৰ শ্বুটিঙৰ সময়ত অন্তৰংগ দৃশ্যসমূহৰ বিষয়ে “স্পষ্টভাৱে” জনাইছিল । তৃপ্তিয়ে কয়, ‘‘সন্দীপ ছাৰে এই দৃশ্যবোৰ কৰিবলৈ মোক এটা সুন্দৰ আৰু আৰামদায়ক পৰিৱেশ দিছিল ।’’

এই দৃশ্যসমূহৰ বাবে গ্ৰীণ চিগনেল দিয়াৰ বাবে কিছু সময় লাগিছিল বুলিও প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে । তৃপ্তিয়ে লগতে প্ৰকাশ কৰে যে যেতিয়া অন্তৰংগ দৃশ্যটো শ্বুট কৰা হৈছিল তেতিয়া সমগ্ৰ চেটটো বন্ধ হৈ আছিল । মাত্ৰ চাৰিজন লোককহে অনুমতি দিয়া হৈছিল আৰু তেওঁক আৰামদায়ক অনুভৱ কৰাবলৈ মনিটৰবোৰো আনকি বন্ধ কৰি দিয়া হৈছিল ।

লগতে পঢ়ক: মুক্তিৰ ১২ দিনত দংগল, গদৰ ২ৰ অভিলেখ ভংগ কৰিলে এনিমেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.